বাক্সা, ১৪ এপ্ৰিল (হি.স.)। আজি গৰু বিহুৰাজ্যজুৰি ৰঙালী বিহুৰ ব্যাপক আনন্দ। বাক্সাৰ বৰমাত ৰংজালী বৈচাগুত গীতৰ তালে তালে নাচিলে বিধায়কে। বৰমা বিধানসভা সমষ্টিৰ বিধায়ক ভূপেন বড়োৱে ককা-আইতা আৰু সাংবাদিকৰ সৈতে নাচিলে আজি গৰু বিহুৰ দিনটোত বিধায়ক গৰাকীয়ে আজিৰ এই পৱিত্ৰ দিনটোত বাক্সাৰ বৰমাৰ নাক্টিপাৰাত ককা-আইতা আৰু সাংবাদিক সকলক সম্বোৰ্ধনা জনায়।
এই অনুষ্ঠানত বিধায়ক গৰাকীৰ সৈতে উপস্থিত থাকে বিটিআৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই। দুয়ো গৰাকী জনপ্ৰতিনিধিয়ে ককা-আইতা সকলক সম্বোৰ্ধনা জনোৱাৰ লগতে আঠু লৈ সেৱা গ্ৰহণ কৰে। বিধায়ক গৰাকীৰ সৈতে ৰংজালী বৈচাগত গীতত আশীৰ ঊৰ্ধৰ ককা-আইতা সকলে নাচগান কৰা দৃশ্য সচাকৈ অপূৰ্ব। আজিৰ গৰু বিহুৰ দিনটোত বিধায়ক গৰাকীৰ এই পদক্ষেপ সচাকৈ প্ৰশংসনীয়। দুয়ো গৰাকী জনপ্ৰতিনিধিয়ে বিটিআৰ বাসীক লগতে অসম বাসীক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনায়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু