গোলাঘাট, ১৫ এপ্ৰিল (হি.স.)। আজি ১ ব'হাগ । বোকাখাতত পহিলা ব'হাগ আমাৰ দিন উদযাপন । পূব বোকাখাত বসন্ত উৎসৱ উদযাপন সমিতিৰ উদ্যোগত অঞ্চলটোৰ বয়োজ্যেষ্ঠ ব্যক্তিক সেৱা জনায় ।
এখনি শৰাই আগবঢ়াই গছৰ তলত জ্যেষ্ঠসকলক আসনত বহোৱাই এখনি বিহুৱান জ্ঞাপন কৰি সেৱা জনাই উদ্যোক্তাসকলে । স্থানীয় শিপিনীয়ে বোৱা বিহুৱান, মহিলা সকলে ঘৰৰ পৰা লৈ অহি পিঠা পনা, জলপানেৰে উপস্থিত সকলক আপ্যায়ন কৰি একেলগে গছৰ তলত বিহু মাৰে ।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু