আই পি এল ২০২৫ৰ সংশোধিত সূচী প্ৰকাশ: ১৭ মে’ৰ পৰা পুনৰ আৰম্ভ হ’ব প্ৰতিযোগিতা, ৩ জুনত ফাইনেল
ভাৰত-পাকৰ উত্তেজনাৰ বাবে ৯ মে’ত স্থগিত ৰখা হৈছিল এই প্ৰতিযোগিতা, এতিয়া ৬খন চহৰত অনুষ্ঠিত হ’ব বাকী থকা মেচসমূহ নতুন দিল্লী, ১৩ মে’ (হি.স.)। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে সোমবাৰে গভীৰ নিশা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আইপিএল) ২০২৫ৰ সংশোধিত সূচী প্ৰ
আই পি এল ২০২৫ৰ ট্ৰফী


ভাৰত-পাকৰ উত্তেজনাৰ বাবে ৯ মে’ত স্থগিত ৰখা হৈছিল এই প্ৰতিযোগিতা, এতিয়া ৬খন চহৰত অনুষ্ঠিত হ’ব বাকী থকা মেচসমূহ

নতুন দিল্লী, ১৩ মে’ (হি.স.)। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে সোমবাৰে গভীৰ নিশা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আইপিএল) ২০২৫ৰ সংশোধিত সূচী প্ৰকাশ কৰে। এতিয়া ১৭ মে’ৰ পৰা পুনৰ আৰম্ভ হ’ব এই প্ৰতিযোগিতা আৰু ৩ জুনত অনুষ্ঠিত হ’ব চূড়ান্ত খেল। সীমান্তত ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ বাবে ৯ মে’ত আই পি এল এসপ্তাহৰ বাবে পিছুৱাই দিয়া হৈছিল। এতিয়া বাকী ১৭খন খেল বেংগালুৰু, জয়পুৰ, দিল্লী, লক্ষ্ণৌ, মুম্বাই আৰু আহমেদাবাদত অনুষ্ঠিত হ’ব। প্লে অফৰ স্থানসমূহ পিছত ঘোষণা কৰা হ’ব।

এই তাৰিখত প্লে অফৰ খেল অনুষ্ঠিত হ’ব-

চাৰিখন প্লে অফ মেচৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছে:

কোৱালিফায়াৰ ১: ২৯ মে’

এলিমিনেটৰ: ৩০ মে’

কোৱালিফায়াৰ ২: ১ জুন

ফাইনেল: ৩ জুন

প্ৰতিযোগিতাখন পুনৰ আৰম্ভ হোৱাৰ পিছত মুঠ ১৭খন মেচ অনুষ্ঠিত হ’ব, য’ত দুখন ডাবল হেডাৰ (দেওবাৰে) আছে। মুঠ ১৩খন লীগ মেচ আৰু ৪খন প্লে অফ মেচ বাকী আছে।

১৭ মে’ত অনুষ্ঠিত হ’ব আৰচিবি আৰু কেকেআৰৰ মাজত প্ৰথমখন খেল-

আই পি এল পুনৰ আৰম্ভ হোৱাৰ লগে লগে প্ৰথমখন মেচ ১৭ মে’ত বেংগালুৰুত অনুষ্ঠিত হ’ব ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) আৰু কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ৰ মাজত। একে সময়তে ৮ মে’ত ধৰ্মশালাত অসম্পূৰ্ণ হৈ পৰা পঞ্জাৱ কিংছ (পিবিকেএছ) আৰু দিল্লী কেপিটেলছ (ডিচি)ৰ মাজত এতিয়া ২৪ মে’ত পঞ্জাৱৰ অস্থায়ী ঘৰুৱা খেলপথাৰ হ’বলগীয়া জয়পুৰত অনুষ্ঠিত হ’ব।

পঞ্জাবে ২৬ মে’ত জয়পুৰত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধেও খেলিব লাগিব। ইয়াৰ পূৰ্বে এই মেচখন ধৰ্মশালাত অনুষ্ঠিত হ’ব লাগিছিল।

দেওবাৰৰ ডাবল হেডাৰত অনুষ্ঠিত মেচসমূহ-

১৮ মে' (দেওবাৰ):

বিয়লি ৩:৩০ বজাত : ৰাজস্থান ৰয়েলছ বনাম পঞ্জাব কিংছ

সন্ধিয়া ৭:৩০ বজাতঃ দিল্লী কেপিটেলছ বনাম গুজৰাট টাইটানছ

২৫ মে' (দেওবাৰ):

বিয়লি ৩:৩০ বজাতঃ গুজৰাট টাইটানছ বনাম চেন্নাই ছুপাৰ কিংছ

সন্ধিয়া ৭:৩০ বজাতঃ ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

অহা ২৭ মে’ত লক্ষ্ণৌত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ আৰু আৰচিবিৰ মাজত অনুষ্ঠিত হ’ব লীগ পৰ্যায়ৰ অন্তিমখন খেল।

ঘৰুৱা খেলপথাৰৰ পৰা বঞ্চিত হোৱা দলসমূহ-

সূচী সলনি হোৱাৰ বাবে তিনিটা দল-পঞ্জাব, চেন্নাই আৰু হায়দৰাবাদ-এ আৰু ঘৰুৱা খেলপথাৰত কোনো মেচ খেলিব নোৱাৰিব। যদিও চেন্নাই আৰু হায়দৰাবাদ ইতিমধ্যে প্লে অফৰ দৌৰৰ পৰা বাহিৰ হৈছে, তথাপিও ১১খন মেচৰ পৰা ১৫ পইণ্ট লাভ কৰি তৃতীয় স্থানত থকাৰ বাবে পঞ্জাৱৰ বাবে এইটো এটা ডাঙৰ আঘাত বুলি বিবেচিত হৈছে।

বিদেশী খেলুৱৈৰ উপলব্ধতা এতিয়াও এক প্ৰত্যাহ্বান হৈয়ে আছে-

এতিয়া ৩ জুনত অনুষ্ঠিত হ’বলগীয়া আই পি এলৰ ফাইনেলখন ২৯ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া শৃংখলাৰ সৈতে মুখামুখি হ’ব ৷ ইংলেণ্ড দলটোৱে দল ঘোষণা কৰা নাই যদিও জোছ বাটলাৰ, ফিল ছল্ট, লিয়াম লিভিংষ্টন, উইল জেকছ, ৰিচ টপলীৰ দৰে খেলুৱৈও ইয়াৰ পৰা প্ৰভাৱিত হ’ব পাৰে।

ডব্লিউ টি চিৰ ফাইনেল আৰু ইণ্ডিয়া এ ভ্ৰমণতো পৰিল প্ৰভাৱ-

আই পি এলৰ ফাইনেলৰ মাত্ৰ ৭ দিনৰ পাছত ১১ জুনৰ পৰা ইংলেণ্ডৰ লৰ্ডছত অনুষ্ঠিত হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল, য’ত অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকা মুখামুখি হ’ব। আই পি এলত খেলা অষ্ট্ৰেলিয়ান আৰু দক্ষিণ আফ্ৰিকাৰ বহু খেলুৱৈৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব পাৰে । একে সময়তে ৩০ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া ইণ্ডিয়া এৰ ইংলেণ্ড ভ্ৰমণৰ বাবেও সম্ভাব্য খেলুৱৈৰ উপলব্ধতা সন্দৰ্ভতো এতিয়া সন্দেহৰ সৃষ্টি হৈছে।

দলসমূহক পুনৰ একত্ৰিত কৰাৰ প্ৰত্যাহ্বান

বিচিচিআইৰ তথ্য অনুসৰি আইপিএল পুনৰ আৰম্ভ কৰাৰ পূৰ্বে চৰকাৰ আৰু নিৰাপত্তা সংস্থাসমূহৰ সৈতে ব্যাপক আলোচনা কৰা হৈছিল। এতিয়া ফ্ৰেঞ্চাইজিসমূহৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ’ব খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীসকলক ভাৰতলৈ ঘূৰাই অনা। গুজৰাট টাইটানছৰ ইয়াৰ প্ৰভাৱ কম হৈছে কাৰণ তেওঁলোকৰ মাত্ৰ দুজন বিদেশী খেলুৱৈ (বাটলাৰ আৰু ক’টজী)হে বাহিৰলৈ ওলাই গৈছিল আৰু বাকী দলটোৱে আহমেদাবাদত অনুশীলন কৰি আছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande