ভূপাল, ০১ এপ্ৰিল (হি.স.)। কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধীয়ে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি সন্দৰ্ভত উত্থাপন কৰা প্ৰশ্নৰ প্ৰতি সঁহাৰি জনাইছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে। তেওঁ ছোনিয়া গান্ধীৰ মতামতক তেওঁৰ সীমিত জ্ঞানৰ ফল বুলি বৰ্ণনা কৰে। তেওঁ কৈছে যে ছোনিয়া গান্ধীৰ এই দুৰ্ভাগ্যজনক চিন্তা তেওঁৰ বাবেও ভাল নহয়, তেওঁৰ দলৰ বাবেও ভাল নহয়, ইয়াৰ বাবে তেওঁ তৎক্ষণাত ক্ষমা খুজিব লাগে।
সোমবাৰে গভীৰ নিশা ছ’চিয়েল মিডিয়াত মুখ্যমন্ত্ৰী ড০ যাদৱে কয় যে ছোনিয়া গান্ধীয়ে দেশৰ শিক্ষা ব্যৱস্থাৰ প্ৰতি থকা মতামত তেওঁৰ সীমিত জ্ঞানৰ ফল। কংগ্ৰেছ চৰকাৰৰ সময়ত যিবোৰ শিক্ষা নীতিৰ সৃষ্টি হৈছিল সেইবোৰ আছিল লৰ্ড মেক’লেৰ শিক্ষা ব্যৱস্থাৰ আন এক ৰূপ যিয়ে দেশখনক শিপাৰ পৰা বিচ্ছিন্ন কৰি আমাৰ মহান ব্যক্তিসকলক অপমান কৰিছিল আৰু বিদেশী আক্ৰমণকাৰীক মহিমামণ্ডিত কৰিছিল। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ২০২০ চনত অহা নতুন শিক্ষা নীতি ৰূপায়ণ কৰা মধ্যপ্ৰদেশেই প্ৰথমখন ৰাজ্য। মুখ্যমন্ত্ৰী হোৱাৰ পিছত ৫৫খন জিলাৰ আটাইকেইখনতে পি এম এক্সেলেন্স কলেজ খুলি ক্ৰীড়াক পাঠ্যক্ৰমৰ অংগ কৰি, সংস্কৃতি আৰু ঐতিহ্যক শিক্ষাৰ সৈতে সংযোগ কৰা হৈছিল।
দৰাচলতে এখন বাতৰি কাকতৰ লেখাৰ জৰিয়তে নতুন শিক্ষানীতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ছোনিয়া গান্ধীয়ে। তেওঁ লিখিছে যে কেন্দ্ৰীয় চৰকাৰ শিক্ষাৰ ক্ষেত্ৰত নিজৰ মূল এজেণ্ডা তিনিটাহে ৰূপায়ণত ব্যস্ত। এই এজেণ্ডাসমূহ হ’ল কেন্দ্ৰীকৰণ, বাণিজ্যিকীকৰণ আৰু সাম্প্ৰদায়িককৰণ। ইয়াৰ ফলত শিক্ষাৰ ক্ষেত্ৰত বিপৰ্যয়জনক পৰিণতি হ’ব। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ যাদৱে এই লেখাটোৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ছোনিয়া গান্ধীক প্ৰত্যুত্তৰ দিছে। ড° যাদৱে ছোনিয়া গান্ধীৰ এই লেখাটোক তীব্ৰ গৰিহণা দিছে। মুখ্যমন্ত্রীয়ে কয় যে হয়তো তেওঁ এই নীতি সঠিকভাৱে পঢ়া নাছিল৷ আমি আমাৰ অতীতক লৈ গৌৰৱ কৰা উচিত। কোনোবাই যদি অতিৰঞ্জিত কৰি সাম্প্ৰদায়িকভাৱে কথা কয়, তেন্তে তেওঁ আচলতে সাম্প্ৰদায়িক। যদি আমি শিৱাজী মহাৰাজক আকবৰ বা ঔৰংজেবৰ লগত তুলনা কৰো তেন্তে আমাৰ শিপা শিৱাজীৰ লগত সংযুক্ত হোৱা উচিত। আমাৰ দেশৰ নাগৰিকৰ প্ৰতি আমাৰ অনুভূতি থাকিব লাগে।
মুখ্যমন্ত্রীয়ে কয় যে আমি দেশত ৰহিম আৰু ৰাছখানৰ দৰে কবিসকলক সন্মান কৰো কাৰণ তেওঁলোক ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি নিষ্ঠাবান আছিল। কিন্তু কিছুমান শাসকৰ বিশেষকৈ ইংৰাজৰ ভাৰতৰ প্ৰতি কোনো অনুকম্পা নাছিল। শিক্ষা ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে শিক্ষাৰ জৰিয়তে আত্মনিৰ্ভৰশীলতা আৰু সাংস্কৃতিক মূল্যবোধক প্ৰসাৰিত কৰিব লাগে। আমি আমাৰ সংস্কৃতিক লৈ গৌৰৱ কৰি ভৱিষ্যতৰ দিশত আগবাঢ়িব লাগে। অতীতত আমাৰ দেশক দাসত্ব কৰি ৰখা সেই সকলোবোৰ বস্তুৰ পৰা আমি আঁতৰি যাব লাগিব। এই প্ৰচেষ্টাসমূহ ৰাষ্ট্ৰীয় শিক্ষা নীতিত অন্তৰ্ভুক্ত কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া