নতুন দিল্লী, ২৫ এপ্ৰিল (হি.স.)। বাসগৃহ ঋণ (হাউছিং লোন) প্ৰদানকাৰী এল আই চি হাউছিং ফাইনেন্স লিমিটেডে শুকুৰবাৰে গৃহ ঋণৰ হাৰ ০.২৫ শতাংশ হ্ৰাস কৰাৰ কথা ঘোষণা কৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকে পলিচি ৰেট ৰেপ’ ৰেট কৰ্তন কৰাৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰিছে এল আই চি হাউছিং ফাইনেন্সে। ২৮ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এই নতুন হাৰ।
দেশৰ অন্যতম বৃহৎ হাউছিং ফাইনেন্স কোম্পানী এল আই চি হাউছিং ফাইনেন্সে এক বিবৃতিত কয় যে এই পৰিৱৰ্তন নিউ ফিক্সড ১০ আঁচনিকে ধৰি বিভিন্ন হোম লোন আঁচনিৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। এল আই চি হাউছিং প্ৰাইম লেণ্ডিং ৰেট (এল এইচ পি এল আৰ)ৰ এই হ্ৰাসে বৰ্তমানৰ আৰু নতুন ঋণগ্ৰহণকাৰী উভয়কে উপকৃত কৰিব কাৰণ ইয়াৰ ফলত হোম লোন অধিক সুলভ হ’ব।
কোম্পানীটোৰ মতে, সংশোধিত সুতৰ হাৰ এতিয়া ৮ শতাংশৰ পৰা আৰম্ভ হ’ব, যিটো ২৮ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব। এল এইচ পি এল আৰে সকলো ধৰণৰ ঋণৰ সুতৰ হাৰ নিৰ্ধাৰণৰ বাবে বেঞ্চমাৰ্ক হাৰ হিচাপে কাম কৰে।
এল আই চিৰ সহযোগী প্ৰতিষ্ঠান এল আই চি হাউছিং ফাইনেন্স লিমিটেড (এল আই চি এইচ এফ এল) ভাৰতৰ অন্যতম বৃহৎ হাউছিং ফাইনেন্স কোম্পানী। এই কোম্পানীয়ে মূলতঃ আৱাসিক ঘৰ অৰ্থাৎ ফ্লেট কিনিবলৈ বা নিৰ্মাণ কৰিবলৈ বিত্তীয় সাহায্য বিচৰা লোকসকলক গৃহ ঋণ প্ৰদান কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া