কেথলিক খ্ৰীষ্টান ধৰ্মীয় নেতা পোপ ফ্ৰান্সিছৰ ৮৮ বছৰ বয়সত মৃত্যু
ভেটিকান চহৰ, ২১ এপ্ৰিল (হি.স.)। কেথলিক খ্ৰীষ্টান ধৰ্মীয় নেতা পোপ ফ্ৰান্সিছৰ ইষ্টাৰ সোমবাৰে ৮৮ বছৰ বয়সত মৃত্যু হয়। তেওঁ নিজৰ বাসগৃহ ভেটিকানৰ কাছা চান্টা মাৰ্টাত শেষ উশাহ লয়। এপষ্টলিক চেম্বাৰৰ কেমাৰলেংগো কাৰ্ডিনেল কেভিন ফেৰেলে পুৱা ৯:৪৫ বজাত কাছা চ
পোপ ফ্ৰান্সিছ


ভেটিকান চহৰ, ২১ এপ্ৰিল (হি.স.)। কেথলিক খ্ৰীষ্টান ধৰ্মীয় নেতা পোপ ফ্ৰান্সিছৰ ইষ্টাৰ সোমবাৰে ৮৮ বছৰ বয়সত মৃত্যু হয়। তেওঁ নিজৰ বাসগৃহ ভেটিকানৰ কাছা চান্টা মাৰ্টাত শেষ উশাহ লয়। এপষ্টলিক চেম্বাৰৰ কেমাৰলেংগো কাৰ্ডিনেল কেভিন ফেৰেলে পুৱা ৯:৪৫ বজাত কাছা চান্টা মাৰ্টাৰ পৰা পোপ ফ্ৰান্সিছৰ মৃত্যুৰ কথা ঘোষণা কৰে।

ভেটিকান নিউজৰ মতে, এপষ্টলিক চেম্বাৰৰ কেমাৰলেংগো কাৰ্ডিনেল কেভিন ফেৰেলে কয়: প্ৰিয় ভাই-ভনীসকল! দুখেৰে পবিত্ৰ ফাদাৰ ফ্ৰান্সিছৰ মৃত্যুৰ কথা ঘোষণা কৰিছো। আজি পুৱা ৭:৩৫ বজাত বিচপ ফ্ৰান্সিছে শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ সমগ্ৰ জীৱন প্ৰভু আৰু গীৰ্জাৰ সেৱাৰ বাবে উৎসৰ্গা কৰা হৈছিল। তেওঁ আমাক সততা, সাহস আৰু সাৰ্বজনীন প্ৰেমেৰে নৈতিক মূল্যবোধৰ সৈতে জীয়াই থাকিবলৈ শিকাইছিল। প্ৰভু যীচুৰ প্ৰকৃত শিষ্য হিচাপে তেওঁক সদায় অপৰিসীম কৃতজ্ঞতাৰে স্মৰণ কৰা হ’ব। পোপ ফ্ৰান্সিছৰ আত্মা ত্ৰিদেৱ ঈশ্বৰৰ অসীম দয়ালু প্ৰেমৰ প্ৰতি উৎসৰ্গিত।

উল্লেখযোগ্য যে ব্ৰংকাইটিছ ৰোগত আক্ৰান্ত পোপ ফ্ৰান্সিছক চলিত বৰ্ষৰ ১৪ ফেব্ৰুৱাৰীত ৰোমৰ এগোষ্টিনো গেমেলী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ১৮ ফেব্ৰুৱাৰীত চিকিৎসকে তেওঁক ডাবল নিউমোনিয়া বুলি ধৰা পেলায়। ৩৮ দিন এই চিকিৎসালয়ত থকাৰ পিছত পোপ পুনৰ কাছা চান্টা মাৰ্টালৈ উভতি যায়।

ভেটিকান নিউজে প্ৰকাশ কৰা অনুসৰি যোৱা বছৰৰ এপ্ৰিল মাহত পোপ ফ্ৰান্সিছে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে লিটাৰ্জিকেল কিতাপখনৰ আপডেট সংস্কৰণত অনুমোদন জনাইছিল। এপষ্টোলিক চেৰেমনিৰ মাষ্টাৰ আৰ্চবিশ্বপ ডিয়েগো ৰাভেলিৰ মতে পোপ ফ্ৰান্সিছে অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠান সৰল কৰিবলৈ অনুৰোধ জনাইছিল। আৰ্চবিশ্বপ ৰাভেলিয়ে কয় যে এই নবীকৃত আচাৰ-অনুষ্ঠানৰ লক্ষ্য হৈছে আৰু অধিক শক্তিশালীভাৱে এই কথাত গুৰুত্ব দিয়া যে ৰোমান পোপৰ অন্ত্যেষ্টিক্ৰিয়া এই পৃথিৱীৰ কোনো শক্তিশালী ব্যক্তিৰ নহয়, খ্ৰীষ্টৰ এজন পাদুৰী আৰু শিষ্যৰ অন্ত্যেষ্টিক্ৰিয়াহে।

এনবিচি নিউজে প্ৰকাশ কৰা অনুসৰি দেওবাৰে ইষ্টাৰ সেৱা উদযাপনৰ সময়ত ছেইণ্ট পিটাৰ বেচিলিকাৰ বেলকনিত পোপ ফ্ৰান্সিছ উপস্থিত হয়। তেওঁক চাবলৈ ভেটিকানৰ ছেইণ্ট পিটাৰ চৌহদত হাজাৰ হাজাৰ লোক সমবেত হৈছিল। পোপজন হুইল চেয়াৰত বহি আছিল। বেলকনিৰ পৰা ডেফডিল আৰু টিউলিপেৰে ভৰা চৌহদ এটাৰ ফালে চাই আছিল তেওঁ। হাত জোকাৰি সকলোকে আশীৰ্বাদ দি ক'লে, প্ৰিয় ভাই-ভনীসকল, ইষ্টাৰৰ শুভেচ্ছা থাকিল। দেওবাৰে পুৱা পোপ ফ্ৰান্সিছে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সক সাক্ষাৎ কৰিছিল। ভেটিকান চহৰৰ এগৰাকী মুখপাত্ৰৰ মতে, এই সময়ছোৱাত দুয়োজনে ইষ্টাৰৰ শুভেচ্ছা আদান-প্ৰদান কৰে। যোৱা সপ্তাহত ফ্ৰান্সিছে প্ৰব্ৰজনক লৈ ট্ৰাম্প প্ৰশাসনক ৰাজহুৱাভাৱে সমালোচনা কৰিছিল।

মন কৰিবলগীয়া যে এইবাৰ পোপ ফ্ৰান্সিছে ইষ্টাৰ ৰেলীৰ নেতৃত্ব নিদিলে। তেওঁৰ ঠাইত চেণ্ট পিটাৰ বেচিলিকাৰ অৱসৰপ্ৰাপ্ত আৰ্চপ্ৰিষ্ট কাৰ্ডিনেল এঞ্জেলো কমাষ্ট্ৰীয়ে তেওঁৰ ধৰ্মধ্বনি পাঠ কৰিলে। এই ৰেলী শেষ হোৱাৰ পিছত বজ্ৰপাতৰ দৰে হাতচাপৰিৰ মাজত সমগ্ৰ বিশ্বতে শান্তিৰ বাবে আবেদন জনায় পোপ ফ্ৰান্সিছে। তেওঁ বিশেষভাৱে গাজাৰ কথা উল্লেখ কৰিছিল। যুদ্ধবিৰতি আৰু সকলো পণবন্দীক মুকলি কৰি দিয়াৰ আহ্বান জনাইছিল। পোপে ইউক্ৰেইন, ইজৰাইল, লেবানন আৰু ছিৰিয়াৰ খ্ৰীষ্টান সম্প্ৰদায়ৰ বাবে প্ৰাৰ্থনা কৰে আৰু আৰ্মেনিয়া, আজাৰবাইজান, চুডান, দক্ষিণ চুডান, ম্যানমাৰ, চাহেল আৰু হৰ্ণ অৱ আফ্ৰিকা অঞ্চল, আৰু কংগো গণতান্ত্ৰিক গণৰাজ্যত চলি থকা সংঘাত আৰু দুখ-কষ্টৰ কথা উল্লেখ কৰে।

যোৱা সপ্তাহৰ শেষৰ ফালে পাম দেওবাৰে ছেইণ্ট পিটাৰ স্কোৱাৰত ভিৰক সম্ভাষণ জনাইছিল, আৰু পবিত্ৰ বৃহস্পতিবাৰে তেওঁ ৰোমান কাৰাগাৰ ভ্ৰমণ কৰিছিল। মাহটোৰ আৰম্ভণিতে ভেটিকানত ৰজা চাৰ্লছ আৰু ৰাণী কেমিলাৰ সৈতেও ব্যক্তিগতভাৱে সাক্ষাৎ কৰে। মাৰ্চ মাহত ফ্ৰান্সিছক চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়াৰ পিছত তেওঁৰ চিকিৎসা দলৰ মুৰব্বীয়ে কয় যে তেওঁক আৰু দুমাহ পৰ্যন্ত জিৰণি ল’ব লাগিব। ইয়াত উল্লেখ কৰাটো গুৰুত্বপূৰ্ণ যে এইবাৰ কেথলিক গীৰ্জাৰ জয়ন্তী উদযাপনত পোপ ফ্ৰান্সিছে অংশগ্ৰহণ কৰা নাছিল।

জৰ্জ মাৰিঅ’ বাৰ্গোলিঅ’ৰ পৰা পোপ হোৱাৰ যাত্ৰা-

১৯৩৬ চনৰ ১৭ ডিচেম্বৰত আৰ্জেণ্টিনাৰ ৰাজধানী বুয়েনছ আয়াৰ্ছত পোপ ফ্ৰান্সিছৰ জন্ম হৈছিল। জন্মৰ সময়ত তেওঁক জৰ্জ মাৰিঅ’ বাৰ্গোলিঅ’ নাম দিয়া হৈছিল। তেওঁৰ পিতৃ-মাতৃ ইটালীৰ পৰা অহা অনুপ্ৰৱেশকাৰী আছিল। পিতৃ মাৰিঅ’ আছিল ৰে’লৱেৰ একাউণ্টেণ্ট আৰু মাতৃ ৰেজিনা ছিভ’ৰী আছিল এগৰাকী গৃহিণী। তেওঁ কেমিকেল টেকনিচিয়ান হিচাপে স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ ভিলা ডেভ’ট’ৰ ডাইচেচন চেমিনাৰীত প্ৰৱেশ কৰি পুৰোহিতৰ পথ বাছি লৈছিল। ১৯৫৮ চনৰ ১১ মাৰ্চত তেওঁ ছ’চাইটি অৱ জিছুছত যোগদান কৰে। ইয়াৰ পিছত তেওঁ চিলিত মানৱীয় বিষয়ত অধ্যয়ন সম্পূৰ্ণ কৰে। ইয়াৰ পিছত ১৯৬৩ চনত আৰ্জেণ্টিনালৈ উভতি আহি ছান মিগুৱেলৰ কলেজিঅ’ ডি ছান জোছৰ পৰা দৰ্শনত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৬৪ চনৰ পৰা ১৯৬৫ চনলৈকে তেওঁ চান্টা ফেৰ কলেজ অৱ দ্য ইমাকুলেট কনচেপচনত সাহিত্য আৰু মনোবিজ্ঞানৰ অধ্যাপনা কৰিছিল আৰু ১৯৬৬ চনত বুয়েনছ আয়াৰ্ছৰ কলেজিঅ’ ডেল ছালভাট’ৰত একে বিষয়ৰ অধ্যাপনা কৰিছিল। ১৯৬৭-৭০ চনলৈকে তেওঁ ধৰ্মতত্ত্ব অধ্যয়ন কৰি ছান জোছৰ কলেজিঅ’ৰ পৰা ডিগ্ৰী লাভ কৰে।

১৯৬৯ চনত পুৰোহিত নিযুক্তি-

১৯৬৯ চনৰ ৩ ডিচেম্বৰত আৰ্চবিশ্বপ ৰেমন জোচে কেষ্টেলানোৱে তেওঁক পুৰোহিত হিচাপে নিযুক্তি দিয়ে। ১৯৭০ চনৰ পৰা ১৯৭১ চনৰ ভিতৰত তেওঁ স্পেইনৰ আলকালা ডি হেনাৰেছ বিশ্ববিদ্যালয়ত প্ৰশিক্ষণ অব্যাহত ৰাখে।১৯৯২ চনৰ ২০ মে'ত পোপ জন পলে তেওঁক আউকাৰ বিচপ আৰু বুয়েনছ আয়াৰ্ছৰ সহায়ক নিযুক্তি দিয়ে। ১৯৯৭ চনৰ ৩ জুনত তেওঁক বুয়েনছ আয়াৰ্ছৰ ক’ডজুটৰ আৰ্চবিশ্বপ নিযুক্তি দিয়া হয়। ১৯৯৮ চনৰ ২৮ ফেব্ৰুৱাৰীত কাৰ্ডিনেল কোৱাৰাচিনোৰ মৃত্যুৰ পিছত তেওঁ আৰ্চবিশ্বপ হয়।

২০০১ চনত কাৰ্ডিনেল হয়

তিনি বছৰৰ পাছত ২০০১ চনৰ ২১ ফেব্ৰুৱাৰীত দ্বিতীয় জন পলে তেওঁক কাৰ্ডিনেল কৰি ছান ৰবাৰ্ট বেলাৰ্মিনো উপাধি প্ৰদান কৰে। তেওঁ তেওঁৰ অনুগামীসকলক কাৰ্ডিনেল হিচাপে নিযুক্তি পোৱাৰ উদযাপন কৰিবলৈ ৰোমলৈ নাহিবলৈ কয়, বৰঞ্চ ভ্ৰমণত খৰচ কৰিবলগীয়া ধন দুখীয়া লোকক দান কৰিবলৈ কয়। মন কৰিবলগীয়া যে কাৰ্ডিনেলসকল হৈছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিচপ আৰু ভেটিকানৰ বিষয়া যিসকলক পোপে ব্যক্তিগতভাৱে নিৰ্বাচিত কৰে। তেওঁলোকৰ বিশেষ ৰঙা কাপোৰেৰে চিনি পোৱা যায়। এই কাৰ্ডিনেলসকলৰ গোটটোক কলেজ অৱ কাৰ্ডিনেলছ বুলি কোৱা হয়।

২০১৩ চনৰ ১৩ মাৰ্চত পোপ নিৰ্বাচিত হয়

২০১৩ চনৰ ফেব্ৰুৱাৰী মাহত পোপ ষোড়শ বেনেডিক্টে বাৰ্ধক্য আৰু স্বাস্থ্যজনিত সমস্যাৰ কথা উল্লেখ কৰি পোপ পদৰ পৰা পদত্যাগ কৰে। সেই বছৰৰ মাৰ্চ মাহৰ আৰম্ভণিতে পৰৱৰ্তী পোপ নিৰ্বাচনৰ বাবে এখন কনক্লেভ আহ্বান কৰা হৈছিল। ১৩ মাৰ্চত কলেজ অৱ কাৰ্ডিনেলছৰ পঞ্চম ৰাউণ্ডৰ ভোটদানৰ পিছত বাৰ্গোগ্লিঅ’ পোপ নিৰ্বাচিত হয়। ইয়াৰ পিছত তেওঁ আছিছিৰ চেণ্ট ফ্ৰান্সিছৰ সন্মানত ফ্ৰান্সিছ নামটো বাছি লয়। তেওঁক ৰোমান কেথলিক গীৰ্জাৰ ২৬৬ নং পোপ হিচাপে গণ্য কৰা হয়।

মুক্ত বজাৰৰ অৰ্থনৈতিক নীতিৰ বিৰোধিতা কৰিছিল

পোপ ফ্ৰান্সিছক একাংশই উদাৰবাদী বুলি ভাবে। তেওঁ কৈছিল যে গীৰ্জাই সমকামী লোকৰ ওচৰত ক্ষমা খুজিব লাগে। তেওঁ মুক্ত বজাৰৰ অৰ্থনৈতিক নীতিৰ বিৰোধিতা কৰিছিল। একে সময়তে তেওঁৰ বহু সিদ্ধান্তক ৰক্ষণশীল বুলি অভিহিত কৰা হৈছিল। ২০১৬ চনত ৰোমান কেথলিক বাতৰি ৱেবছাইট ক্ৰাক্সৰ সম্পাদক জন এলেন জুনিয়ৰে লিখিছিল যে ফ্ৰান্সিছও স্বীকাৰোক্তিমূলকভাৱে “ৰক্ষণশীল”। তেওঁ কয় যে পোপে এতিয়াও গীৰ্জাৰ শিক্ষাৰ চৰকাৰী সংগ্ৰহ কেটেচিজমত কমা এটাও সলনি কৰা নাই। তেওঁ মহিলা পুৰোহিতসকলক নাকচ কৰিছে, সমকামী বিবাহক নাকচ কৰিছে, গৰ্ভপাতক অপৰাধৰ ভিতৰত “আটাইতকৈ ভয়ংকৰ” বুলি অভিহিত কৰিছে আৰু আন প্ৰতিটো বিতৰ্কিত বিষয়তে নিজকে গীৰ্জাৰ বিশ্বাসী পুত্ৰ বুলি ঘোষণা কৰিছে।

মন কৰিবলগীয়া যে ২০১৩ চনত যেতিয়া তেওঁ পোপৰ পদ গ্ৰহণ কৰিছিল তেতিয়া গীৰ্জাই ভেটিলেকছ কেলেংকাৰীৰ অভিযোগৰ সন্মুখীন হ’বলগীয়া হৈছিল।

ক’লে- শিশু নিৰ্যাতন গীৰ্জাৰ উত্তৰাধিকাৰৰ ওপৰত দাগ

ভেটিকানত দুৰ্নীতি উদঙাই দিয়া গোপনীয় নথি-পত্ৰ ফাদিল হোৱাৰ পিছতে এই অভিযোগ উত্থাপন হৈছে। পোপ হিচাপে তেওঁ গীৰ্জাৰ সংস্কাৰ, দুৰ্নীতি আৰু ‘শিশু নিৰ্যাতনৰ কৰুণ উদাহৰণ’ দূৰ কৰাৰ লক্ষ্য লৈছিল। ২০২৪ চনত তেওঁ শিশু নিৰ্যাতনক গীৰ্জাৰ উত্তৰাধিকাৰৰ ওপৰত দাগ বুলি অভিহিত কৰিছিল। পোপৰ পদ খালী হোৱাৰ আনুষ্ঠানিক ঘোষণাৰ লগে লগে তেওঁৰ উত্তৰাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। ইয়াৰ বাবে ভেটিকান চহৰত কাৰ্ডিনেলৰ মাৰাথন সভা অনুষ্ঠিত হ’ব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande