কাছাৰ, ১৪ এপ্ৰিল (হি.স.)। ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীয়ে চলালে এক বিশেষ অভিযান। জিলা খনৰ চাৰিটা স্থানত নিশা অভিযান চলাই ৯ জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিলে কাছাৰ আৰক্ষীয়ে। জব্দকৃত ড্ৰাগছৰ বজাৰ মুল্য প্ৰায় ২ কোটি টকা । শিলচৰ, কালাইন, ধলাই আৰু সোনাই অঞ্চলত চলিছিল এই অভিযান।
অভিযানত সৰ্বমুঠ ৪১৬ গ্ৰাম হেৰ’ইন বাজেয়াপ্ত কৰিলে আৰক্ষীয়ে। ধৃত সৰবৰাহকাৰী কেইজন হল মকবুল হুচেইন, দিলবাৰ হুচেইন, কমৰুল ইচলাম, অনৰ হুচেইন, অমৰদীপ সাহা , প্ৰসনজিৎ দেবনাথ, চিমা চিনলিয়া, সুসেন দাস, আৰু থাংথাইলান।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু