জম্মু, ০১ এপ্ৰিল (হি.স.)। জম্মু-কাশ্মীৰৰ কাঠুৱা জিলাত সোমবাৰে নিশা তালাচী অভিযানৰ সময়ত উগ্ৰপন্থীৰ গুলীচালনাৰ বলি হয় এটা আৰক্ষীৰ দল। এজন বিষয়াই জনোৱা মতে, ৰামকোট বেল্টৰ পঞ্চতীৰ্থী অঞ্চলত এতিয়াও এই অভিযান চলি আছে। যোৱা আঠ দিনত এয়া তৃতীয়টো এনেধৰণৰ মুখামুখিৰ ঘটনা।
সূত্ৰই জনোৱা মতে, এই এনকাউণ্টাৰৰ পৰিপ্ৰেক্ষিতত বনাঞ্চলত আবদ্ধ হৈ থকা তিনিজন সন্ত্ৰাসবাদীক পলায়ন কৰিব নোৱাৰাকৈ নিশাৰ ভাগত বেৰিকেড স্থাপন কৰা হয়। আকাশী চোৰাংচোৱাগিৰি আৰু স্নিফাৰ ডগৰ সহায়ত নিৰাপত্তা বাহিনীয়ে তিনিওজনৰ সন্ধান তীব্ৰতৰ কৰি তুলিছে। এই অনুসন্ধান এলেকাত ৰাজবাগ অঞ্চলৰ ৰুই, জুথানা, ঘাটি আৰু সানয়ালৰ বনাঞ্চল আৰু বিল্লাৱাৰৰ কিছু অংশ।
ইয়াৰ পূৰ্বে দেওবাৰে নিশা ৰুই গাঁৱৰ শংকৰৰ ঘৰত ক’লা কাপোৰ পিন্ধি বেগ লৈ তিনিজন লোক প্ৰৱেশ কৰি অকলশৰীয়া বৃদ্ধাগৰাকীৰ পৰা পানী বিচাৰিছিল। পলায়ন কৰা উগ্ৰপন্থীৰ সন্দেহজনক গতিবিধিৰ নতুন খবৰ পোৱাৰ পিছতে নিৰাপত্তা বাহিনীয়ে ৬ জন লোকক আটক কৰিছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে।
কাঠুৱাৰ সান্যাল অঞ্চলৰ বনাঞ্চলত ২৭ মাৰ্চত সংঘটিত হোৱা এই এনকাউণ্টাৰত দুজন উগ্ৰপন্থী নিহত হোৱাৰ লগতে চাৰিজন আৰক্ষী শ্বহীদ হোৱাৰ বিপৰীতে এজন উপ-আৰক্ষী অধীক্ষককে ধৰি আন তিনিজন লোক আহত হয়।
ইফালে নিৰাপত্তা বাহিনীয়ে আটক কৰিছে ৬ জন লোকক। নিৰাপত্তা সংস্থাই জনোৱা মতে, আটক কৰা ছয়জন লোকে হয়তো পলায়ন কৰা সন্ত্ৰাসবাদীক খাদ্য, বাসস্থান আৰু পথ প্ৰদৰ্শন কৰিছিল। এই ছয়জনেই মহম্মদ লতিফৰ পৰিয়ালৰ যি এজন অভাৰগ্ৰাউণ্ড কৰ্মী আৰু বৰ্তমান জনসাধাৰণৰ সুৰক্ষা আইনৰ অধীনত জেলত আছে। যোৱা বছৰ সেনাৰ ট্ৰাকত আক্ৰমণৰ সময়ত মালহাৰত সন্ত্ৰাসবাদীক সহায় কৰাৰ অভিযোগত কাৰাগাৰত আছে লতিফ। সেই আক্ৰমণত ছয়জন জোৱান শ্বহীদ হৈছিল।
আৰক্ষী উপ-মহাপৰিদৰ্শক শিৱ কুমাৰ শৰ্মাই কয় যে শেষৰজন সন্ত্ৰাসবাদী নিহত নোহোৱালৈকে এই অভিযান অব্যাহত থাকিব। তেওঁ সীমান্তৰ সমীপত বসবাস কৰা লোকসকলক যিকোনো সন্দেহজনক কাৰ্যকলাপৰ খবৰ দিবলৈ আহ্বান জনাইছে্।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া