–এইবেলিৰ পৰা ওদালগুৰি জিলাৰ ভূঞাখাট দৰঙী খুলীয়া ভাউৰীয়াৰ দলে দৰ্শকক আমোদ দিবলৈ প্ৰয়াস
ওদালগুৰি, ২৫ এপ্ৰিল (হি.স.): ৰাজ্যত ঠাই ভেদে এতিয়াও সুলভ দৰঙী খুলীয়া ভাউৰীয়া। এই খুলীয়া ভাউৰীয়া সমূহ বিশেষকৈ দৰং-ওদালগুৰি জিলাৰ পৌৰাণিক আখ্যানেৰে প্ৰচলিত এক লোক নাট্যানুস্থান । য'ত খুলীয়া ভাউৰীয়াত প্ৰদৰ্শিত কৰিবলৈ কাহিনী সমূহ পৌৰাণিক ৰামায়ণ, মহাভাৰতৰ কিছুমান মুখ্য তথা গুৰুত্বপূৰ্ণ কাহিনীৰ আধাৰত ৰচিত হয়। এনে কাহিনীবোৰৰ ভিতৰত ৰাম ৰাৱণৰ যুদ্ধ, শ্ৰৱণমুনিৰ অভিশাপ, ভক্ত প্ৰহ্লাদ, কৰ্ণৰ জন্মকথা, হিৰণ্যকশিপু বধ আদি কিছুমান গুৰুত্বপূৰ্ণ কাহিনীয়েই প্ৰধান।
উল্লেখ্য যে, দৰঙী খুলীয়া ভাউৰীয়াৰ প্ৰদৰ্শন ঘাইকৈ ব’হাগ মাহৰ দেউল উৎসৱত বেছিকৈ প্ৰদৰ্শন হয়। বিশেষকৈ ওদালগুৰি জিলাৰ ভূয়াখাট খুলীয়া ভাউৰীয়াৰ দলে এইবেলিৰ পৰা নতুন চিন্তাৰে ৰাইজৰ মাজত বিভিন্ন হাস্যমধুৰ কথা বতৰা তথা অংগী-ভংগীৰে দৰ্শকক হাস্যৰসৰ বিলাবলৈ আৰম্ভ কৰি একান্ত শ্ৰম আৰু সাধনাৰে দৰঙৰ এই অন্যতম কৃষ্টিটোক উৎকৃষ্ট চৰ্চাৰে জনসমাজত জীয়াই ৰাখিব বিচাৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ