দৰং, ০১ এপ্ৰিল (হি.স.)। দৰং জিলাৰ ধলপুৰত আজি পুৱাই এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ৰখাই থোৱা ইটা ভৰ্তি ট্ৰাকত খুন্দা মাৰে যাত্ৰীবাহী বাছ এখনে।
লখিমপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল প্ৰাণজিৎ নামৰ যাত্ৰীবাহী বাছখন। দুৰ্ঘটনাটোত বাছখনৰ কেইবাগৰাকীও যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আঘাতপ্ৰাপ্ত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু