
ৰাজ্যপাল শ্ৰী আচাৰ্যই এগৰাকী প্ৰাক্তণ সৈনিকক সাক্ষাৎ কৰি সম্বৰ্ধনা জনায়
গুৱাহাটী, ৭ ডিচেম্বৰ(হি.স.)। দেশৰ বাকী অংশৰ সৈতে অসমত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নেতৃত্বত ফ্লেগ দিৱস উদযাপন কৰা হয়।
১৯৪৯ চনৰ পৰা দেশৰ সন্মান ৰক্ষাৰ বাবে সীমান্তত সাহসেৰে যুঁজ দিয়া সেনা বাহিনীৰ তিনিটা শাখাৰ বিভিন্ন পদবীৰ জোৱান,বিষয়া সকলক ৭ ডিচেম্বৰ দিনটো সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস হিচাপে পালন কৰা হয়। এই উপলক্ষে ৰাজ্যপাল শ্ৰী আচাৰ্যই লোকভৱনত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত ভাৰতৰ জোৱান সকলৰ বীৰত্ব আৰু ত্যাগৰ প্ৰতি তেওঁৰ চহকী শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
সৈনিকৰ সাহসে জাতিটোক অনুপ্ৰাণিত কৰে, তেওঁলোকৰ ত্যাগে সকলো নাগৰিকক নম্ৰ কৰে, আৰু তেওঁলোকৰ নিষ্ঠাই দেশৰ সুৰক্ষা নিশ্চিত কৰে।
প্ৰবীণ সৈনিক আৰু তেওঁলোকৰ পৰিয়ালৰ কল্যাণৰ প্ৰতি অসমৰ দায়বদ্ধতাক পুনৰ দৃঢ়তাৰে ৰাজ্যপাল গৰাকীয়ে উল্লেখ কৰে যে ৰাজ্য খনত প্ৰায় ৪১,৯৬৮ জন প্ৰাক্তন সৈনিক, ১০,৩৬১ জন বীৰ নাৰী আছে । তেওঁ সৈনিক কল্যাণ সঞ্চালকালয় আৰু ২১ টা জিলা সৈনিক কল্যাণ কাৰ্যালয়ৰ নিৰন্তৰ প্ৰচেষ্টাক স্বীকাৰ কৰে, যিয়ে বছৰজুৰি প্ৰবীণ সমাজক সহায় কৰিবলৈ কাম কৰি আছে।
অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যপাল গৰাকীয়ে সৈনিক কল্যাণ সঞ্চালকালয়ৰ কার্যকলাপ আৰু সঞ্চালকালয়ে চলোৱা প্রাক্তন সৈনিক সমাজৰ বাবে কল্যাণমূলক পদক্ষেপসমূহ প্রদর্শন কৰি এখন দেৱাল আৰু টেবুল কেলেণ্ডাৰ প্রকাশ কৰে৷ ৰাজ্যৰ পৰা পাঁচগৰাকী প্ৰাক্তণ সৈনিকক তেওঁলোকৰ উল্লেখযোগ্য অৱদানৰ বাবে সম্বৰ্ধনা জনোৱা হয়।
৯০ বছৰ আৰু তাতকৈ অধিক বয়সৰ সশস্ত্ৰ বাহিনীৰ প্ৰবীণ সৈনিকৰ লগতে সমগ্ৰ ৰাজ্যৰ বীৰ নাৰী আৰু বীৰ মাতৃসকলক প্ৰতি বছৰে সশস্ত্ৰ বাহিনীৰ পতাকা দিৱসত জিলা প্ৰশাসন আৰু জিলা সৈনিক কল্যাণ কাৰ্যালয়ৰ দ্বাৰা তেওঁলোকৰ ঘৰত সন্মানিত কৰা হয়।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ