ৱেষ্ট ইণ্ডিজৰ টেষ্টৰ অধিনায়ক পদৰ পৰা ক্ৰেগ ব্ৰেথৱেইটৰ পদত্যাগ, টি-২০ৰ অধিনায়ক হ’ল শ্বাই হোপ
নতুন দিল্লী, ০১ এপ্ৰিল (হি.স.)। ৱেষ্ট ইণ্ডিজ টেষ্ট দলৰ অধিনায়কৰ পদৰ পৰা পদত্যাগ কৰিছে ক্ৰেগ ব্ৰেথৱেইটে। ব্ৰেথৱেইটে চাৰি বছৰ ধৰি দলটোৰ নেতৃত্ব দিছিল। একে সময়তে শ্বাই হোপক ৱেষ্ট ইণ্ডিজ টি-২০ দলৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। সোমবাৰে ক্ৰিক
क्रेग ब्रैथवेट


নতুন দিল্লী, ০১ এপ্ৰিল (হি.স.)। ৱেষ্ট ইণ্ডিজ টেষ্ট দলৰ অধিনায়কৰ পদৰ পৰা পদত্যাগ কৰিছে ক্ৰেগ ব্ৰেথৱেইটে। ব্ৰেথৱেইটে চাৰি বছৰ ধৰি দলটোৰ নেতৃত্ব দিছিল। একে সময়তে শ্বাই হোপক ৱেষ্ট ইণ্ডিজ টি-২০ দলৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। সোমবাৰে ক্ৰিকেট ৱেষ্ট ইণ্ডিজে এই তথ্য প্ৰদান কৰে।

২০২১ চনৰ মাৰ্চ মাহত জেছন হোল্ডাৰৰ ঠাইত টেষ্ট দলৰ অধিনায়ক হিচাপে নিযুক্তি লাভ কৰিছিল ৩২ বছৰীয়া ব্ৰেথৱেইটে। আনহাতে, ইতিমধ্যে এদিনীয়া দলৰ অধিনায়ক শ্বাই হোপে এতিয়া ৰভমেন পাৱেলৰ ঠাইত টি-২০ দলৰ নেতৃত্ব দিব । ২০২৩ চনৰ মে’ মাহৰ পৰা টি-২০ দলটোৰ অধিনায়কত্ব কৰি আহিছিল পাৱেলে। দলটোৰ বিকাশ আৰু ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ কথা মনত ৰাখি চিডব্লিউআইৰ মুখ্য প্ৰশিক্ষক ডেৰেন ছেমীয়ে ব’ৰ্ডৰ এক্স (পূৰ্বৰ টুইটাৰ) একাউণ্টত প্ৰকাশ কৰা এক বিবৃতিত কয় যে, ‘দলটোৰ বিকাশ আৰু ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ কথা মনত ৰাখি শ্বাই হোপক অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।

ব্ৰেথৱেইটৰ নেতৃত্বত ঐতিহাসিক জয়

ব্ৰেথৱেইটৰ অধিনায়কত্বৰ অধীনত ৱেষ্ট ইণ্ডিজে বহু ঐতিহাসিক জয়ৰ ৰেকৰ্ড গঢ়িছিল। যোৱা বছৰ তেওঁ ব্রিজবেনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২৭ বছৰৰ ভিতৰত প্ৰথমটো টেষ্ট জয়ৰ নেতৃত্ব দিছিল। সেই বছৰতে পাকিস্তানৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ভাৰতে এক ঐতিহাসিক জয় অৰ্জন কৰি শৃংখলাৰ সমতা স্থাপন কৰে, যিটো ৩৪ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে সংঘটিত হয়।

তেওঁৰ অধিনায়কত্বৰ ভিতৰত ২০২২ চনত ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাত জয়লাভ কৰাৰ বিপৰীতে ২০২১ চনত ক’ভিড-১৯ মহামাৰীৰ সময়ত বাংলাদেশৰ বিৰুদ্ধে ২–০ ব্য়ৱধানত টেষ্ট শৃংখলাত জয়লাভ কৰিছিল।

অধিনায়কত্ব এৰাৰ কাৰণ

চিডব্লিউআইয়ে এক বিবৃতিত কয় যে ব্ৰাথৱেইটে তেওঁৰ বিদায়ৰ পূৰ্বে দলটোক পৰিৱৰ্তনৰ বাবে পৰ্যাপ্ত সময় দিব বিচাৰিছিল আৰু সেয়েহে তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাৰ পূৰ্বে পদত্যাগ কৰিছে যাতে নতুন নেতৃত্বৰ দলটোক নিজকে প্ৰতিষ্ঠা কৰাৰ সুযোগ দিয়া হয়।

ব্ৰেথৱেইটে এতিয়ালৈকে ৯৮খন টেষ্ট মেচ খেলিছে আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আগন্তুক শৃংখলা তেওঁৰ বাবে বিশেষ হ’ব কাৰণ তেওঁ ১০০ সংখ্যক টেষ্ট সম্পূৰ্ণ কৰাৰ ওচৰ চাপিছে।

চি ডব্লিউ আইয়ে কয় যে ক্ৰেইগ ব্ৰেথৱেইটৰ অৱদান আৰু নেতৃত্বৰ দক্ষতাৰ বাবে আমি কৃতজ্ঞ। অতি সোনকালে এজন নতুন টেষ্ট অধিনায়ক ঘোষণা কৰা হ’ব।

ৱেষ্ট ইণ্ডিজৰ আগন্তুক সূচী

জুন-জুলাই মাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলা খেলিব, য’ত আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউটিচি)ৰ নতুন চক্ৰ আৰম্ভ হ’ব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande