কামৰূপ, ২৫ এপ্ৰিল (হি.স.)। সোণাপুৰ আৰক্ষীৰ জালত পৰিছে এটা এটিএম প্ৰৱঞ্চক । আৰক্ষীয়ে আটক কৰিছে হানিফুৰ আলি নামৰ প্ৰৱঞ্চকটোক। প্ৰৱঞ্চকটোৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে ৮ খনকৈ এটিএম কাৰ্ড আৰু দুখন বাহন।
বিগত ৪ এপ্ৰিলত সোণাপুৰ ডিগাৰু বায়ুসেনা চৌহদৰ এটিএম বুথৰ পৰা প্ৰৱঞ্চনাৰে ২.৫০ লাখ টকা উলিওৱাৰ পাছতেই এটিএমখনৰ গৰাকী সোণাপুৰ ঘগুৱাৰ দুলাল ডেকাই সোণাপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। কালি সোণাপুৰ আৰক্ষীয়ে চিচিটিভি ফুটেজৰ ভিত্তিত বিশেষ সূত্ৰৰ পম খেদি সোণাপুৰ পথাৰৰ পৰা এটিএম প্ৰৱঞ্চক হানিফুৰ আলিক আটক কৰিবলৈ সক্ষম হয়।
প্ৰৱঞ্চকটোৰ পৰা এএছ ০১ বিৱাই ১৯৩৭ নম্বৰৰ এখন বিলাসী বেলেনো বাহন আৰু এএছ ০১ এফইউ ৪৪৩৬ নম্বৰৰ এখন স্কুটী জব্দ কৰে। হানিফুৰ আলি নামৰ প্ৰৱঞ্চকটোৱে পূৰ্বেও এনেধৰণৰ কেইবাটাও ঘটনাৰ লগতে জড়িত থকাৰ অভিযোগ আছে।
---------------
হিন্দুস্থান সমাচাৰ / Narayan Kar