আজি পুৱা আফগানিস্তানত ভূমিকম্পৰ জোকাৰণি অনুভূত
কাবুল, ২৯ মাৰ্চ (হি.স.)। ম্যানমাৰৰ পাছত শনিবাৰে পুৱা আফগানিস্তানতো ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয়। ভাৰতীয় সময় অনুসৰি পুৱা ৫:১৬ বজাত অনুভূত হয় এই কম্পন। ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৪.৭ জোখা হৈছিল। অৱশ্যে আফগানিস্তানত ভূমিকম্পৰ ফলত কোনো ধৰণৰ ক্ষত
ভূমিকম্প


কাবুল, ২৯ মাৰ্চ (হি.স.)। ম্যানমাৰৰ পাছত শনিবাৰে পুৱা আফগানিস্তানতো ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয়। ভাৰতীয় সময় অনুসৰি পুৱা ৫:১৬ বজাত অনুভূত হয় এই কম্পন। ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৪.৭ জোখা হৈছিল। অৱশ্যে আফগানিস্তানত ভূমিকম্পৰ ফলত কোনো ধৰণৰ ক্ষতি বা হতাহতৰ খবৰ পোৱা নাই।

ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আফগানিস্তানত পুৱা ৫.১৬ বজাত সংঘটিত হোৱা এই ভূমিকম্পৰ গভীৰতা প্ৰায় ১৮০ কিলোমিটাৰ বুলি অনুমান কৰা হৈছে। ৰিখটাৰ স্কেলত ৪.৭ প্ৰাবল্যৰ ভূমিকম্পক মধ্যমীয়া বুলি ধৰা হয়। ইয়াৰ ফলত মৃদু কঁপনি হয় আৰু সামান্য ক্ষতি হোৱাৰ সম্ভাৱনা থাকে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande