হোজাই, ০৩ এপ্ৰিল (হি.স.)। আগন্তক পঞ্চায়ত নিৰ্বাচন ২০২৫ প্ৰতি লক্ষ্য ৰাখি হোজাই জিলা খনৰ সকলো অস্ত্ৰৰ অনুজ্ঞাপত্ৰ ধাৰী সকলক নিজৰ নিজৰ অস্ত্ৰ সমূহ তৎক্ষণাত নিজৰ নিজৰ আৰক্ষী থানাত জমা দিৱলৈ নিৰ্দেশ। পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতে আৰক্ষীয়ে অনুজ্ঞাপত্ৰধাৰী সকলক নিজৰ নিজৰ জমা কৰা অস্ত্র সমূহ ঘুৰাই দিৱ।
কোনোৱাই উক্ত নিৰ্দেশনা অমান্য কৰিলে অস্ত্রৰ অনুজ্ঞাপত্ৰ বাতিলকে ধৰি অস্ত্র আইন, ১৯৫৯ বিধানৰ অধীনত আইনী ব্যৱস্থা গ্ৰহণ কৰা হৱ। হোজাই জিলা দণ্ডাধীশে জাৰি কৰিছে এই নিৰ্দেশনা।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা