–কলিয়াবৰৰ সাংসদ হৈ থাকোতে সংখ্যালঘুৰ হকে কি কৰিছিল উত্তৰ দিয়ক
গুৱাহাটী, ০৭ এপ্ৰিল (হি.স.)। সংশোধনী বিধেয়ক আইনত পৰিণত হোৱাৰ লগে লগে পিছপৰা আৰু বঞ্চিত মুছলমান জনসাধাৰণৰ বাবে এক অন্ধকাৰ যুগৰ অৱসান ঘটিল। এই মন্তব্য ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় গৱেষণা আৰু নীতিৰ প্ৰভাৰী ড. জেফৰিন মেহজেবিনৰ। আজি অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এখন সংবাদমেলত দলৰ মহিলা নেত্ৰী গৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰখনে ৱাকফ বিধেয়কৰ জৰিয়তে ৱাকফ সম্পত্তিৰ নামত চলি থকা দুৰ্নীতি বন্ধ কৰিবলৈ লোৱা কঠোৰ পদক্ষেপক আমি আদৰণি জনাইছো।
এই আইনৰ জৰিয়তে মুছলমান মহিলা সকলৰ সৱলীকৰণ আৰু অধিকাৰ সাব্যস্ত কৰিবলৈ চৰকাৰখনে গ্ৰহণ কৰা ব্যৱস্থা প্ৰশংসনীয় বুলিও মন্তব্য কৰে। ৱাকফ মুছলমান আইনে ধৰ্মপৰায়ণ, ধৰ্মীয় বা দাতব্য বুলি স্বীকৃতি দিয়া নিজ মালিকানাধীন স্থাৱৰ বা অস্থাৱৰ সম্পত্তি পিওৱাছ, ৰিলিজিয়াছ আৰু চেৰিটেবল উদ্দেশ্যৰ বাবে স্থায়ীভাৱে উতসৰ্গা কৰা বুলি সংজ্ঞায়িত কৰা হৈছে। বিপৰীতে কংগ্ৰেছ দলে ৱাকফ বিধেয়কক ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰা বুলি অভিযোগ কৰি বিজেপি দলৰ মহিলা নেত্ৰী গৰাকীয়ে কয় যে ১৯৯৫ আৰু ২০১৩ চনত একমাত্ৰ মুছলমানক তোষামোদ কৰিবলৈ তদানীন্তন কংগ্ৰেছ চৰকাৰে এই বিধেয়কৰ সংশোধনী আনিছিল। কিন্তু পৰৱৰ্তী সময়ত অনুষ্ঠিত দুয়োটা নিৰ্বাচন ক্ৰমে ১৯৯৬ আৰু ২০১৪ ত কংগ্ৰেছৰ পৰতন হৈছিল আৰু দেশৰ জনতাই বিজেপি দলক আকোৱালি লৈছিল।
ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ মহিলা নেত্ৰীগৰাকীয়ে পুনৰ কয় যে ভাৰতবৰ্ষত থকা মুঠ ৱাকফ সম্পত্তিৰ পৰিমাণ হৈছে ৩৭.৩৯ লাখ হেক্টৰ ভূমি। ইমানদিনে এই ৱাকফ সম্পত্তিৰ অধিকাংশই একাংশ মুষ্টিমেয় মুছলমান নেতাই দখল কৰি ভোগ কৰি আহিছিল। সেয়েহে কংগ্ৰেছকে ধৰি কোনো কোনো বিৰোধী ৰাজনৈতিক দলক প্ৰতিনিধিত্ব কৰি থকা এইসকল লোকে এতিয়া ধৰ্মীয় আৱেগক ব্যৱহাৰ কৰিবলৈ উঠিপৰি লগা দেখা গৈছে বুলিও ড. জেফৰিন মেহজেবিনে মন্তব্য কৰে। আনকি কংগ্ৰেছ দলৰ একাংশ নেতাৰ বিৰুদ্ধেও ৱাকফ ভূমি হস্তগত কৰা বুলি অভিযোগ উত্থাপিত হৈ আহিছে। অসমৰ ৱাকফ ভূমিৰ পৰিমাণ প্ৰায় ১৯০০০ বিঘা বুলিও বিজেপিৰ মহিলা নেত্ৰী মেহজেবিনে উল্লেখ কৰে। এই সম্পত্তিৰ মূল্য প্ৰায় ৭০ ৰ পৰা ৮০ হাজাৰ কোটি টকা বুলিও তেওঁ মন্তব্য কৰে। কিন্তু এই বৃহত পৰিমাণৰ সম্পত্তি বা ভূমিৰ বিপৰীতে ৱাকফ বৰ্ডে নামমাত্ৰহে উপাৰ্জন কৰে। বেছিভাগ ভূমি আৰু সম্পত্তি বেদখলত থকা বাবে এক বৃহত পৰিমাণৰ ৰাজহৰ পৰা বোৰ্ড বঞ্চিত হৈ আহিছে।
যোৰহাটৰ সাংসদ তথা কংগ্ৰেছৰ লোকসভাৰ উপদলপতিজনৰ প্ৰসংগ উত্থাপন কৰি বিজেপিৰ মহিলা নেত্ৰীগৰাকীয়ে অভিযোগ কৰি কয় যে কংগ্ৰেছ নেতাজনে কলিয়াবৰৰ সাংসদ হৈ থকা কালত সমষ্টিটোৰ সংখ্যালঘু ৰাইজৰ উন্নয়নৰ বাবে সাংসদ উন্নয়ন পুজিৰ পৰা এটা ফুটা কঢ়িও ধাৰ্য্য নকৰিলে। এতিয়া একামাত্ৰ ৰাজনৈতিক উদ্দেশ্যত মুছলমান তুষ্টিকৰণ আৰু তোষামোদৰ জৰিয়তে সংখ্যালঘু মুছলমানৰ ভোটৰ স্বাৰ্থত ৱাকফ বিধেয়কৰ বিৰোধিতা কৰি ঘৰিয়ালৰ চকুপানী টুকিবলৈ আহিছে। তেওঁ কংগ্ৰেছ নেতাজনক কটাক্ষ কৰি কয় যে ২০১৪ৰ সাধাৰণ নিৰ্বাচন ঘোষণাৰ মাত্ৰ ২৫ দিন পূৰ্বে তেওঁৰ দ লৰ চৰকাৰে ২০১৩ চনত ৱাকফ আইনৰ এক সংশোধনীৰ আনি ভোটৰ স্বাৰ্থত একমাত্ৰ তোষামোদ কৰি দিল্লীৰ ভিভিপিআই অঞ্চলত ১২৩ টা সম্পত্তি দিল্লী ৱাকফ বোৰ্ডলৈ হস্তান্তৰ কৰিছিল। কলিয়াবৰৰ পূৰ্বৰ সাংসদজনৰ পিতৃ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়াইও কলিয়াবৰ সংসদীয় সমষ্টিৰ সংখালঘু ৰাইজৰ কাৰণে বিশেষ কোনো কল্যাণমূলক আঁচনি গ্ৰহণ কৰা দেখা নাপালোঁ।
সংবাদমেলত উপস্থিত থাকি দলৰ জ্যোষ্ঠ মুখপাত্ৰ ড. মমিনুল আৱালে কয় যে যি উদ্দেশ্যত ৱাকফ বোৰ্ড গঠন কৰা হৈছিল, ৱাকফ বিধেয়ক সংশোধনীৰ জৰিয়তে এই উদ্দেশ্য সাৰ্থক হৈছে। অসমৰ ৱাকফ সম্পত্তিক সোণৰ কণী পৰা পৰা হাহঁৰ দৰে ব্যৱহাৰ কৰি আহিছে। যি ৱাকফ বোৰ্ডৰ কমিটি থকাৰ সময়ত আশী/পছাশী হাজাৰ ৰাজহ আদায় হৈছিল, বিগত সময়ত কমিটি অবিহনে চৰকাৰে পৰিচালনা কৰাৰ সময়ত এই ৰাজহৰ পৰিম াণ ২ কোটি ৫৬ লাখ টকালৈকে বৃদ্ধি হোৱা দেখা যায়। আনকি ৱাকফৰ ৰাজহৰ পৰা মুখ্যমন্ত্ৰী সাহাৰ্য্য পুজিলৈকেও ৫০ লাখ টকাৰ বৰঙনি দিবলৈ সক্ষম হৈছিল বুলি দলৰ মুখপাত্ৰজনে উল্লেখ কৰে। স্বাভাৱিকতে এই কথাই চৰকাৰৰ ৱাকফ সংশোধনী ব্যৱস্থাক মান্যতা প্ৰদান কৰিছে বুলিও দলৰ জ্যোষ্ঠ মুখপাত্ৰ গৰাকীয়ে তাতপৰ্য্যপূৰ্ণ মন্তব্য কৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী