ভাৰতে ওভতাই দিলে বাংলাদেশৰ মাছমৰীয়াৰ দুখন নাও
ঢাকা, ২১ এপ্ৰিল (হি.স.)। ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)য়ে বাংলাদেশী মাছমৰীয়াৰ দুখন নাও ঘূৰাই আনিছে। দেওবাৰে বিয়লি দুয়োখন দেশৰ সাতখিৰা সীমান্তৰ কালিন্দি নদীৰ শূন্য বিন্দুত নাওকেইখন গতাই দিয়ে। ইয়াৰ পিছতে ১৮ আৰু ১৯ এপ্ৰিলত সীমান্তৰক্ষী ব
মাছমৰীয়াৰ নাও


ঢাকা, ২১ এপ্ৰিল (হি.স.)। ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)য়ে বাংলাদেশী মাছমৰীয়াৰ দুখন নাও ঘূৰাই আনিছে। দেওবাৰে বিয়লি দুয়োখন দেশৰ সাতখিৰা সীমান্তৰ কালিন্দি নদীৰ শূন্য বিন্দুত নাওকেইখন গতাই দিয়ে। ইয়াৰ পিছতে ১৮ আৰু ১৯ এপ্ৰিলত সীমান্তৰক্ষী বাংলাদেশ (বিজিবি) আৰু বিএছএফৰ কেম্প কমাণ্ডাৰৰ মাজত দুটা ৰাউণ্ডৰ পতাকা বৈঠক অনুষ্ঠিত হয়।

ঢাকা ট্ৰিবিউন কাকতত প্ৰকাশিত বাতৰি অনুসৰি কালিন্দী নদীত অনুষ্ঠিত হোৱা বৈঠকত বিজিবি কইখালি কেম্পৰ কমাণ্ডাৰ সুবেদাৰ আবু বাকাৰ আৰু বিএছএফৰ শ্বামশ্বেৰনগৰ কেম্পৰ কমাণ্ডাৰে অংশগ্ৰহণ কৰে। চুবেদাৰ আবু বাকাৰে নিশ্চিত কৰে যে বি এছ এফে জাল, ৰছী, সামগ্ৰী আৰু তাত থকা সকলো ধনসহ দুখন নাও ঘূৰাই দিয়ে। দুয়োপক্ষই কঠোৰ সীমা সুৰক্ষা নিশ্চিত কৰাৰ লগতে আন্তৰিক সম্পৰ্ক বজাই ৰখাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে।

যোৱা ১৫ এপ্ৰিলত বি এছ এফৰ জোৱানে স্পীডবোটেৰে বাংলাদেশৰ ভূখণ্ডত প্ৰৱেশ কৰি বয়ৰসিং অঞ্চলত মাছ ধৰি থকা মাছমৰীয়াৰ নাও জব্দ কৰাৰ অভিযোগ উত্থাপন হৈছিল। ঘটনাৰ পিছতে শ্যামনগৰ উপজিলাৰ টেঙৰা খালী, মাণিকপুৰ আৰু শৈলখালি গাঁৱৰ আঠজন মাছমৰীয়া দুদিনত হাবিখনৰ মাজেৰে খোজকাঢ়ি ঘৰলৈ উভতি আহে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে বিজিবিয়ে আনুষ্ঠানিক প্ৰতিবাদ দাখিল কৰি বিএছএফক ফ্লেগ মিটিং (পতাকা বৈঠক)ৰ বাবে আমন্ত্ৰণ জনায়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande