মাৰ্চ ত্ৰৈমাসিকত মাৰুতি চুজুকিৰ লাভ এক শতাংশ হ্ৰাস পাই ৩,৯১১ কোটি টকা
নতুন দিল্লী, ২৫ এপ্ৰিল (হি.স.)। দেশৰ সৰ্ববৃহৎ বাহন নিৰ্মাতা কোম্পানী মাৰুতি চুজুকি ইণ্ডিয়া লিমিটেডে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকৰ ফলাফল ঘোষণা কৰিছে । ২০২৫ চনৰ ৩১ মাৰ্চত সমাপ্ত হোৱা জানুৱাৰী-মাৰ্চ ত্ৰৈমাসিকত কোম্পানীটোৰ লাভ এক শতাংশ হ্ৰাস
মাৰুতি চুজুকি


নতুন দিল্লী, ২৫ এপ্ৰিল (হি.স.)। দেশৰ সৰ্ববৃহৎ বাহন নিৰ্মাতা কোম্পানী মাৰুতি চুজুকি ইণ্ডিয়া লিমিটেডে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকৰ ফলাফল ঘোষণা কৰিছে । ২০২৫ চনৰ ৩১ মাৰ্চত সমাপ্ত হোৱা জানুৱাৰী-মাৰ্চ ত্ৰৈমাসিকত কোম্পানীটোৰ লাভ এক শতাংশ হ্ৰাস পাই ৩,৯১১ কোটি টকা হৈছে। মাৰুতি চুজুকিয়ে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে প্ৰতি শ্বেয়াৰত ১৩৫ টকাৰ চূড়ান্ত লভ্যাংশও ঘোষণা কৰিছে।

শুকুৰবাৰে মাৰুতি চুজুকি ইণ্ডিয়াই শ্বেয়াৰ মাৰ্কেট ৰেগুলেটৰী ফাইলিঙত কয় যে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকৰ নিকা লাভ এক শতাংশ হ্ৰাস পাই ৩,৯১১ কোটি টকা হৈছে। বিগত বিত্তীয় বৰ্ষ ২০২৩-২৪ৰ জানুৱাৰী-মাৰ্চ ত্ৰৈমাসিকত কোম্পানীটোৰ নিকা লাভ আছিল ৩,৯৫২ কোটি টকা। লগতে কোম্পানীটোৱে প্ৰতি শ্বেয়াৰত ১৩৫ টকা চূড়ান্ত লভ্যাংশ ঘোষণা কৰিছে।

কিন্তু জানুৱাৰী-মাৰ্চ ত্ৰৈমাসিকত কোম্পানীটোৰ ৰাজহ ৬.৩৭ শতাংশ বৃদ্ধি পাই ৪০,৯২০.১ কোটি টকা হোৱাৰ বিপৰীতে পূৰ্বৰ বিত্তীয় বৰ্ষৰ একেটা ত্ৰৈমাসিকত ৩৮,৪৭১.২ কোটি টকা আছিল।

কোম্পানীটোৰ তথ্য অনুসৰি জানুৱাৰী-মাৰ্চ ত্ৰৈমাসিকত মাৰুতি চুজুকি ইণ্ডিয়াৰ মুঠ ব্যয় বছৰৰ পিছত বছৰ ধৰি ৮.৫৫ শতাংশ বৃদ্ধি পাই ৩৭,৫৮৫.৫ কোটি টকা হৈছে। কোম্পানীটোৱে জনোৱা মতে, ২০২৪-২৫ বিত্তীয় বৰ্ষতো বাৰ্ষিক মুঠ বিক্ৰী আৰু ৰপ্তানিৰ সৰ্বাধিক ৰেকৰ্ড লাভ কৰিছে। ইয়াৰ উপৰিও কোম্পানীটোৱে একেৰাহে চতুৰ্থ বছৰৰ বাবে শীৰ্ষ ৰপ্তানিকাৰক হৈয়েই আছে, এতিয়া ভাৰতৰ পৰা মুঠ যাত্ৰীবাহী বাহন ৰপ্তানিৰ প্ৰায় ৪৩ শতাংশ অৰিহণা যোগাইছে। এইদৰে চতুৰ্থ ত্ৰৈমাসিকত মাৰুতি চুজুকি ইণ্ডিয়াৰ নিকা লাভ সামান্য হ্ৰাস পাইছে যদিও কোম্পানীটোৰ মুঠ আয় বৃদ্ধি পাইছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande