১০ বছৰৰ পাছত প্ৰশিক্ষক ৰেঞ্জো ফুৰলানৰ সৈতে বিচ্ছেদ জেচমিন পাওলিনীৰ
ৰোম, ০১ এপ্ৰিল (হি.স.)। ইটালীৰ টেনিছ তাৰকা জেছমিন পাওলিনিয়ে ১০ বছৰৰ পাছত প্ৰশিক্ষক ৰেঞ্জো ফুৰলানৰ পৰা বিচ্ছেদ হোৱাৰ কথা ঘোষণা কৰিছে। ২৯ বছৰীয়া পাওলিনীয়ে সোমবাৰে ইনষ্টাগ্ৰামত এই তথ্য শ্বেয়াৰ কৰে। পাওলিনীয়ে লিখিছে, ১০টা সুন্দৰ বছৰৰ পাছত ৰেঞ্জো ফু
जैस्मिन पाओलिनी


ৰোম, ০১ এপ্ৰিল (হি.স.)। ইটালীৰ টেনিছ তাৰকা জেছমিন পাওলিনিয়ে ১০ বছৰৰ পাছত প্ৰশিক্ষক ৰেঞ্জো ফুৰলানৰ পৰা বিচ্ছেদ হোৱাৰ কথা ঘোষণা কৰিছে। ২৯ বছৰীয়া পাওলিনীয়ে সোমবাৰে ইনষ্টাগ্ৰামত এই তথ্য শ্বেয়াৰ কৰে।

পাওলিনীয়ে লিখিছে, ১০টা সুন্দৰ বছৰৰ পাছত ৰেঞ্জো ফুৰলানক তেওঁৰ অৱদানৰ বাবে অন্তৰৰ পৰা ধন্যবাদ জনাইছো। তেওঁ মোৰ বাবে কৰা সকলো কামৰ বাবে মই সদায় কৃতজ্ঞ হৈ থাকিম।

ফুৰলানৰ নিৰ্দেশনাত পাওলিনীয়ে যথেষ্ট অগ্ৰগতি লাভ কৰে। ২০২৪ চনত ফ্ৰেঞ্চ অ’পেন আৰু উইম্বলডনত ৰানাৰ্ছ আপ হোৱাৰ লগতে পেৰিছ অলিম্পিকত ডাবলছত সোণৰ পদক লাভ কৰাৰ লগতে ইটালীক বিলি জিন কিং কাপ জয় কৰাত সহায় কৰে। এই তাৰকাময় প্ৰদৰ্শনৰ পিছত তেওঁ বিশ্বৰ চাৰি নম্বৰ খেলুৱৈ হিচাপে পৰিগণিত হয়। ফুৰলানে তেওঁৰ অসাধাৰণ প্ৰশিক্ষক অৱদানৰ বাবে ডব্লিউ টি এৰ বছৰৰ প্ৰশিক্ষকৰ সন্মানো লাভ কৰে।

পাওলিনীয়ে ফুৰলানৰ প্ৰতি নিজৰ অনুভৱ প্ৰকাশ কৰি কয় যে, ৰেঞ্জো মোৰ বাবে কেৱল প্ৰশিক্ষকেই নহয়, মোৰ ব্যক্তিগত বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা ব্যক্তিও। তেওঁৰ পৰা মই যি শিক্ষা লাভ কৰিছো সেয়া সদায় মোৰ লগত থাকিব। তেওঁৰ নিষ্ঠা, আবেগ আৰু মূল্যবোধৰ প্ৰতি মই অতিশয় সন্মান কৰো।

অৱশ্যে ২০২৫ চনৰ ছিজনত পাওলিনীৰ প্ৰদৰ্শন এতিয়ালৈকে ইমান আকৰ্ষণীয় হোৱা নাই। অষ্ট্ৰেলিয়ান অ’পেনৰ তৃতীয় ৰাউণ্ডত বাহিৰ হোৱাৰ লগতে মিয়ামি অ’পেনৰ ছেমিফাইনেলত এক নম্বৰ আৰিনা ছাবালেংকাৰ হাতত পৰাস্ত হয়। ২৫ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া ফ্ৰেঞ্চ অ’পেনৰ সময়ত পাওলিনীয়ে নিজৰ পূৰ্বৰ প্ৰশিক্ষক অবিহনে নিজৰ অতীতৰ সফলতা পুনৰাবৃত্তি কৰিব পাৰিবনে নাই সেয়া চাবলৈ লক্ষণীয় হ’ব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande