নিমুচ, ১৭ এপ্ৰিল (হি.স.)। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি (বৃহস্পতিবাৰ) মধ্যপ্ৰদেশ ভ্ৰমণত আছে। তেওঁ ইয়াৰ নীমুচ জিলা সদৰৰ চি আৰ পি এফ গ্ৰুপ চেণ্টাৰত আয়োজিত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ৮৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ মোহন যাদৱো বিশেষভাৱে উপস্থিত থাকিব।
বুধবাৰে গভীৰ নিশা নীমুচত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ। মাজনিশা নীমুচত উপস্থিত হোৱাৰ লগে লগে মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহক চি আৰ পি এফ কলনীত ফুলৰ থোপা উপহাৰ দি আদৰণি জনায়। এই উপলক্ষে উপ-মুখ্যমন্ত্ৰী জগদীশ দেৱদা, জিলাখনৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী নিৰ্মলা ভুৰিয়া, আঞ্চলিক সাংসদ, স্থানীয় বিধায়ক আৰু অন্যান্য জনপ্ৰতিনিধি, উজ্জয়িনীৰ উপায়ুক্ত সঞ্জয় গুপ্তা, আই জি উমেশ যোগাৰ লগতে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জ্যেষ্ঠ প্ৰশাসনিক বিষয়া আৰু বিষয়াসকল উপস্থিত থাকে।
জনসংযোগ বিষয়া ৰাজেশ বৈনে কয় যে প্ৰতি বছৰে ১৯ মাৰ্চত চি আৰ পি এফ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। ১৯৫০ চনৰ আজিৰ দিনটোতে তদানীন্তন গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলে বাহিনীটোক পতাকা প্ৰদান কৰে। এইবাৰ বৰ্ধিত উদযাপনৰ অংশ হিচাপে এই পেৰেড অনুষ্ঠিত কৰা হৈছে। এই ক্ৰমত আজি নীমুচৰ চি আৰ পি এফ চৌহদত চি আৰ পি এফ প্ৰতিষ্ঠা দিৱস উদযাপনৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ সময়ত চি আৰ পি এফৰ আঠটা দলে পেৰেড কৰিব বুলিও তেওঁ কয়। এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী শ্বাহে বীৰত্ব পদকৰ বাবে নিৰ্বাচিত চি আৰ পি এফ জোৱানক বীৰত্বৰ পদক প্ৰদান কৰিব। ইয়াৰ পূৰ্বে তেওঁ ‘শ্বহীদ স্থান’ত বীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। শ্বহীদসকলৰ পৰিয়াল, পেৰেড কমাণ্ডাৰ আৰু জোৱানৰ সৈতেও মত বিনিময় কৰিব গৃহমন্ত্ৰীগৰাকীয়ে।
অনুষ্ঠানত কোব্ৰা, আৰ এ এফ, ভেলী, কিউ এ টি আৰু ডগ স্কোয়াডৰ দৰে ইউনিটে বিশেষ উপস্থাপন আগবঢ়াব। উল্লেখযোগ্য যে ১৯৩৯ চনৰ ২৭ জুলাইত ব্ৰিটিছ শাসনৰ সময়ত ‘ক্ৰাউন ৰিপ্ৰেজেণ্টেটিভ পুলিচ’ প্ৰতিষ্ঠা কৰা হয় যিটো স্বাধীনতাৰ পিছত ১৯৪৯ চনৰ ২৮ ডিচেম্বৰত দেশৰ প্ৰথম গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলে ৰিজাৰ্ভ পুলিচ ফৰ্চ (CRPF) নামেৰে নামাকৰণ কৰে। ৰাজকীয় ৰাষ্ট্ৰৰ সংহতিৰ পৰা আৰম্ভ কৰি আভ্যন্তৰীণ নিৰাপত্তা, বিদ্ৰোহ-সন্ত্ৰাসবাদ বিৰোধী অভিযান, আন্তঃৰাষ্ট্ৰীয় শান্তি ৰক্ষা, ভিআইপি নিৰাপত্তা আৰু দুৰ্যোগ ব্যৱস্থাপনালৈকে বহু ক্ষেত্ৰত চিআৰপিএফে শক্তিশালী ভূমিকা পালন কৰি আহিছে। আজি ই বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু সুসজ্জিত অৰ্ধসামৰিক বাহিনী।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া