পাকিস্তানত মুক্তি নাপাব সুনীল শ্বেট্টীৰ ‘কেসৰী বীৰ’, ২৯ এপ্ৰিলত মুম্বাইত মুকলি কৰা হ’ব ট্ৰেইলাৰ
‘লিজেণ্ডছ অৱ সোমনাথ’ সম্প্ৰতি বাতৰিৰ শিৰোনাম, কিন্তু পাকিস্তানত মুক্তি নাপাব এইখন সুনীল শ্বেট্টীৰ ছবি। কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে চলচ্চিত্ৰ প্ৰযোজক কানু চৌহানে। ছুনিয়েল শ্বেট্টী অভিনীত ছবিখন ১৬
পাকিস্তানত মুক্তি নাপাব সুনীল শ্বেট্টীৰ ‘কেসৰী বীৰ’


‘লিজেণ্ডছ অৱ সোমনাথ’ সম্প্ৰতি বাতৰিৰ শিৰোনাম, কিন্তু পাকিস্তানত মুক্তি নাপাব এইখন সুনীল শ্বেট্টীৰ ছবি। কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে চলচ্চিত্ৰ প্ৰযোজক কানু চৌহানে। ছুনিয়েল শ্বেট্টী অভিনীত ছবিখন ১৬ মে’ত সমগ্ৰ ভাৰত, আমেৰিকা, ব্ৰিটেইন আৰু উত্তৰ আমেৰিকাৰ দৰে অন্যান্য আন্তঃৰাষ্ট্ৰীয় টেৰিটৰীত ছবিগৃহত মুক্তি পাব। অহা ২৯ এপ্ৰিলত মুম্বাইত মুকলি কৰা হ’ব ছবিখনৰ ট্ৰেইলাৰ। এই ঐতিহাসিক একচন-ড্ৰামাখনত সূৰাজ পাঞ্চোলি, বিবেক অবেৰয় আৰু আকাংক্ষা শৰ্মাইও অভিনয় কৰিছে।

ছবিখনৰ প্ৰযোজক কানু চৌহানে এক সাক্ষাৎকাৰত প্ৰকাশ কৰে যে, মই মোৰ বিদেশী বিতৰকক কৈছো যে মই মোৰ ছবি পাকিস্তানত মুক্তি পোৱাটো নিবিচাৰো। কাশ্মীৰৰ পহলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক মই তীব্ৰ গৰিহণা দিছো। মই এই ডাঙৰ সিদ্ধান্ত লৈছো। এতিয়া 'কেছাৰী বীৰ' পাকিস্তানত মুক্তি নাপাব। সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা নিৰীহ লোকসকলৰ প্ৰতি এয়া মোৰ শ্ৰদ্ধাঞ্জলি। এইটোৱেই মোৰ ষ্টেণ্ড।

চতুৰ্দশ শতিকাত ঐতিহাসিক সোমনাথ মন্দিৰক আক্ৰমণকাৰীৰ পৰা ৰক্ষা কৰিবলৈ যুঁজি প্ৰাণ আহুতি দিয়া অচিনাকি যোদ্ধাসকলৰ কাহিনী দৰ্শকৰ সন্মুখত উপস্থাপন কৰিব ‘কেসৰী বীৰ: লিজেণ্ডছ অৱ সোমনাথ’ ছবিখনে। এই পিৰিয়ডৰ নাটকত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ছুৰাজ পাঞ্চোলি, বিবেক অবেৰয়, সুনীল শ্বেট্টী আৰু আকাংক্ষা শৰ্মাই। ‘কেসৰী বীৰ: লিজেণ্ডছ অৱ সোমনাথ’ ছবিখনৰ জৰিয়তে বলীউডত অভিষেক ঘটাবলৈ সাজু হৈছে আকাংক্ষাই। চৌহান ষ্টুডিঅ’ৰ অধীনত কানু চৌহানৰ প্ৰযোজনা তথা ৰাজকুমাৰ ধিমনৰ পৰিচালনাৰে নিৰ্মিত ‘কেসৰী বীৰ: লিজেণ্ডছ অৱ সোমনাথ’ ছবিখন।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande