কলগাছিয়াত ড্ৰাগছ, ভাং সহ এজনক আটক
আৰক্ষীৰ অভিযানত 3.38 গ্ৰাম ড্ৰাগছ, 188.75 গ্ৰাম গাঞ্জা আৰু বহু পৰিমাণৰ কোৰেক্স জব্দ।
কলগাছিয়াত ড্ৰাগছ, ভাং সহ এজনক আটক


বৰপেটা, ২৪ এপ্ৰিল (হি.স.): কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কলগাছিয়া মাছ বজাৰৰ কাষত মাইনুদ্দিনৰ দোকানত আৰক্ষীয়ে তালাছি চলাই বহু পৰিমাণৰ নিচাযুক্ত দ্ৰব্য উদ্ধাৰ কৰে। আৰক্ষীৰ অভিযানত সুযোগ বুজি কুখ্যাত ড্ৰাগছ ব্যৱসায়ী মাইনুদ্দিন ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও কাষতে থকা আমিনুল হকক ভাঙৰ টুপুলা সহ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে তালাছি চলাই মাইনুদ্দিনৰ দোকানৰ পৰা ৩.৩৮ গ্ৰাম ড্ৰাগছ, ১৮৮.৭৫ গ্ৰাম গাঞ্জা উদ্ধাৰ কৰাৰ লগতে আমিনুল হকৰ দোকানৰ পৰা বহু পৰিমাণৰ গাঞ্জা আৰু কোৰেক্স জব্দ কৰে। দীৰ্ঘদিন ধৰি কলগাছিয়া বজাৰত গাঞ্জা আৰু ড্ৰাগছৰ ব্যৱসায় চলাই যুৱ প্ৰজন্মক ধ্বংসৰ পথলৈ ঠেলি দিছে যদিও আজি কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্য কমল দত্তৰ নেতৃত্বত এজনক আটক কৰিবলৈ সক্ষম হোৱাত ৰাইজে আৰক্ষীক ধন্যবাদ জনাইছে । লগতে ড্ৰাগছ ব্যৱসায়ীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande