- ২৪ কেৰেটৰ সোণৰ ক্ৰছ ৯২ হাজাৰ, ২২ কেৰেটৰ সোণৰো ব্যৱসায় হৈছে ৮৪ হাজাৰৰ ওপৰত
নতুন দিল্লী, ০১ এপ্ৰিল (হি.স.)। আজি ঘৰুৱা অলংকাৰ বজাৰত সোণৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পাইছে। অৱশ্যে ৰূপৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই। আজি প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৬৭০ টকাৰ পৰা ৭৩০ টকালৈ বৃদ্ধি পাইছে। এই বৃদ্ধিৰ বাবেই দিল্লীকে ধৰি বহু চহৰত প্ৰথমবাৰৰ বাবে ২৪ কেৰেটৰ সোণে ৯২ হাজাৰ টকাৰ স্তৰ অতিক্ৰম কৰিছে। একে সময়তে ২২ কেৰেটৰ সোণৰো ব্যৱসায় হৈছে ৮৪ হাজাৰ টকাৰ স্তৰৰ ওপৰত।
আজি দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰতে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯১,৯২০ টকাৰ পৰা ৯২,০৭০ টকাৰ ভিতৰত ব্যৱসায় কৰা হৈছে। একেদৰে আজি ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৮৪,২৬০ টকাৰ পৰা ৮৪,৪১০ টকাৰ ভিতৰত বিক্ৰী হৈছে। আনহাতে, ৰূপৰ মূল্যৰ কোনো পৰিৱৰ্তন নোহোৱাৰ বাবে এই চিকচিকিয়া ধাতু আজিও দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কেজি ১,০৩,৯০০ টকাৰ স্তৰত ব্যৱসায় কৰি আছে।
দেশৰ ৰাজধানী দিল্লীত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯২,০৭০ টকা হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮৪,৪১০ টকা। আনহাতে দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯১,৯২০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৮৪,২৬০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ৯১,৯৭০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮৪,৩১০ টকা। এই বৃহৎ চহৰসমূহৰ উপৰিও আজি চেন্নাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯১,৯২০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৮৪,২৬০ টকাত বিক্ৰী হৈছে। একেদৰে কলকাতাতো ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯১,৯২০ টকা আৰু ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮৪,২৬০ টকা।
আজি লক্ষ্ণৌৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯২,০৭০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৮৪,৪১০ টকাৰ স্তৰত বিক্ৰী হৈছে। আনহাতে পাটনাত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯১,৯৭০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮৪,৩১০ টকা। একেদৰে জয়পুৰতো ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯২,০৭০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৮৪,৪১০ টকাত বিক্ৰী হৈছে।
দেশৰ আন ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ অলংকাৰ বজাৰতো সোণৰ মূল্য বৃদ্ধি পাইছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত আজি প্ৰতি ১০ গ্ৰামত ২৪ কেৰেটৰ সোণৰ মূল্য ৯১,৯২০ টকা। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৮৪,২৬০ টকাৰ মাত্ৰাত বিক্ৰী কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া