- ব্ৰিকছৰ কৃষি মন্ত্ৰীসকলৰ বৈঠকত ভূমিৰ অৱক্ষয় আৰু মৰুভূমি ৰোধৰ বাবে ঘোষণা ‘ব্ৰিকছ লেণ্ড ৰেষ্টুৰেচন পাৰ্টনাৰশ্বিপ’
নতুন দিল্লী, ১৮ এপ্ৰিল (হি.স.)। ব্ৰাজিলত অনুষ্ঠিত ব্ৰিকছ দেশসমূহৰ কৃষি মন্ত্ৰীসকলৰ ১৫ সংখ্যক বৈঠকত ভাৰতে সৰ্বাংগীন, সমতাপূৰ্ণ আৰু বহনক্ষম কৃষিৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰে। কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে এই উপলক্ষে ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকৰ কল্যাণক বিশ্ব কৃষি কৌশলৰ কেন্দ্ৰবিন্দুত ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ ব্যাখ্যা কৰে যে কৃষি কেৱল ভাৰতৰ বাবে এক অৰ্থনৈতিক কাম নহয় বৰঞ্চ কোটি কোটি পৰিয়ালৰ জীৱিকা, খাদ্য আৰু মৰ্যাদাৰ উৎস। ভাৰতে কয় যে ক্ষুদ্ৰ কৃষকক সুৰক্ষা আৰু সবলীকৰণ নোহোৱালৈকে বিশ্ব খাদ্য সুৰক্ষা আৰু গ্ৰাম্য উন্নয়নৰ লক্ষ্য পূৰণ নোহোৱাকৈয়ে থাকিব।
কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে বিশ্বৰ ৫১ কোটি ক্ষুদ্ৰ কৃষক বিশ্ব খাদ্য ব্যৱস্থাৰ মেৰুদণ্ড আৰু জলবায়ু পৰিৱৰ্তন, মূল্যৰ অস্থিৰতা আৰু সম্পদৰ অভাৱৰ প্ৰতি আটাইতকৈ বেছি দুৰ্বল। এই প্ৰত্যাহ্বানসমূহৰ সৈতে যুঁজিবলৈ আমি ক্ষুদ্ৰ কৃষকসকলক অকলে এৰি দিব নোৱাৰো, তেওঁলোকক আমাৰ নীতিগত সমৰ্থনৰ প্ৰয়োজন। তেওঁ ক্লাষ্টাৰ ভিত্তিক কৃষি, কৃষক উৎপাদক সংস্থা (এফ পি অ’), সমবায় আৰ্হি আৰু প্ৰাকৃতিক কৃষিক ক্ষুদ্ৰ কৃষকসকলৰ সামূহিক সবলীকৰণ আৰু বজাৰত উন্নত প্ৰৱেশৰ ফলপ্ৰসূ উপায় হিচাপে বৰ্ণনা কৰে।
বৈঠকত ন্যায্য কৃষি বাণিজ্য, বিশ্ব মূল্যৰ অস্থিৰতা নিয়ন্ত্ৰণ আৰু ক্ষুদ্ৰ কৃষকৰ বাবে পাৰিতোষিক মূল্য নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰা হয়। চৌহানে ৰাজহুৱা খাদ্য সংৰক্ষণ ব্যৱস্থা, নূন্যতম সমৰ্থন মূল্য, আৰু ক্ষুদ্ৰ কৃষকসকলক প্ৰত্যক্ষভাৱে সংযোগ কৰা মূল্য শৃংখলক প্ৰসাৰিত কৰাৰ প্ৰয়োজনীয়তা পুনৰবাৰ উল্লেখ কৰে। তেওঁ ক’ভিড-১৯ সংকটৰ সময়ত ভাৰতৰ খাদ্য সংৰক্ষণ ক্ষমতাক উদাহৰণ হিচাপে উল্লেখ কৰে, যাৰ জৰিয়তে ৮০ কোটি নাগৰিকলৈ বিনামূলীয়া ৰেচন যোগান ধৰা হয়।
তেওঁৰ প্ৰযুক্তিগত পদক্ষেপসমূহ – ডিজিটেল কৃষি অভিযান, কৃষি-ষ্টেক, ড্ৰ’ন প্ৰযুক্তি আৰু জলবায়ু স্থিতিস্থাপক গাঁওসমূহৰ বিষয়ে ভাগ-বতৰা কৰি তেওঁ কয় যে এই উদ্ভাৱনসমূহে কৃষকৰ প্ৰসাৰ, আঁচনিৰ স্বচ্ছতা আৰু আয়ৰ যথেষ্ট উন্নতি সাধন কৰিছে। তেওঁ ‘লখপতি দিদি’ আৰু ‘ড্ৰ’ন দিদি’ৰ দৰে পদক্ষেপৰ কথা উল্লেখ কৰি গ্ৰাম্য মহিলাসকলৰ সামাজিক আৰু অৰ্থনৈতিক সবলীকৰণৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক আলোকপাত কৰে।
বৈঠকৰ সময়ত চৌহানে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে উমৈহতীয়া যুঁজৰ বাবে তেওঁলোকৰ কাৰ্যসূচী – এনএমএছএ, নিচিৰা, ৱেষ্ট টু ৱেলথ, চাৰ্কুলাৰ ইকনমি, বায়’-ফেটিলাইজাৰ আৰু ট্ৰেডিচনেল ফাৰ্মিংৰ বিষয়ে ভাগ-বতৰা কৰি সহযোগিতাক অধিক শক্তিশালী কৰাৰ আহ্বান জনায়। এই প্ৰেক্ষাপটত ব্ৰিকছৰ কৃষি মন্ত্ৰীসকলে “ব্ৰিকছ ভূমি পুনৰুদ্ধাৰ অংশীদাৰিত্ব” আৰম্ভ কৰে, যাৰ লক্ষ্য হৈছে ভূমিৰ অৱক্ষয়, মৰুভূমিকৰণ আৰু মাটিৰ উৰ্বৰতা হেৰুৱাৰ বিৰুদ্ধে যুঁজ দিয়া।
এই ঘোষণাৰ অধীনত ব্ৰিকছ দেশসমূহে বিশ্বৰ কৃষি খাদ্য ব্যৱস্থাক ন্যায়সংগত, সৰ্বাংগীন, উদ্ভাৱনীমূলক আৰু বহনক্ষম কৰি তুলিবলৈ একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰে। ইয়াত খাদ্য সুৰক্ষা, জলবায়ুৰ অভিযোজন, মহিলা আৰু যুৱক-যুৱতীসকলৰ সবলীকৰণ, বহনক্ষম মীন আৰু পশুধনৰ উন্নয়ন, মাটি আৰু ভূমি পুনৰুদ্ধাৰ, ডিজিটেল কৃষি প্ৰমাণপত্ৰ, আৰু বিশ্ব দক্ষিণৰ কৃষি অৰ্থনীতিৰ বাবে বিত্তীয় আৰু বাণিজ্যিক ব্যৱস্থাৰ প্ৰসাৰ আদিৰ ওপৰত আলোকপাত কৰা হৈছিল। ভূমিৰ অৱক্ষয় আৰু মৰুভূমি ৰোধৰ বাবে এই বৈঠকত ‘ব্ৰিকছ লেণ্ড ৰেষ্টুৰেচন পাৰ্টনাৰশ্বিপ’ (BRICS Land Restoration Partnership)ৰ কথাও ঘোষণা কৰা হয়।
চৌহানে ব্ৰিকছ দেশসমূহক ‘বিশ্ব খাদ্য ভাৰত ২০২৫’ আৰু ‘বিশ্ব অডিঅ’-ভিজুৱেল মনোৰঞ্জন সন্মিলন ২০২৫’ত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনায় যাতে উদ্ভাৱন, অংশীদাৰিত্ব আৰু বিশ্বব্যাপী সহযোগিতাৰ প্ৰসাৰৰ বাবে এক মঞ্চ হিচাপে কাম কৰে। ভাৰতৰ বৈদিক মূল্যবোধৰ কথা উল্লেখ কৰি তেওঁ নিজৰ ভাষণৰ সামৰণিত “সৰ্বে ভৱন্তু সুখিনঃ...” ৰ সৈতে কৰে আৰু কয় যে ভাৰতৰ এই দৃষ্টিভংগীয়ে কেৱল ইয়াৰ জাতীয় অগ্ৰাধিকাৰক পুনৰ দৃঢ় কৰাই নহয়, আন্তঃৰাষ্ট্ৰীয় মঞ্চত ইয়াৰ নেতৃত্বৰ ভূমিকাও শক্তিশালী কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া