
ছাফাই কৰ্মীৰ শিশুসকলৰ সাংস্কৃতিক উত্তৰণৰ দিশত আৰএছএছৰ উদ্যোগত প্ৰশংসা মন্ত্ৰী পীয়ুষ হাজৰিকাৰ
গুৱাহাটী, ০৭ ডিচেম্বৰ (হি.স.)। সংস্কৃতি, পৰম্পৰা আৰু লোক প্ৰকাশৰ মাধ্যমেৰে ভাৰতীয় সংবিধানৰ মৌলিক মূল্যবোধৰ বিষয়ে সজাগতা বিয়পাই দিয়াৰ উদ্দেশ্যেৰে গুৱাহাটীৰ ড০ হেডগেৱাৰ স্মাৰক সমিতি আৰু গুৱাহাটীৰ বাল্মিকী সংগীত বিদ্যালয়ৰ যৌথ উদ্যোগত অনুষ্ঠিত হ'ল সমতাৰ ছন্দেৰে জীৱনৰ জয় গাণ শীৰ্ষক এক বিশেষ অনুষ্ঠান ৷
ভাৰতববৰ্ষৰ সংবিধান প্ৰণেতা ড: ভীমৰাও আম্বেদকাৰৰ জন্ম জয়ন্তীৰ সতে ৰজিতা খুৱাই গুৱাহাটী মহানগৰৰ বিভিন্ন সেৱা বস্তিৰ চাফাই কৰ্মীৰ সন্তান সকলৰ দ্বাৰা তিনিদিনত চাৰি স্থানত এই অনুষ্ঠান ৰূপায়িত কৰা হয় ৷ এই কাৰ্যসূচীৰ লক্ষ্য হৈছে ভাৰতৰ চহকী সাংস্কৃতিক আৰু লোক ঐতিহ্যৰ সৈতে সম্পৰ্ক কৰি সমতা, ন্যায়, ঐক্য, সামাজিক সম্প্ৰীতি আৰু নাগৰিক দায়বদ্ধতাৰ আদৰ্শক প্ৰসাৰিত কৰা। উক্ত অনুষ্ঠানটোৰ অন্যতম আকৰ্ষণীয় দিশ আছিল গুৱাহাটীৰ বিভিন্ন প্ৰান্তত বাস কৰা চাফাই কৰ্মচাৰীসকলৰ শিশুসকলে উপস্থাপন কৰা সাংস্কৃতিক পৰিবেশন। শিশুসকলে সত্ৰীয়া নৃত্য, ভোৰতাল নৃত্যৰ দৰে ধ্ৰুপদী আৰু লোকনৃত্যৰ ৰূপ আৰু বিভিন্ন জনজাতীয় নৃত্যৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তোলে ৷
এই উপলক্ষে, আজি পুৱা ১০:৩০ বজাত ফটাচিল আমবাৰী শিশু বিদ্যালয়ত অনুষ্ঠিত পুৱা অভিনয় শিল্পী আইমী বৰুৱা, অসমৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গুৱাহাটী মহানগৰৰ সংঘচালক গুৰু প্ৰসাদ মেধি, বিভাগ কাৰ্যবাহহ দিলীপ শৰ্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ আইমী বৰুৱাই এই চাফাই কৰ্মী সকলৰ সন্তান সকলে প্ৰদৰ্শন কৰা নৃত্যত সাক্ষী গভীৰ আৱেগ প্ৰকাশ কৰি কয় যে মঞ্চত শিশুসকলে প্ৰদৰ্শন কৰা সৌন্দৰ্য্য, আত্মবিশ্বাস আৰু অনুশাসনক বিশ্বাস কৰিব নোৱাৰি। তেওঁৰ ভাষণত ডাঙৰ সপোন দেখিবলৈ আৰু ভুলৰ পৰা শিকিবলৈ আৰু কেতিয়াও ভুলৰ পুনৰাবৃত্তি নকৰিবলৈ আহ্বান জনায় ভুল যে সফলতাৰ খোজ বুলি মন্তব্য কৰে।
আনহাতে, অসমৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই সভাত ভাষণ দি ড০ বি.আৰ. আম্বেদকাৰে তেওঁৰ পুণ্যতিথি স্মৰণ কৰি মহৰ্ষি বাল্মীকি, ড° কেশৱ বলিৰাম হেডগেৱাৰ আৰু ড° আম্বেদকাৰৰ দৰে মহান ব্যক্তি সকলৰ কালজয়ী অৱদানৰ বিষয়ে প্ৰকাশ কৰি বাল্মিকীৰ দ্বাৰা ৰচিত ৰামায়ণে মানৱতাক পথ প্ৰদৰ্শন কৰি আছে বুলি উল্লেখ কৰে। তেওঁ ১৯২৫ চনত ড° হেডগেৱাৰে হিন্দু সমাজক একত্ৰিত কৰিবলৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ প্ৰতিষ্ঠা কৰিছিল আৰু পিছলৈ এই সংগঠনে জাতিটোৰ স্বাধীনতা আন্দোলনত কেনেদৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল সেই বিষয়ে মন্তব্য কৰে। তেওঁ পুনৰ উল্লেখ কৰে যে আম্বেদকাৰে প্ৰচাৰ কৰা সমতাৰ নীতিসমূহ আৰ এছ এছৰ কামত আৰু অনুসূচিত জাতি সম্প্ৰদায়ক উন্নীত কৰাৰ দিশত ইয়াৰ প্ৰচেষ্টা গভীৰভাৱে প্ৰতিফলিত হৈছে । ছাফাই কৰ্মচাৰীৰ শিশুসকলক এক মৰ্যাদাপূৰ্ণ মঞ্চ প্ৰদান কৰাৰ বাবে ডা: হেডগেৱাৰ স্মাৰক সমিতি আৰু বাল্মীকি সংগীত বিদ্যালয়ৰ এই পদক্ষেপক প্ৰশংসা কৰে ৷ ইফালে, মালিগাঁৱৰ তৰুণ ৰাম ফুকন হিন্দী হাইস্কুলত বিয়লি ৩ বজাত অনুষ্ঠিত আন এক অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰিকা, কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী আৰু আৰ এছ এছ অসম ক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰ প্ৰমুখ ড: সুনীল মহন্তৰ লগতে বহু সংখ্যক দৰ্শকৰ উপস্থিতিত দিনটোৰ দ্বিতীয় কাৰ্যসূচী অনুষ্ঠিত হয়।
সভাত ভাষণ দি মন্ত্ৰী পীযুষ হাজৰিকাই ছাফাই কৰ্মচাৰীৰ শিশুসকলৰ মাজত সাংস্কৃতিক মূল্যবোধৰ উত্তৰণৰ দিশত আৰ এছ এছৰ ধাৰাবাহিক প্ৰচেষ্টাক প্ৰশংসা কৰি কয় যে বছৰ বছৰ ধৰি এই কাৰ্যসূচী লক্ষণীয়ভাৱে বিকশিত হৈছে। তেওঁ শিশুসকলক তেওঁলোকৰ অভিনয়ক গুৱাহাটীৰ বাহিৰলৈ আৰু সমগ্ৰ অসমলৈ লৈ যাবলৈ আহ্বান জনায়। প্ৰান্তীয় পটভূমিৰ পৰা ভাৰতীয় সংবিধানৰ স্থপতি আৰু দেশৰ প্ৰথম আইন মন্ত্ৰী হোৱালৈকে ড০ আম্বেদকাৰৰ যাত্ৰাক আলোকপাত কৰি তেওঁ শিক্ষা আৰু আত্মনিৰ্ভৰশীলতাৰ পৰিৱৰ্তনশীল শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে শিশু আৰু দৰ্শকক সম্বোধন কৰি যুৱ কণ্ঠশিল্পীসকলক নিষ্ঠা আৰু অনুশাসনেৰে তেওঁলোকৰ কলাত্মক আৰু শৈক্ষিক যাত্ৰা অব্যাহত ৰাখিবলৈ আহ্বান জনায় ৷ আৰ এছ এছ অসম ক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰ প্ৰমুখ ড: সুনীল মহান্তিয়ে ভাষণত এই বছৰটো আৰ এছ এছৰ ১০০ বছৰীয়া জয়ন্তীৰ কথা উল্লেখ কৰি ড০ হেডগেৱাৰৰ সামাজিক ঐক্যৰ দৃষ্টিভংগীৰ অধীনত ১৯২৫ চনৰ পৰা ইয়াৰ যাত্ৰা আৰম্ভ কৰে বুলি সদৰি কৰি তেওঁ আম্বেদকাৰ আৰু আৰ এছ এছৰ স্বয়ংসেৱকৰ মাজত হোৱা ঐতিহাসিক পাৰস্পৰিক সম্পৰ্কক স্মৰণ কৰি আৰ এছ এছ আৰু ড° আম্বেদকাৰৰ মাজত থকা অবিৰত মতাদৰ্শৰ বিষয়ে উল্লেখ কৰে । মহান্তিয়ে, আম্বেদকাৰৰ দেশৰ প্ৰতি অৱদান, ব্যক্তিগত ত্যাগ আৰু ভাৰতৰ প্ৰতি অটল দায়বদ্ধতাক আলোকপাত কৰি আম্বেদকাৰৰ জীৱনৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰিবলৈ আহ্বান জনায়।
উল্লেখ্য, ডা: হেডগেৱাৰ স্মাৰক সমিতি আৰু বাল্মীকি সংগীত বিদ্যালয়ৰ যৌথ উদ্যোগত সংবিধান প্ৰণেতা ড: ভীমৰাও আম্বেকাৰৰ জন্ম জয়ন্তী উপলক্ষে গুৱাহাটী মহানগৰৰ চাফাই কৰ্মী সকলৰ সন্তান সকলৰ দ্বাৰা ৫, ৬ আৰু ৭ ডিচেম্বৰত মুঠ চাৰি স্হানত নৃত্য, গীতৰ এক আকৰ্ষণীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছিল ৷
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী