গুৱাহাটী, ২৫ এপ্ৰিল (হি.স.)। বশিষ্ঠ আৰক্ষীয়ে চুৰি সামগ্ৰীৰ বিৰুদ্ধে লাভ কৰে বৃহৎ সাফল্য। গোপন সূত্ৰৰ পম খেদি বেহাৰবাৰীৰ এটা ডেম্পত অভিযান চলাই জব্দ লাখ লাখ টকাৰ সামগ্ৰী। অভিযানত গ্ৰেপ্তাৰ নন্দলাল জয়ছোৱাল নামৰ এজন ব্যক্তিক।
দীৰ্ঘদিন ধৰি চুৰি সামগ্ৰী ক্ৰয় কৰি আহিছিল নন্দলাল জয়ছোৱাল নামৰ ডেম্পটোৰ গৰাকীয়ে। আৰক্ষীৰ অভিযানত ৫০ টা বেটাৰী, ইয়াৰে ২১ গলাই বনুৱা বেটাৰী, ২০ কেজি কপাৰ তাঁৰ, ১৬০ কেজি তাঁৰকে ধৰি লক্ষধিক টকাৰ সা সামগ্ৰী জব্দ কৰা হৈছে।
বৰ্তমানো অভিযান অব্যাহত ৰাখিছে বশিষ্ঠ আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / Narayan Kar