14 Apr 2025, 20:31 HRS IST

প্ৰাপ্য় আদায়ৰ দাবীত গোলাঘাটৰ শাওঁতলী চাহ বাগিছাৰ পৰিচালকক ঘেৰাও শ্ৰমিকৰ
গোলাঘাট, ০৭ এপ্ৰিল (হি.স.)। খুমটাইৰ শাওঁতলী চাহ বাগিচাত বাগিচাৰ জ্যেষ্ঠ পৰিচালক তথা বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ। বিগত বৰ্ষৰ ৩ আগষ্ট তাৰিখে বাগিছাৰ মালিক পক্ষ আৰু অসম চাহ মজদুৰ সংঘৰ লগত বাগিছা কতৃপক্ষৰ মাজত ত্রিপাক্ষিক আলো
প্ৰাপ্য় আদায়ৰ দাবীত গোলাঘাটৰ শাওঁতলী চাহ বাগিছাৰ পৰিচালকক ঘেৰাও শ্ৰমিকৰ


গোলাঘাট, ০৭ এপ্ৰিল (হি.স.)। খুমটাইৰ শাওঁতলী চাহ বাগিচাত বাগিচাৰ জ্যেষ্ঠ পৰিচালক তথা বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ। বিগত বৰ্ষৰ ৩ আগষ্ট তাৰিখে বাগিছাৰ মালিক পক্ষ আৰু অসম চাহ মজদুৰ সংঘৰ লগত বাগিছা কতৃপক্ষৰ মাজত ত্রিপাক্ষিক আলোচনা সম্পন্ন হৈছিল। আলোচনাৰ সিদ্ধান্ত মৰ্মে বাগিছাৰ মালিক পক্ষ আৰু বাগিছাৰ জ্যেষ্ঠ পৰিচালকে শ্রমিকৰ পাব লগীয়া অৱসৰ শ্ৰমিকৰ গ্ৰেচুইটিৰ ধন, শ্ৰমিকৰ থকা ঘৰ মেৰামতিৰ লগতে নতুনকৈ ৬০ টা ঘৰৰ টিনপাত দিয়া আৰু মহৰী সকলক পদোন্নতি কৰা, ফেক্টৰী, মেচিনেৰী বিভাগত কৰ্মৰত থকা সকলক পদোন্নতি কৰা আৰু কেজুৱেল সকলক ৰেচন দিয়া লগতে পি. এফ. কৰ্তন কৰাৰ যি প্রতিশ্রুতি দিছিল, কিন্তু অতি দুখৰ বিষয় যে আজি পর্যন্ত প্রতিশ্রুতি খিনি সম্পূর্ণ কৰাৰ দাবী জনায় চাহ শ্ৰমিক সকলে । বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰি এক সপ্তাহৰ ভিতৰত প্রতিশ্রুতি খিনি সম্পূর্ণ নকৰিলে, বাগিছাত কোনো অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হলে, তাৰ বাবে বাগিছা কর্তৃপক্ষ দায়ী হ'ব বুলি হুংকাৰ প্ৰদান কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande