জাগীৰোডৰ ডাবৰঘাটত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা সদৌ তিৱা ছাত্ৰ সন্থাৰ দ্বাদশ ত্ৰি-বাৰ্ষিক সাধাৰণ অধিৱেশনৰ আজি অন্তিম দিন
গুৱাহাটী, ০৬ এপ্ৰিল (হি.স.)। জাগীৰোডৰ ডাবৰঘাটত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা সদৌ তিৱা ছাত্ৰ সন্থাৰ দ্বাদশ ত্ৰি-বাৰ্ষিক সাধাৰণ অধিৱেশনৰ আজি অন্তিম দিন ৷ প্ৰয়াত বানেশ্বৰ মাদাৰ ক্ষেত্ৰত অনুষ্ঠিত হোৱা এই অধিৱেশনতে সদৌ তিৱা ছাত্ৰ সন্থাৰ আগন্তুক তিনিটা বৰ্ষৰ বা
জাগীৰোডৰ ডাবৰঘাটত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা সদৌ তিৱা ছাত্ৰ সন্থাৰ দ্বাদশ ত্ৰি-বাৰ্ষিক সাধাৰণ অধিৱেশনৰ আজি অন্তিম দিন ৷


জাগীৰোডৰ ডাবৰঘাটত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা সদৌ তিৱা ছাত্ৰ সন্থাৰ দ্বাদশ ত্ৰি-বাৰ্ষিক সাধাৰণ অধিৱেশনৰ আজি অন্তিম দিন ৷


গুৱাহাটী, ০৬ এপ্ৰিল (হি.স.)। জাগীৰোডৰ ডাবৰঘাটত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা সদৌ তিৱা ছাত্ৰ সন্থাৰ দ্বাদশ ত্ৰি-বাৰ্ষিক সাধাৰণ অধিৱেশনৰ আজি অন্তিম দিন ৷ প্ৰয়াত বানেশ্বৰ মাদাৰ ক্ষেত্ৰত অনুষ্ঠিত হোৱা এই অধিৱেশনতে সদৌ তিৱা ছাত্ৰ সন্থাৰ আগন্তুক তিনিটা বৰ্ষৰ বাবে প্ৰশান্ত কোঁৱৰক সভাপতি আৰু তৰুণ মাদাৰক সাধাৰণ সম্পাদক হিচাপে লৈ ২১ জনীয়া নতুন কমিটিখন গঠন কৰা হয় ৷

আনহাতে অধিৱেশনত গ্ৰহণ কৰা হয় কেইবাটাও প্ৰস্তাৱ ৷ বিশেষকৈ তিৱা জনগোষ্ঠীক সংবিধানৰ ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত্ব শাসন প্ৰদান কৰা, ট্ৰাইবেল বেল্ট আৰু ব্লক সমূহ সংৰক্ষিত কৰি ভূমিৰ অধিকাৰ প্ৰদান কৰা, গোভাত ভাৰতীয় বায়ুসেনাৰ অস্ত্ৰ ভাণ্ডাৰ স্থাপন কৰিবলৈ লোৱা সিদ্ধান্ত বাতিল কৰা, পৰিকল্পিতভাৱে বিদ্যালয় সমূহত তিৱা ভাষা প্ৰৱৰ্তন কৰা আদি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ তিৱা জনগোষ্ঠীৰ অমীমাংসিত দাবী সমূহ সমাধানৰ দাবীত অতি শীঘ্ৰেই মধ্য অসমত গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি হুংকাৰ দিয়ে নৱনিৰ্বাচিত সভাপতি প্ৰশান্ত কোঁৱৰে ৷ অন্তিম দিনটোত অনুষ্ঠিত হোৱা মুকলি সভাত তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন কোঁৱৰৰ লগতে সদৌ তিৱা ছাত্ৰ সন্থাৰ প্ৰাক্তন আৰু বৰ্তমানৰ নেতৃবৰ্গ, অসমৰ বিভিন্ন জনগোষ্ঠীয় সংগঠন সমূহৰ নেতৃবৰ্গ উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande