নৰৱে দবাত সম পুৰস্কাৰৰ ধনৰাশিয়ে মহিলাসকলক এই খেলবিধ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে: জু ৱেনজুন
ষ্টাভাংগাৰ (নৰৱে), ১২ মে’ (হি.স.)। ডিফেণ্ডিং চেম্পিয়ন জু ৱেনজুনে নৰৱেৰ দবা মহিলা ২০২৫ প্ৰতিযোগিতাৰ দ্বিতীয় সংস্কৰণৰ বাবে তেওঁৰ উৎসাহ আৰু আশাৰ বিষয়ে শ্বেয়াৰ কৰিছে। ২৬ মে’ৰ পৰা ৬ জুনলৈ ষ্টাভাংগাৰ চহৰৰ ফিনান্সপাৰ্কেন (এছ আৰ-বেংক)ত অনুষ্ঠিত হ’ব এই প্
चीनी ग्रैंडमास्टर जू वेनजून


ষ্টাভাংগাৰ (নৰৱে), ১২ মে’ (হি.স.)। ডিফেণ্ডিং চেম্পিয়ন জু ৱেনজুনে নৰৱেৰ দবা মহিলা ২০২৫ প্ৰতিযোগিতাৰ দ্বিতীয় সংস্কৰণৰ বাবে তেওঁৰ উৎসাহ আৰু আশাৰ বিষয়ে শ্বেয়াৰ কৰিছে। ২৬ মে’ৰ পৰা ৬ জুনলৈ ষ্টাভাংগাৰ চহৰৰ ফিনান্সপাৰ্কেন (এছ আৰ-বেংক)ত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা।

চীনৰ গ্ৰেণ্ডমাষ্টাৰ জু ৱেনজুনে কয় যে, নৰৱে দবা মহিলা ২০২৫ত অংশগ্ৰহণ কৰিবলৈ পাই মই অতিশয় উৎসাহিত হৈছো। এই প্ৰতিযোগিতাত এইটো মোৰ দ্বিতীয় অভিজ্ঞতা হ'ব। এইবাৰ বহু শক্তিশালী দবা খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। মই ভাবো এতিয়া মানুহ আৰ্মাগেডন আৰু সময় নিয়ন্ত্ৰণ ফৰ্মেটৰ সৈতে অধিক পৰিচিত, যিয়ে প্ৰতিযোগিতাখনক আৰু অধিক ৰোমাঞ্চকৰ কৰি তুলিব।

বৰ্তমান দবাৰ নিৰ্বিবাদ ৰাণী হিচাপে পৰিচিত জু ৱেনজুনে চলিত বৰ্ষৰ আৰম্ভণিতে একেৰাহে পঞ্চমবাৰৰ বাবে বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰিছিল। সাত বছৰ বয়সৰ পৰাই দবা খেলিবলৈ আৰম্ভ কৰা ৱেনজুনে ২০০৪ চনত পেছাদাৰী ৰূপত পৰিণত হয়, ২০১৪ চনত গ্ৰেণ্ডমাষ্টাৰৰ খিতাপ অৰ্জন কৰে আৰু ২০১৮ চনত প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়ন হয়। তাৰ পিছৰে পৰা মহিলা শাস্ত্ৰীয় দবাত অপৰাজিত হৈ আছে। ইয়াৰ উপৰিও বৰ্তমান মহিলা বিশ্ব ব্লিটজ চেম্পিয়ন আৰু দুবাৰৰ বিশ্ব ৰেপিড চেম্পিয়ন।

৩৪ বছৰীয়া ৱেনজুনে নিজৰ যাত্ৰাৰ কথা মনত পেলাই কয়, প্ৰতিখন মেচ মোৰ বাবে এক স্মৰণীয় আৰু অনন্য অভিজ্ঞতা। মই বিশ্বাস কৰোঁ যে প্ৰতিখন খেল এখন এটাকৈ খেলা উচিত, কঠোৰ পৰিশ্ৰম আৰু দলীয় কাম গুৰুত্বপূৰ্ণ।

যোৱা বছৰ জু ৱেনজুনে নৰৱেৰ দবা মহিলাৰ প্ৰথম সংস্কৰণত জয়লাভ কৰি ইতিহাস ৰচনা কৰিছিল। এই প্ৰতিযোগিতাখনে মহিলাসকলৰ বাবে সমান পুৰস্কাৰৰ ধন আগবঢ়োৱা প্ৰথমখন প্ৰতিযোগিতা হিচাপে পৰিগণিত হৈছিল, যিটো দবা খেলৰ ভৱিষ্যতৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছিল।

ৱেনজুনে প্ৰতিযোগিতাখনৰ আয়োজকসকলক প্ৰশংসা কৰি কয়, মই ভাবো যে ই কেৱল দবা খেলতে নহয়, সমগ্ৰ ক্ৰীড়া জগতখনৰ বাবে মহিলাসকলৰ বাবে এক বৃহৎ সফলতা আৰু অতি প্ৰেৰণাদায়ক। ই মহিলাসকলক দবা খেলিবলৈ অনুপ্ৰাণিত কৰে আৰু আমাৰ বাবে এক ডাঙৰ মঞ্চ প্ৰদান কৰে।

দবা খেলৰ বাহিৰেও ৱেনজুনে টেবুল টেনিছ খেলি ভাল পায়। তেওঁ নিজৰ দেশৰ টেবুল টেনিছ জগত আৰু অলিম্পিক চেম্পিয়ন ফেন জেনডঙৰ পৰা প্ৰেৰণা লাভ কৰে। নৰৱেত খেলাৰ উপৰিও তাই ভ্ৰমণৰ পৰিকল্পনাও কৰিছে আৰু এইবাৰ প্ৰতিযোগিতাৰ স্তৰৰ বিষয়েও আলোচনা কৰে।

খিতাপ ৰক্ষাৰ বাবে হয়তো অলপ হেঁচা থাকিব, কিন্তু সামগ্ৰিকভাৱে মই ষ্টাভাংগাৰত খেলি অভিজ্ঞতা উপভোগ কৰিবলৈ অতিশয় উৎসাহিত। এইবাৰৰ লাইন আপ অতি শক্তিশালী।আমাৰ এগৰাকী নতুন খেলুৱৈ ছাৰা (খাডেম)ও থাকিব, যি ৰেপিড আৰু ব্লিটজত অতি ভাল। এই প্ৰতিযোগিতাত জয়ী হোৱাৰ সকলো সম্ভাৱনা তেওঁৰ আছে।

যোৱা বছৰৰ ৰানাৰ্ছ আপ আন্না মুজিচুক, ভাৰতীয় কিংবদন্তি কনেৰু হাম্পি, লেই টিংজি, বৈশালি আৰ আৰু চাৰা খাডেমেও নৰৱেৰ দবা মহিলা ২০২৫ত জু ৱেনজুনক প্ৰত্যাহ্বান জনাব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande