এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপৰ বাবে ঘোষণা ভাৰতীয় দল, নীৰজ চোপ্ৰাই নকৰে অংশগ্ৰহণ
নতুন দিল্লী, ২৫ এপ্ৰিল (হিি.স.)। দক্ষিণ কোৰিয়াৰ গুমিত অহা ২৭ মে’ৰ পৰা ৩১ মে’লৈ অনুষ্ঠিত হ’বলগীয়া এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ নকৰে জেভলিন থ্ৰ’ৰ বর্তমানৰ বিশ্ব চেম্পিয়ন নীৰজ চোপ্ৰাই ৷ টকিঅ’ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজৰ নাম নাই শুক
নীৰজ চোপ্ৰা


নতুন দিল্লী, ২৫ এপ্ৰিল (হিি.স.)। দক্ষিণ কোৰিয়াৰ গুমিত অহা ২৭ মে’ৰ পৰা ৩১ মে’লৈ অনুষ্ঠিত হ’বলগীয়া এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ নকৰে জেভলিন থ্ৰ’ৰ বর্তমানৰ বিশ্ব চেম্পিয়ন নীৰজ চোপ্ৰাই ৷ টকিঅ’ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজৰ নাম নাই শুকুৰবাৰে কোচিত ফেডাৰেচন কাপ সমাপ্ত হোৱাৰ পাছত ভাৰতীয় এথলেটিকছ ফেডাৰেশ্যনে ঘোষণা কৰা দলটোত। অহা ২৪ মে’ত বেংগালুৰুত অনুষ্ঠিত হ’বলগীয়া নীৰজ চোপ্ৰা ক্লাছিকত অংশগ্ৰহণ কৰিব নীৰজে।

ভাৰতীয় পুৰুষ দল -

২০০ মিটাৰ: অনিমেশ কুজুৰ, ৮০০ মিটাৰ: অনু কুমাৰ, কৃষণ কুমাৰ, ১৫০০ মিটাৰ: ইউনুছ শ্বাহ, ৩০০০ মিটাৰ ষ্টীপলচেজ: অবিনাশ ছেবল, ৫০০০ মিটাৰ: গুলৱীৰ সিং, অভিষেক পাল, ১০,০০০ মিটাৰ: গুলৱীৰ সিং, সৱন বৰৱাল, ট্ৰিপল জাম্প: প্ৰবীণ চিত্ৰভেল, আব্দুল্লা আবুবকাৰ, হাই জাম্প: সৰ্বেশ কুছাৰে, জেভেলিন থ্ৰ’: শচীন যাদৱ, যশবীৰ সিং, শ্বট পুট: সমৰদ্বীপ সিং, ডেকাথলন: তেজস্বিন শংকৰ, ২০ কিলোমিটাৰ ৰেছ ৱাক: চাৰ্ভিন চেবাষ্টিয়ান, অমিত, ৪x১০০ মিটাৰ: প্ৰণৱ প্ৰমোদ, অনিমেশ কুজুৰ, মাণিকান্ত হোবলিধৰ, অম্লান বৰগোহাঁই, তামিলাৰাসু, ৰাগুল কুমাৰ, গুৰিন্দৰবীৰ সিং, ৪x৪০০ মিটাৰ : বিশাল টি কে, জয় কুমাৰ, মনু টি এছ, ধৰ্মবীৰ চৌধুৰী, ৰিন্স জোচেফ, তুষাৰ কান্তি, সন্তোষ কুমাৰ, মোহিত কুমাৰ।

ভাৰতীয় মহিলা দল

২০০ মিটাৰ: নিত্য গান্ধে, ৪০০ মিটাৰ: ৰূপল চৌধুৰী, বিথ্যা ৰামৰাজ, ৮০০ মিটাৰ: টুইংকল চৌধুৰী, পূজা, ১৫০০ মিটাৰ: লিলি দাস, পূজা, ৩০০০ মিটাৰ ষ্টীপলচেজ: পাৰুল চৌধুৰী, অংকিতা, ৫০০০ মিটাৰ: সঞ্জীৱনী বাবুৰাও, পাৰুল চৌধুৰী, ১০০০ মিটাৰত সঞ্জীৱনী বাবুৰাও, সীমা, ১০০ মিটাৰ হাৰ্ডলছ: জ্যোতি ইয়াৰাজী, ৪০০ মিটাৰ হাৰ্ডলছ: বিথ্যা ৰামৰাজ, অনু আৰ, লং জাম্প: শৈলী সিং, এন্সি সোজন, হেপ্তথলন: নন্দিনী আগছাৰা, ৪x১০০ মিটাৰ: নিত্য গান্ধে, অভিনয় ৰাজৰাজন, স্নেহা স, সৰ্বানী নন্দ, দনেশ্বৰী, ভি সুদীক্ষা, ৪x৪০০ মিটাৰ: ৰূপল, স্নেহা কে, সুভা ভেংকটেছন, জিছনা মেথিউ, কুঞ্জা ৰাজিতা, চন্দ্ৰমোল ছাবু।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande