আজি গৰু বিহু , বিহুৰ দিনা ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে আনন্দ উছাহ
গোৱালপাৰা, ১৪ এপ্ৰিল (হি.স.)। আজি গৰু বিহু । বিহুৰ দিনা ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে আনন্দ উছাহ । আজিৰ দিনৰে পৰা গৃহস্থক আশীৰ্বাদ দিয়াৰ উদ্দেশ্যেৰে গাঁৱৰ চেমনীয়াহঁতে আৰম্ভ কৰিছে হুঁচৰি ৷ঢোল-পেঁপা-বাঁহীৰ মাতত নাচনীৰ খোজৰ গিৰিপনিত ৰজনজনাই আছে অসমৰ চৌহদ
আজি গৰু বিহু , বিহুৰ দিনা ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে আনন্দ উছাহ


গোৱালপাৰা, ১৪ এপ্ৰিল (হি.স.)। আজি গৰু বিহু । বিহুৰ দিনা ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে আনন্দ উছাহ । আজিৰ দিনৰে পৰা গৃহস্থক আশীৰ্বাদ দিয়াৰ উদ্দেশ্যেৰে গাঁৱৰ চেমনীয়াহঁতে আৰম্ভ কৰিছে হুঁচৰি ৷ঢোল-পেঁপা-বাঁহীৰ মাতত নাচনীৰ খোজৰ গিৰিপনিত ৰজনজনাই আছে অসমৰ চৌহদিক ৷

পুৰণি পৰম্পৰা অনুসৰি গৰু বিহুৰ দিনাই দেৰগাঁৱৰ মিছামৰাত গৃহস্থৰ চোতালত দুবৰি গছকি 'সমন্বয় সাংস্কৃতিক গোষ্ঠী' হুঁচৰি দলৰ চেমনীয়াসকলে আৰম্ভ কৰিছে হুঁচৰি ৷ গৃহস্থক আশীৰ্বাদ দিয়াৰ উদ্দেশ্যেৰে সমন্বয় সাংস্কৃতিক গোষ্ঠী হুঁচৰি দলে আটকধুনীয়াকৈ হুঁচৰি প্ৰদৰ্শন কৰি ৰাইজৰ মন মুহিবলৈ সক্ষম হৈছে হুঁচৰি দলটোৱে ৷নাচনীৰ গিৰিপনিৰে কঁপিছে গৃহস্থৰ চোতাল ৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande