দক্ষিণ কামৰূপত ভাৰতীয় জনতা পাৰ্টিৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস
কামৰুপ,০৬ এপ্ৰিল (হি.স.)। দক্ষিণ কামৰূপ জিলা বিজেপিৰ কাৰ্যালয়ত কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস। দক্ষিণ কামৰূপত ৭৬০ খন আসনত আমি জয়ী হম,ৰাভা হাছংৰ দৰে দক্ষিন কামৰূপত অনুষ্ঠিত হব লগা পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ভাল হ'ব বুলি মন্ত্ৰী ৰঞ্জিত দাসে এক মন্তব্য় প্ৰকাশ
দক্ষিণ কামৰূপ জিলা বিজেপিৰ কাৰ্যালয়ত কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস।


কামৰুপ,০৬ এপ্ৰিল (হি.স.)। দক্ষিণ কামৰূপ জিলা বিজেপিৰ কাৰ্যালয়ত কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস। দক্ষিণ কামৰূপত ৭৬০ খন আসনত আমি জয়ী হম,ৰাভা হাছংৰ দৰে দক্ষিন কামৰূপত অনুষ্ঠিত হব লগা পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ভাল হ'ব বুলি মন্ত্ৰী ৰঞ্জিত দাসে এক মন্তব্য় প্ৰকাশ কৰে।

দক্ষিণ কামৰূপৰ জিলা বিজেপিৰ কাৰ্যালয়ত মন্ত্ৰী ৰঞ্জিত দাস। ভাৰতীয় জনতা পাৰ্টিৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস। ভাৰতীয় জনতা পাৰ্টিৰ দক্ষিন কামৰূপ জিলাৰ কাৰ্যকৰ্তা সকলৰ সৈতে প্ৰতিষ্ঠা দিৱস আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত এখন বিশেষ সভাত মিলিত হয় মন্ত্ৰী গৰাকীয়ে।

সভাত মন্ত্ৰী ৰঞ্জিত দাসৰ ঘোষণা- দক্ষিন কামৰূপত ৭৬০ খন আসনত আমি জয়ী হম,ৰাভা হাছংৰ দৰে দক্ষিন কামৰূপত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ভাল হব,বিৰোধীৰ একো নহ'ব। 'আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ বাবেহে আমি নিৰ্বাচনী প্ৰচাৰ চলাম,ৱাৰ্ড মেম্বাৰৰ বাবে কোনো প্ৰচাৰ চলোৱা নহয়'। উল্লেখ্য,দক্ষিন কামৰূপৰ পলাশবাৰী সমষ্টিত ২৭ খন,বকো-ছয়গাওঁত ২২ খন আৰু ছমৰীয়াত ১৯ খন পঞ্চায়ত আছে। আটাইকেইটা পঞ্চায়তত ৱাৰ্ড মেম্বাৰৰ বাবে ৬৮০ লোকে আবেদন কৰিছে।

'দক্ষিন কামৰূপৰ সকলোতকৈ বেছি ছমৰীয়া সমষ্টিত বহুলোকে আবেদন কৰিছে,ছমৰীয়া সমষ্টিত জিলা পৰিষদৰ বাবে ৫৪ জন,আঞ্চলিক পঞ্চায়তৰ বাবে ১৭২ জনে আবেদন কৰিছে,এয়া আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ বাবে এক সুন্দৰ বাতাবৰণ বুলি মন্তব্য মন্ত্ৰী ৰঞ্জিত দাসৰ'। মন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া,জিলা সভাপতি অঞ্জন গোস্বামী,জিলা প্ৰভাৰী অৰ্নিবাণ গোস্বামীৰ লগতে প্ৰায় তিনি শতাধিক দলীয় নেতা-কৰ্মী উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande