নতুন দিল্লী, ২৯ মাৰ্চ (হি.স.)। আগন্তুক ২ বছৰৰ বাবে নেপালৰ পুৰুষ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন খেলুৱৈ ষ্টুয়াৰ্ট ল’ক নিযুক্তি দিয়া হৈছে। নেপাল ক্ৰিকেট সন্থাই এই তথ্য প্ৰদান কৰিছে। ল’ৰ পূৰ্বে মণ্টী দেশাই নেপাল দলৰ প্ৰশিক্ষক আছিল। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত তেওঁৰ কাৰ্যকালৰ অন্ত পৰে।
নেপাল ক্ৰিকেট এছ’চিয়েশ্যনৰ ছ’চিয়েল মিডিয়া একাউণ্টত এই তথ্য দি অষ্ট্ৰেলিয়াৰ প্ৰাক্তন কিংবদন্তি ষ্টুয়াৰ্ট ল’ৱে আগন্তুক দুবছৰৰ বাবে নেপালৰ পুৰুষৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ নেতৃত্ব দিব।
৫৬ বছৰীয়া ষ্টুয়াৰ্ট ল’ৱে ১৯৯৪ চনৰ পৰা ১৯৯৯ চনৰ ভিতৰত অষ্ট্ৰেলিয়ান দলটোৰ হৈ ক্ৰিকেট খেলিছিল। এখন টেষ্ট আৰু ৫৪খন এদিনীয়া খেলি ১২৯১ ৰান সংগ্ৰহ কৰি ১২টা উইকেট দখল কৰিছিল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লোৱাৰ পিছত তেওঁ প্ৰশিক্ষকৰ জগতখনত প্ৰৱেশ কৰে। তেওঁৰ প্ৰশিক্ষকৰ বহু অভিজ্ঞতা আছে। তেওঁ আমেৰিকা, শ্ৰীলংকা, বাংলাদেশ, ৱেষ্ট ইণ্ডিজ, আৰু আফগানিস্তানৰ সৈতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কাম কৰিছে। যোৱা বছৰ তেওঁৰ প্ৰশিক্ষকতাত আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৪ত আমেৰিকাৰ দলটোৱে ঐতিহাসিক প্ৰদৰ্শন আগবঢ়াইছিল।ঘৰুৱা মাটিত খেলা এই প্ৰতিযোগিতাখনত আমেৰিকাই গ্ৰুপ পৰ্যায়ত প্ৰথমখন মেচত কানাডাক পৰাস্ত কৰিছিল। ইয়াৰ পিছত পাকিস্তানৰ বিৰুদ্ধে এক ঐতিহাসিক জয় পঞ্জীয়ন হয়। ইয়াৰ লগে লগে তেওঁ ছুপাৰ এইটৰ পৰ্যায়ত উপনীত হ’বলৈ সক্ষম হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া