চৰকাৰৰ জি এছ টি আপীল ন্যায়াধিকৰণৰ নিয়ম অধিসূচনা জাৰি
নতুন দিল্লী, ২৫ এপ্ৰিল (হি.স.)। কেন্দ্ৰীয় চৰকাৰে সামগ্ৰী আৰু সেৱা কৰ আপীল ন্যায়াধিকৰণ (জিএছটিএটি) (প্ৰক্ৰিয়া) নিয়মৰ বিষয়ে অৱগত কৰিছে। ইয়াত আবেদনৰ বাধ্যতামূলক ই-ফাইলিং আৰু মিশ্ৰিত শুনানিৰ ব্যৱস্থা কৰা হৈছে। অধিসূচনা অনুসৰি এই নিয়ম ২৪ এপ্ৰিলৰ পৰা
চৰকাৰৰ জি এছ টি আপীল ন্যায়াধিকৰণৰ নিয়ম অধিসূচনা জাৰি


নতুন দিল্লী, ২৫ এপ্ৰিল (হি.স.)। কেন্দ্ৰীয় চৰকাৰে সামগ্ৰী আৰু সেৱা কৰ আপীল ন্যায়াধিকৰণ (জিএছটিএটি) (প্ৰক্ৰিয়া) নিয়মৰ বিষয়ে অৱগত কৰিছে। ইয়াত আবেদনৰ বাধ্যতামূলক ই-ফাইলিং আৰু মিশ্ৰিত শুনানিৰ ব্যৱস্থা কৰা হৈছে। অধিসূচনা অনুসৰি এই নিয়ম ২৪ এপ্ৰিলৰ পৰা কাৰ্যকৰী হৈছে।

দেশত কৰ সম্পৰ্কীয় বিবাদ নিষ্পত্তিৰ প্ৰক্ৰিয়া সুশৃংখলিত কৰাৰ লগতে পৰোক্ষ কৰ বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত উদ্যোগটোক অতি প্ৰয়োজনীয় সকাহ প্ৰদানৰ পদক্ষেপ হিচাপে শুকুৰবাৰে বিত্ত মন্ত্ৰালয়ে জি এছ টি আপীল ন্যায়াধিকৰণ (পদ্ধতি) নিয়মাৱলী, ২০২৫ক অৱগত কৰে। এই অধিসূচনাত উল্লেখ কৰা হৈছে যে এই নিয়মসমূহ ২০২৫ চনৰ ২৪ এপ্ৰিলৰ পৰা কাৰ্যকৰী হৈছে।

মন্ত্ৰালয়ৰ মতে, সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি) কাঠামোৰ অংশ হিচাপে সামগ্ৰী আৰু সেৱা কৰ আপীল ন্যায়াধিকৰণ (জি এছ টি এ টি) (পদ্ধতি) নিয়মসমূহ অৱগত কৰা হৈছে, যিয়ে অনলাইন দাখিল, হাইব্ৰিড শুনানি আৰু জৰুৰী ভিত্তিত গোচৰৰ তালিকাভুক্ত কৰাৰ অনুমতি দিয়ে। এই নিয়মত এইটোও উল্লেখ আছে যে যদি আবেদনকাৰীয়ে দুপৰীয়া ১২ বজাৰ আগতে কোনো জৰুৰী গোচৰ দাখিল কৰে আৰু যদি আবেদনখন সকলো দিশতে সম্পূৰ্ণ হয় তেন্তে পৰৱৰ্তী কৰ্মদিনতে আপীল ন্যায়াধিকৰণৰ সন্মুখত তালিকাভুক্ত কৰা হ’ব।

মন্ত্ৰালয়ৰ মতে, কিছুমান ব্যতিক্ৰমত দুপৰীয়া ১২ বজাৰ পিছত কিন্তু বিয়লি ৩ বজাৰ আগতে কৰা আবেদনসমূহ পিছদিনা আপীল ন্যায়াধিকৰণ বা অধ্যক্ষৰ বিশেষ অনুমতি সাপেক্ষে তালিকাভুক্ত কৰিব পাৰিব। জি এছ টি সম্পৰ্কীয় বিবাদ নিষ্পত্তিৰ বাবে গুৰুত্বপূৰ্ণ সংস্থা জি এছ টি এ টিৰ বেঞ্চসমূহ পুৱা ১০:৩০ বজাৰ পৰা বিয়লি ০১:৩০ বজালৈ আৰু দুপৰীয়া ২:৩০ বজাৰ পৰা ৪:৩০ বজালৈ বহিব। এই চৰ্তসমূহ অধ্যক্ষৰ যিকোনো আদেশৰ অধীনত থাকিব।

এই অধিসূচনা অনুসৰি, সামগ্ৰী আৰু সেৱা কৰ আপীল ন্যায়াধিকৰণ (পদ্ধতি) নিয়ম, ২০২৫ অনুসৰি আপীল ন্যায়াধিকৰণৰ প্ৰশাসনিক কাৰ্যালয়সমূহ সকলো কৰ্মদিনত পুৱা ৯:৩০ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ খোলা থাকিব। যোৱা বছৰৰ মে’ মাহত চৰকাৰে ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) সঞ্জয় কুমাৰ মিশ্ৰক জি এছ টি আপীল ন্যায়াধিকৰণ (জি এছ টি এ টি)ৰ প্ৰথম অধ্যক্ষ হিচাপে নিযুক্তি দিছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande