কাঠমাণ্ডু, ২১ এপ্ৰিল (হি.স.)। বিভিন্ন দাবীৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰা শিক্ষকৰ আন্দোলন সোমবাৰে ২০ দিন ধৰি অব্যাহত থাকে। চৰকাৰৰ সৈতে কেইবাটাও ৰাউণ্ডৰ আলোচনা ব্যৰ্থ হোৱাৰ পিছত আজিও শিক্ষকসকলে প্ৰতিবাদ সাব্যস্ত কৰে। শিক্ষকৰ এই প্ৰতিবাদ ক্ৰমান্বয়ে হিংসাত্মক হৈ পৰিছে।
নেপাল শিক্ষক ফেডাৰেচনৰ আহ্বানত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা চৰকাৰী শিক্ষকে কাঠমাণ্ডুত প্ৰতিবাদ সাব্যস্ত কৰিছে। চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলক স্থানীয় সংস্থাৰ নিয়ন্ত্ৰণৰ পৰা আঁতৰাই নিয়াৰ মূল দাবীক লৈ আন্দোলন কৰিছে শিক্ষকসকলে। ফেডাৰেচনৰ আহ্বানত সমগ্ৰ দেশৰ চৰকাৰী আৰু সামূহিক বিদ্যালয়ৰ শিক্ষকসকলে সংসদত শিক্ষা বিধেয়কখন আগতীয়াকৈ গৃহীত কৰাৰ দাবীত আন্দোলন কৰিছে।
নেপাল শিক্ষক ফেডাৰেচনৰ সভাপতি লক্ষ্মী কিশোৰ সুবেদিয়ে কয় যে আমাৰ দাবী পূৰণ নোহোৱালৈকে আন্দোলন অব্যাহত থাকিব। তেওঁলোকৰ দাবীৰ ওপৰত চৰকাৰে কেৱল আশ্বাসহে দিছে যদিও সেইবোৰ পূৰণৰ বাবে নিৰ্দিষ্ট সময়সীমা নিদিয়ে বুলিও তেওঁ কয়। সুবেদীয়ে কয় যে ২৫ এপ্ৰিলত শিক্ষা বিধেয়কখন সদনত দাখিল কৰাৰ সন্দৰ্ভত চৰকাৰে তথ্য প্ৰদান কৰিছে যদিও চৰকাৰৰ মৌখিক আশ্বাস ফেডাৰেচনে মানি ল’বলৈ অস্বীকাৰ কৰিছে।
শেহতীয়াকৈ শিক্ষকৰ এটা প্ৰতিনিধি দলেও প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলীক সাক্ষাৎ কৰি তেওঁলোকৰ দাবীৰ বিষয়ে অৱগত কৰে। প্ৰধানমন্ত্ৰীৰ আশ্বাসৰ পিছতো শিক্ষকসকলে আন্দোলনৰ অন্ত পেলাবলৈ অস্বীকাৰ কৰিছে। সংসদে বিধেয়কখন গৃহীত কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ আস্থা নোহোৱালৈকে আন্দোলন অব্যাহত থাকিব বুলি তেওঁলোকে কয়। ইফালে, নেপাল শিক্ষক ফেডাৰেচনে সকলো ব্যক্তিগত বিদ্যালয়ৰ শিক্ষকসকলক ৰাজপথত প্ৰতিবাদত যোগদান কৰিবলৈ আহ্বান জনাইছে।
শিক্ষকসকলৰ ধৰ্মঘটৰ বাবে সমগ্ৰ দেশৰ সকলো চৰকাৰী আৰু সামূহিক বিদ্যালয়ত পাঠদানৰ কাম স্তব্ধ হৈ পৰাৰ লগতে দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ উত্তৰবহী পৰীক্ষাও বন্ধ হৈ পৰিছে। কেৱল এয়াই নহয়, দ্বাদশ ব’ৰ্ড পৰীক্ষাও পিছুৱাই দিব লগা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া