আই পি এল ২০২৫: মুম্বাই ইণ্ডিয়ানছৰ প্ৰথম জয় পঞ্জীয়ন, কে কে আৰক ৮ উইকেটত পৰাজিত
মুম্বাই, ৩১ মাৰ্চ (হি.স.)। ২০২৫ চনৰ আই পি এলত প্ৰথমটো জয় পঞ্জীয়ন কৰিছে মুম্বাই ইণ্ডিয়ানছে। ৱানখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত ছিজনৰ প্ৰথমখন খেলত মুম্বাইয়ে কলকাতা নাইট ৰাইডাৰ্ছক ৮ উইকেটত পৰাস্ত কৰে। ১১৭ ৰানৰ লক্ষ্যৰ পিছত খেদি মুম্বাইয়ে ৰিয়ান ৰিকলটনৰ অ
মুম্বাই ইণ্ডিয়ানছ–কেকেআৰ


মুম্বাই, ৩১ মাৰ্চ (হি.স.)। ২০২৫ চনৰ আই পি এলত প্ৰথমটো জয় পঞ্জীয়ন কৰিছে মুম্বাই ইণ্ডিয়ানছে। ৱানখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত ছিজনৰ প্ৰথমখন খেলত মুম্বাইয়ে কলকাতা নাইট ৰাইডাৰ্ছক ৮ উইকেটত পৰাস্ত কৰে। ১১৭ ৰানৰ লক্ষ্যৰ পিছত খেদি মুম্বাইয়ে ৰিয়ান ৰিকলটনৰ অপৰাজিত অৰ্ধশতকৰ সহায়ত ৪৩টা বল বাকী থকা অৱস্থাত জয়লাভ কৰে।

কলকাতাৰ নিৰ্ধাৰিত ১১৭ ৰানৰ লক্ষ্য খেদি মুম্বাই ইণ্ডিয়ানছৰ হৈ ইনিংছ আৰম্ভ কৰে ৰোহিত শৰ্মা আৰু ৰিয়ান ৰিকেলটনে। দুয়োজনে প্ৰথম উইকেটত ৪৬ ৰান সংযোজন কৰে। ৰোহিত ১৩ ৰান সংগ্ৰহ কৰি আন্দ্ৰে ৰাছেলে আউট কৰে। ইয়াৰ পিছতে উইল জেকছ আৰু ৰিকেলটনে ৪৫ ৰান সংযোজন কৰি দলটোক শক্তিশালী স্থানত ৰাখিলে। ১৬ ৰান সংগ্ৰহ কৰি ৰাছেলৰ দ্বিতীয় ভুক্তভোগী হৈ পৰে জেক। পিছত সূৰ্যকুমাৰ যাদৱে আগ্ৰাসী বেটিং কৰি ৯টা বলত ২৭ ৰান (৩ চাৰি, ২ ছয়) সংগ্ৰহ কৰি মুম্বাইক সহজ জয় প্ৰদান কৰে।

ইয়াৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছৰ বলাৰসকলে কেকেআৰক মাত্ৰ ১১৬ ৰানত বাণ্ডিল আউট কৰিছিল। অভিষেক অশ্বনী কুমাৰ আৰু অভিজ্ঞ দীপক চহৰে চোকা বলিং কৰে। টছত জয়ী হৈ মুম্বাইৰ অধিনায়কে প্ৰথমে বল কৰাৰ সিদ্ধান্ত লয়, যিটো বলাৰসকলে সঠিক বুলি প্ৰমাণ কৰিলে। পাৱাৰ প্লে’ত নিজেই পেভিলিয়নলৈ উভতি আহিল কেকেআৰৰ শীৰ্ষ ৪ জন বেটছমেন। সমগ্ৰ দলটোৱে ১৭ অভাৰত ১১৬ ৰান সংগ্ৰহ কৰি আউট হৈছিল। অশ্বিনী কুমাৰে ৪টা উইকেট দখল কৰি উজ্জ্বল অভিষেক ঘটায়।

কলকাতাৰ হৈ অংকৃশ ৰঘুবংশীয়ে সৰ্বাধিক ২৬ ৰান সংগ্ৰহ কৰে। ইয়াৰ উপৰিও ৰমনদীপ সিঙে ২২ ৰান, মনীষ পাণ্ডেই ১৯ ৰান আৰু ৰিংকু সিঙে ১৭ ৰান আগবঢ়ায়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande