নতুন দিল্লী, ২৯ মাৰ্চ (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শনিবাৰে চৈত্ৰ শুক্লাদী, উগাদী, গুডী পড়ৱা, চেতি চান্দ, নৱৰেহ আৰু সাজিবু চেৰোবাৰ প্ৰাকক্ষণত সমূহ দেশবাসীলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে ।
শুভেচ্ছা বাৰ্তাত ৰাষ্ট্ৰপতি মুৰ্মুৱে কয়, “চৈত্ৰ শুক্লাদী, উগাদি, গুডী পড়ৱা, চেতী চান্দ, নৱৰেহ আৰু ছাজিবু চেৰোবাৰ শুভক্ষণত মোৰ সকলো সহ নাগৰিকলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো।”
তেওঁ কয় যে বসন্তৰ আগমনৰ লগে লগে পালন কৰা এই উৎসৱসমূহ ভাৰতীয় নৱবৰ্ষৰ আৰম্ভণিৰ প্ৰতীক। এই উৎসৱসমূহে ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্যক প্ৰতিফলিত কৰে। এই উৎসৱবোৰে সামাজিক ঐক্য আৰু পাৰস্পৰিক সম্পৰ্কক এক নতুন মাত্ৰা প্ৰদান কৰে। এই উৎসৱবোৰত আমি নতুন শস্যৰ আনন্দ উদযাপন কৰি প্ৰকৃতিৰ প্ৰতি আমাৰ কৃতজ্ঞতা প্ৰকাশ কৰোঁ।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, “এই সকলোবোৰ উৎসৱে আমাৰ সমাজত সমন্বয় আৰু ঐক্যৰ মনোভাৱ শক্তিশালী কৰক আৰু আমি একেলগে নতুন শক্তিৰে দেশৰ উন্নয়নত অৰিহণা যোগাওঁ বুলি কামনা কৰিছো।”
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া