
শ্ৰীভূমি, ০৭ ডিচেম্বৰ (হি.স.)। শ্ৰীভূমি আৰক্ষীয়ে আন ৰাজ্যত অভিযান চলাই এগৰাকী যুৱতীক অপহৰণ কৰা ঘটনাৰ সৈতে জড়িত পাঁচটা অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰিছে। দেওবাৰে আৰক্ষীয়ে জনোৱা মতে, শ্ৰীভূমি থানাত দাখিল কৰা এফআইআৰৰ ভিত্তিত আৰক্ষীৰ এটা দলে চেন্নাই আৰু বেংগালুৰুত অভিযান চলাই অপহৰণৰ লগত জড়িত পাঁচজন অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰে।
ধৃত অপহৰণকাৰী দুজন নূৰ আহমেদ লস্কৰ, শ্বাছ দাস, সাজন আহমেদ আৰু জহিৰুল ইছলাম বুলি জানিব পৰা গৈছে। ধৃত আটাইকেইজন অভিযুক্তই কামৰ প্ৰতিশ্ৰুতিৰে যুৱতীগৰাকীক প্ৰলোভিত কৰি অনৈতিক কাম কৰিবলৈ বাধ্য কৰাই অপহৰণ কৰিছিল। পূৰ্বে দাখিল কৰা এফ আই আৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা আটাইকেইজন অভিযুক্তৰ ওপৰত আৰক্ষীয়ে তীব্ৰ জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া