ভাৰতীয় নাৰীৰ কপালৰ সেন্দুৰৰ উচিত মূল্য দিছে অপাৰেচন সিন্দুৰে - দিলীপ শইকীয়া
গুৱাহাটী, ১২ মে’ (হি.স.)। অপাৰেচন সিন্দূৰৰ জৰিয়তে পাকিস্তান আৰু পাকিস্তান চৰকাৰৰ পৃষ্ঠপোষকতাত লালিত-পালিত সন্ত্ৰাসবাদী সংগঠন যিয়ে ভাৰতীয় নাৰীৰ কপালৰ সিন্দূৰ মচিছিল সেই সকলে উচিত শিক্ষা পাইছে। “অপাৰেচন সিন্দুৰ” আমাৰ বাবে কেৱল এক সামৰিক পদক্ষেপ নহয়
বিজেপিৰ দলীয় পতাকা


গুৱাহাটী, ১২ মে’ (হি.স.)। অপাৰেচন সিন্দূৰৰ জৰিয়তে পাকিস্তান আৰু পাকিস্তান চৰকাৰৰ পৃষ্ঠপোষকতাত লালিত-পালিত সন্ত্ৰাসবাদী সংগঠন যিয়ে ভাৰতীয় নাৰীৰ কপালৰ সিন্দূৰ মচিছিল সেই সকলে উচিত শিক্ষা পাইছে। “অপাৰেচন সিন্দুৰ” আমাৰ বাবে কেৱল এক সামৰিক পদক্ষেপ নহয়, দেশৰ সামাজিক, ৰাজনৈতিক আৰু কৌশলগত ইচ্ছাৰ প্ৰতীক৷ এই মন্তব্য ভাৰতীয় জনতা পাৰ্টিৰ অসম প্রদেশৰ সভাপতি দিলীপ শইকীয়াৰ। লগতে সভাপতি শইকীয়াই কয় যে ভাৰতীয় সেনাই পাক-অধিকৃত কাশ্মীৰ আৰু পাকিস্তানৰ ভৃখণ্ডত গৈ চলোৱা অভিযানৰ মুল লক্ষ্য আছিল সন্ত্ৰাসবাদী নিধন কৰা আৰু সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক পাকিস্তানক সমুচিত প্ৰত্যুত্তৰ দিয়া সাধাৰণ নাগৰিকক ক্ষতি কৰা নহয়।

শইকীয়াই কয়, জন্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে চলোৱা ঘৃণনীয় হত্যাকাণ্ডৰ প্রতিশোধকল্পে অপাৰেচন সিন্দূৰক সন্মুখৰ পৰা নেতৃত্ব দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পেহেলগামত ঘৃণনীয় হত্যাকাণ্ডৰ সংঘটিত হোৱা সময়ত বিদেশ ভ্ৰমণত ব্ৰতী থকা প্রধানমন্ত্ৰীয়ে বিদেশ ভ্ৰমণ কৰ্তন কৰি ভাৰতলৈ উভতি আহি সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰে। মোদী চৰকাৰে তাৎক্ষণিক পৰিকল্পনা আৰু নিৰ্ণায়ক সিদ্ধান্ত গ্ৰহণ কৰি পেহেলগামৰ বৰ্বৰ ঘটনাৰ পিছতে ভাৰতে বন্ধ কৰি দিয়ে পাকিস্থানলৈ বৈ থকা সিন্ধু নৈৰ পানী। ভাৰত-পাকিস্তানৰ সম্পূৰ্ণ বাণিজ্যিক বন্ধ। আনহাতে চৰকাৰে কাৰো হেঁচাত পৰি যুদ্ধ বিৰতি ঘোষণা কৰা নাই। এই যুদ্ধ বিৰতি ৰাষ্ট্ৰ হিত আৰু জনতাৰ কল্যানৰ কথা চিন্তা কৰিহে লোৱা হৈছে।

যুদ্ধ বিৰতি এক বুজা বুজিহে কোনো লিখিত চুক্তি নহয়। ৰাষ্ট্ৰহিতৰ স্বাৰ্থত পাকিস্তানৰ লগত যুদ্ধবিৰতি ঘোষণা কৰিলেও সন্ত্ৰাসবাদৰ বিৰুদ্ধে “অপাৰেচন সিন্দূৰ” কেন্দ্ৰই প্রত্যাহাৰ কৰা নাই। বৰং আমাৰ প্ৰতিৰক্ষা বাহিনীয়ে মা ভাৰতীৰ ওপৰত কৰিব খোজা যি কোনো আক্ৰমন সাহসেৰে যথোচিত প্ৰত্যুত্তৰ দিবলৈ সদা প্রস্তুত, সদা জাগ্ৰত। শইকীয়াই কয় যে ভাৰতে সচকিতে ৭ মে’ৰ মাজনিশা আৰম্ভ কৰা অপাৰেচন সিন্দুৰে পাকিস্তানৰ ৯ টা সন্ত্ৰাসৱাদী ঘাটি ধ্বংস কৰিছে। ভাৰতৰ বায়ু সেনাই ১০ টাতকৈও অধিক পাকিস্তানৰ বায়ুসেনা কেন্দ্ৰ ধ্বংস কৰিছে। পাকিস্থানে ভাৰতক আক্ৰমণ কৰাৰ বাবে ব্যৱহাৰ কৰা ড্ৰোণ, ইউ এ ডি, ইউ চি এ ডি আদিকে ধৰি সকলো চেষ্টা ভৰতীয় সেনাই ব্যৰ্থ কৰি পেলাবলৈ সক্ষম হৈছে।

বিশ্বৰ বিভিন্ন দেশৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতে। বিশেষকৈ আমেৰিকা, জাপান, জাৰ্মানী, ৰাছিয়া, ফ্ৰান্স, ইজৰাইলকে ধৰি বিশ্বৰ প্রায়বোৰ শক্তিশালী দেশৰে ভাৰতক সমৰ্থন। ইফালে ভাৰতৰ আই চি-৮১৪ বিমানৰ অপহৰণকাৰী ইউছুফ আজাহাৰৰ মৃত্যু।

লস্কৰ-ই-তৈবাৰ শীৰ্ষ পৰ্যায়ৰ কামাণ্ডাৰ আব্দুল মালিক ৰৌফৰ মৃত্যু। দুৰ্ধৰ্ষ সম্তাসবাদী মুদাশ্বিৰ আহমেদকে ধৰি বহুতো সন্ত্ৰাসবাদীক নিহত। ২০০৮ চনত মুম্বাই সন্তাসবাদী ঘটনাৰ নায়ক মুদাচৰ খাদিয়ান খাচৰ মৃত্যু। জন্মু-কাশ্মীৰত বহু উগ্ৰপন্থী ঘটনা সংঘটিত কৰা আবু আকাছা খালিদৰ মৃত্যু।

ভাৰত আৰু আমেৰিকাত নিষিদ্ধ ঘোষণা কৰা সন্ত্ৰাসবাদী হাফিজ মহম্মদ জামিল, হাছান খান আৰু মুদাচীৰ আহমেদৰ মৃত্যু হয় ভাৰতৰ আক্ৰমণত। ইফালে পাকিস্তানৰ সীমাত সোমাই পাকিস্তানক আক্ৰমণ কৰে ভাৰতীয় সেনাই। পাকিস্তানৰ ৰাৱালপিণ্ডিৰ নূৰ খান বাযুসেনা কেন্দ্ৰ ধ্ৱংস। ইছালামাবদৰ আটাইকৈ নিকটবতী বায়ু সেনা কেন্দ্ৰ নূৰ খান যৰ পৰা পাকিস্তানৰ সকলো উচ্চস্তৰীয় ভি.আই.পি আৰু সেনা লজিষ্টিক সম্বন্বয় আৰু নিয়ন্ত্ৰক হিচাপে ব্যৱহৃত হয়।

পাকিস্তানৰ বায়ু সেনাৰ ঘাটি ৰাফিকী (শৰকোট) বিমানঘাটি ধ্বংস। ইছলামাবাদৰ পৰা ৩৩৭ কিঃমিঃ দূৰত্বত অৱস্থিত এই বিমানবন্দৰ বায়ু সেনা বিমানৰ জৰুৰী অৱতৰণ (লেণ্ডিং) কৰাৰ উপৰিও বায়ু সেনা বিমানৰ মেৰামতিৰ কেন্দ্ৰ হিচাপে ব্যৱহৃত হয়।

পাকিস্তানৰ পঞ্জাৱৰ মুৰিদ বিমান ঘাটি ধ্বংস পাকিস্তানৰ বাবে এক মোক্ষম আঘাট। পাকিস্তানে এই মুৰিদ বিমান ঘাটিক পাইলট প্ৰশিক্ষণ কেন্দ্ৰ আৰু মিছাইল সংৰক্ষণ কেন্দ্ৰৰূপে ব্যৱহাৰ কৰিছিল। শুকুৰ বায়ু সেনা ঘাটি ধ্বংস। এই শুকুৰ বিমানঘাটিক পাকিস্তানে সিন্দ আৰু বেলুচিস্থানলৈ সেনা বাহিনী আৰু সামৰিক সামগ্ৰী পৰিবহনৰ ঘাটি হিচাপে ব্যৱহাৰ কৰিছিল।

ভাৰতৰ বায়ুসেনাই ধ্বংস কৰা অন্য এক বিমানঘাটি হৈছে শিয়ালকোট বিমানবন্দৰ। শিয়ালকোট বিমানঘাটিৰ পৰাই ৰচিত হৈছিল ভাৰতৰ কাশ্মীৰ আৰু পাঞ্জাৱত সংঘটিত কুটাঘাটমূলক অভিসন্ধিসমূহ। আকাৰত সৰু হলেও পাকিস্তানৰ পঞ্জাৱ অধিস্থিত গাছৰুৰ বিমানবন্দৰ পাকিস্তান বায়ু সেনাৰ বাবে কুট-কৌশল ৰচনা কৰি শীঘে সিদ্ধান্তত উপনিত হবৰ বাবে ব্যৱহাৰ কৰা বিমান ঘাটি। পাকিস্তানৰ চৰগোধা বায়ু সেনা ঘাটি ধ্বংস ভাৰতৰ বাবে আছিল মাষ্টাৰ ষ্টোক। চৰগোধা বিমানঘাটি হৈছে মৃত্যু পৰ্যন্ত যুদ্ধ কৰাৰ বাবে সৈনিক প্রস্তুত কৰা (কমবেট কামাণ্ডাৰচ) স্কুল, পাৰমাণৱিক সামগ্ৰী ব্যৱহাৰৰ কেন্দ্ৰ স্থল আৰু যুজাৰু বিমানৰ একগোট কৰা কেন্দ্ৰস্থল।

ভাৰতৰ দ্বাৰা গিলগিট বেলুচিস্তান অৱস্থিত স্কাৰদু বিমানঘাটি ধংস চীন আৰু পাকিস্তানৰ সংযোগ বিচিন্ন কৰাৰ লগতে লজিষ্টিক সংযোগকো বিঘ্নিত কৰিছে। পাকিস্তান কৰাচিৰ ভোলাৰি বায়ু সেনা ঘাটি ধ্বংসই পাকিস্তানৰ নৌ সেনাক বায়ু সেনাৰ সৈতে সংযোগ বিচিন্ন কৰিছে।

পাকিস্তানৰ সিন্দ-গুলিস্তানৰ অধ্যুষিত জেকবাবাদ বিমানঘাটি ভাৰতীয় সেনা বাহিনীৰ দ্বাৰা ধ্বংসই পশ্চিম পাকিস্তানক পাকিস্তানৰ পৰা বিচিন্ন কৰিছে। শইকীয়াই তথ্য সদৰী কৰি লগতে কয় যে পাকিস্তানৰ বায়ুসেনাৰ সা-সামগ্ৰী আৰু বেষ্টনীৰ ক্ষতি হৈছে ভাৰতৰ আক্ৰমণত।

তেওঁ কয়, ভাৰতে কেৱল পাকিস্তানৰ বিমান ঘাটি ধংস কৰাই নহয় পাকিস্তানৰ বায়ু, সামৰিক আৰু নৌ সেনাক আগতিয়াকৈ তথ্য প্রদান কৰা ৰাডাৰ আৰু সহযোগী কেন্দ্ৰ সমূহকো ধ্বংস কৰিছে। চুনিয়ানৰ ৰাডাৰ সমৰ্থন ব্যৱস্থাক সম্পূৰ্ণৰূপে ধ্বংস কৰি ভাৰতৰ বায়ু সেনাৰ জাহাজক শত্ৰু পক্ষৰ শিৱিৰত প্রৱেশ কৰি ধ্বংস কৰাত সহায়ক হৈছে।

ভাৰতীয় নাৰীৰ কপালৰ সিন্দূৰ মচা সীমান্তৰ সিপাৰে থকা সন্ত্ৰাসবাদী তথা সন্থাসবাদক “ভূ-স্বৰ্গ”লৈ উত্তৰণ কৰা পাকিস্তানো যে নিৰাপদ নহয় তাকে প্রতীয়মান কৰিছে ভাৰতৰ “অপাৰেচন সিন্দূৰে” বুলি মন্তব্য কৰে প্রদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande