এই পৰ্যন্ত ম্যানমাৰত ভূমিকম্পৰ ফলত ৭০০ লোকৰ মৃত্যু
বাৰ্মা ২৯ মাৰ্চ (হি.স.)। ম্যানমাৰত শুকুৰবাৰে হোৱা ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰায় ৭০০ জন হৈছেগৈ। এতিয়ালৈকে ম্যানমাৰ চৰকাৰে ৬৯৪ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে। চৌদিশে সিঁচৰতি হৈ আছে মৃতদেহ। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি দ
ম্যানমাৰত ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত হোৱা এটা অট্টালিকাৰ দৃশ্য (উৎস ইণ্টাৰনেট মিডিয়া)


বাৰ্মা ২৯ মাৰ্চ (হি.স.)। ম্যানমাৰত শুকুৰবাৰে হোৱা ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰায় ৭০০ জন হৈছেগৈ। এতিয়ালৈকে ম্যানমাৰ চৰকাৰে ৬৯৪ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে। চৌদিশে সিঁচৰতি হৈ আছে মৃতদেহ।

আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি দহ কিলোমিটাৰ গভীৰতাত সংঘটিত হৈছে এই ভূমিকম্প। ভূমিকম্পৰ কেন্দ্ৰবিন্দু মণ্ডলয় চহৰৰ পৰা প্ৰায় ১৭.২ কিলোমিটাৰ দূৰত্বত থকা বুলি জানিব পৰা গৈছে। চীনৰ সংবাদ সংস্থা ছিনহুয়াৰ তথ্য অনুসৰি ম্যানমাৰত এই পৰ্যন্ত ৬৯৪ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে। ধ্বংসাৱশেষ ধাৰাবাহিকভাৱে আঁতৰোৱা হৈছে। ইফালে, ম্যানমাৰৰ সীমান্তৱৰ্তী দক্ষিণ-পশ্চিম ইউনান প্ৰদেশতো শনিবাৰে ভূমিকম্পৰ সৃষ্টি হয়। অৱশ্যে তাৰ পৰা কোনো ধৰণৰ প্ৰাণহানি বা সা-সম্পত্তি ক্ষয–ক্ষতি হোৱাৰ খবৰ নাই।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande