চিৰাং, ২০ এপ্ৰিল (হি.স.): বিজনীৰ উত্তৰ বল্লমগুৰীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। পত্নীক শিৰচ্ছেদ কৰি ছিন্ন মুণ্ডলৈ বল্লমগুৰী আৰক্ষী চকীত উপস্থিত হয় হত্যাকাৰী স্বামী। হত্যাকাৰী স্বামীৰ নাম বৃটিছ হাজং। অৱশ্যে কি কাৰণত স্বামী বৃটিছ হাজঙে এই ভয়ংকৰ হত্যাকাণ্ড সংঘটিত কৰিলে সথিক জানিব পৰা হোৱা নাই। পত্নীৰ নাম বৈজন্তী হাজং(৫০) বূুলি জানিব পৰা গৈছে।
দা'ৰে ঘপিয়াই শিৰচ্ছেদ কৰি দা আৰু এখন মোনাত ছিন্নমুণ্ড লৈ থানাত উপস্থিত হয় হত্যাকাৰী স্বামী বৃটিছ হাজং। অতিৰিক্ত আৰক্ষী অধিক্ষক ৰশ্মিৰেখা শৰ্মা, বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰসেনজিৎ দাস ঘটনাস্থলিত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। ঘটনাৰ পিছতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাঁৱলৈ প্ৰেৰণ কৰা হৈছে। কালি নিশা হত্যাকাণ্ড হোৱা উত্তৰ বল্লমগুড়ী গাঁৱত জনশূন্য পৰিবেশ সৃষ্টি হৈছে। হত্যাকাণ্ড হোৱা উত্তৰ বল্লমগুড়ী গাওঁখনৰ ৰাইজে সাংবাদিকৰ আগতো একো মন্তব্য কৰা নাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ