অহা ১৪ মে’ত জেনেভাত নিলাম হ’ব ভাৰতৰ ৰাজকীয় হীৰা
জেনেভা, ১৫ এপ্ৰিল (হি.স.)। এসময়ত ভাৰতৰ গৌৰৱৰ বিষয় হৈ পৰা ৰজাঘৰীয়া হীৰা গোলকুণ্ডা ব্লু জেনেভাত প্ৰথমবাৰৰ বাবে নিলাম হ’বলৈ ওলাইছে। অহা ১৪ মে’ত জেনেভাত ক্ৰীষ্টিজে এই হীৰাৰ নিলাম কৰিব। ইয়াৰ মূল্য প্ৰায় ৩৬ৰ পৰা ৪৮ মিলিয়ন ডলাৰ (৩০০ৰ পৰা ৪০০ কোটি টকা)
অহা ১৪ মে’ত জেনেভাত নিলাম হ’ব ভাৰতৰ ৰাজকীয় হীৰা


জেনেভা, ১৫ এপ্ৰিল (হি.স.)। এসময়ত ভাৰতৰ গৌৰৱৰ বিষয় হৈ পৰা ৰজাঘৰীয়া হীৰা গোলকুণ্ডা ব্লু জেনেভাত প্ৰথমবাৰৰ বাবে নিলাম হ’বলৈ ওলাইছে। অহা ১৪ মে’ত জেনেভাত ক্ৰীষ্টিজে এই হীৰাৰ নিলাম কৰিব। ইয়াৰ মূল্য প্ৰায় ৩৬ৰ পৰা ৪৮ মিলিয়ন ডলাৰ (৩০০ৰ পৰা ৪০০ কোটি টকা) হ’ব বুলি অনুমান কৰা হৈছে।

ক্ৰীষ্টিজৰ এগৰাকী মুখপাত্ৰৰ মতে, এই হীৰাটো হৈছে ২৩.২৪ কেৰেটৰ উজ্জ্বল নীলা হীৰা। পেৰিছৰ এজন ডিজাইনাৰে ইয়াক আঙঠিত চেট কৰিছে। নিলামৰ বাবে জেনেভাত প্ৰস্তুতি চলোৱা হৈছে। এই হীৰাটো পূৰ্বতে ইন্দোৰৰ মহাৰাজা আৰু ভাৰতৰ বৰৰোতাৰ মালিকানাধীন আছিল। কিন্তু সময়ৰ লগে লগে কেনেবাকৈ এয়া জেনেভা পালেগৈ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande