গুৱাহাটী, ০৭ এপ্ৰিল (হি.স.)। উত্তৰ-পূব সীমান্ত ৰেলৱেত, ২০২৫ বৰ্ষৰ আগন্তুক গ্ৰীষ্মৰ বতৰত যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ বাবে আৰু চাৰি যোৰ (০৪) গ্ৰীষ্মকালীন বিশেষ ৰেল পৰিচালন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই ৰে'ল সমূহ ৮ এপ্ৰিলৰ পৰা ৩ মে লৈ এছএমভিটি বেঙ্গালুৰু-নাৰেংগী ষ্টেচনৰ মাজত, ১২ এপ্ৰিলৰ পৰা ৩০ জুনলৈ ডিব্ৰুগড়-কলকাতা ষ্টেচনৰ মাজত, ৯ এপ্ৰিলৰ পৰা ৩ মেলৈ এছএছএছ হুব্বালি-কাটিহাৰ ষ্টেচনৰ মাজত আৰু ১০ এপ্ৰিলৰ পৰা ২৭ জুন, ২০২৫ লৈ শিলচৰ-কলকাতা ষ্টেচনৰ মাজত চলাচল কৰিব।
বিশেষ ৰেল নং ০৬৫৫৯ (এছএমভিটিবেংগালুৰু – নাৰেংগী)গ্ৰীষ্মকালীন বিশেষ ৮ এপ্ৰিল, ২০২৫ (মঙলবাৰে)তাৰিখে ২৩:৪০ বজাত এছএমভিটি বেঙ্গালুৰুৰ পৰা প্ৰস্থান কৰি শুক্ৰবাৰে ৫:০০ বজাত নাৰেংগীত গৈ উপস্থিত হব।একেদৰে, ৰেল নং ০৬৫৬০ (নাৰেংগী - এছএমভিটিবেংগালুৰু)গ্ৰীষ্মকালীন বিশেষ ১২ এপ্ৰিল, ২০২৫ (শনিবাৰ)তাৰিখে ০৫:৩০ বজাত নাৰেংগীৰ পৰা যাত্ৰা কৰি সোমবাৰে ০৯:৪৫ বজাত এছএমভিটি বেংগালুৰুত গৈ উপস্থিত হ'ব।দুয়োখন ৰেল ০৪ টা ট্ৰিপৰ বাবে চলাচল কৰিব।
বিশেষ ৰেল নং ০৫৯৩২ (ডিব্ৰুগড়- কলকাতা) গ্ৰীষ্মকালীন বিশেষ ১২এপ্ৰিল, ২০২৫ (শনিবাৰে) ১৭:২০বজাত ডিব্ৰুগড়ৰ পৰা প্ৰস্থান কৰি সোমবাৰে ০০:৩০বজাত কলকাতাত গৈ উপস্থিতহব। একেদৰে, ৰেল নং ০৫৯৩১ (কলকাতা- ডিব্ৰুগড়) গ্ৰীষ্মকালীন বিশেষ ১৪এপ্ৰিল, ২০২৫ (সোমবাৰে) ০২:৩০বজাত কলকাতাৰ পৰা প্ৰস্থান কৰি মঙলবাৰে ০৬:৩০বজাত ডিব্ৰুগড়ত গৈ উপস্থিতহব। উভয় ৰেল ১২ টা ট্ৰিপৰ বাবে চলাচল কৰিব।
বিশেষ ৰেল নং ০৭৩২৫ (এছএছএছ হুব্বালি - কাটিহাৰ) গ্ৰীষ্মকালীন বিশেষ ৯এপ্ৰিল, ২০২৫ (বুধবাৰে) ১৫:১৫বজাত হুব্বালিৰ পৰা প্ৰস্থান কৰি শুক্ৰবাৰে ১৩:০০বজাত কাটিহাৰত গৈ উপস্থিতহব। একেদৰে, ৰেল নং ০৭৩২৬ (কাটিহাৰ - এছএছএছ হুব্বালি) গ্ৰীষ্মকালীন বিশেষ ১২এপ্ৰিল, ২০২৫ (শনিবাৰে) ১৪:৩০বজাত কাটিহাৰৰ পৰা প্ৰস্থান কৰি সোমবাৰে ১০:৫০বজাত হুব্বালিত গৈ উপস্থিতহব। উভয় ৰেল ০৪ টা ট্ৰিপৰ বাবে চলাচল কৰিব।
বিশেষ ৰেল নং ০৫৬৩৯ (শিলচৰ- কলকাতা) গ্ৰীষ্মকালীন বিশেষ ১০এপ্ৰিল, ২০২৫ (বৃহস্পতিবাৰে) ০৫:০০বজাত শিলচৰৰ পৰা প্ৰস্থান কৰি শুক্ৰবাৰে ১২:০৫বজাত কলকাতাত গৈ উপস্থিতহব। একেদৰে, ৰেল নং ০৫৬৪০ (কলকাতা- শিলচৰ) গ্ৰীষ্মকালীন বিশেষ ১১এপ্ৰিল, ২০২৫ (শুক্ৰবাৰে) ১৩:১৫বজাত কলকাতাৰ পৰা প্ৰস্থান কৰি শনিবাৰে ২৩:৫০ বজাত শিলচৰত গৈ উপস্থিতহব। দুয়োখন ৰেল ১২ টা ট্ৰিপৰ বাবে চলাচল কৰিব।
উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই আজি এক প্ৰেছ বিবৃতিযোগে এই কথা সদৰী কৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী