প্ৰতিযোগিতাখনত আমাৰ এটা ডাঙৰ অভিজ্ঞতা আছিল: পূজা মালিক
ৰাঁচী, ২৯ মাৰ্চ (হি.স.)। ৰাষ্ট্ৰীয় মহিলা হকী লীগ ২০২৪-২৫ৰ চূড়ান্ত খিতাপ দখল কৰা হকী হাৰিয়ানাৰ অধিনায়ক পূজা মালিকে প্ৰতিযোগিতাখনৰ দলটোৰ অভিজ্ঞতাৰ বিষয়ে ব্যক্ত কৰে। তেওঁ কয় যে প্ৰতিযোগিতাখনত আমাৰ অভিজ্ঞতা বহুত ভাল আছিল। আমি শেষলৈকে যুঁজি ফাইনেলত
हॉकी हरियाणा


ৰাঁচী, ২৯ মাৰ্চ (হি.স.)। ৰাষ্ট্ৰীয় মহিলা হকী লীগ ২০২৪-২৫ৰ চূড়ান্ত খিতাপ দখল কৰা হকী হাৰিয়ানাৰ অধিনায়ক পূজা মালিকে প্ৰতিযোগিতাখনৰ দলটোৰ অভিজ্ঞতাৰ বিষয়ে ব্যক্ত কৰে। তেওঁ কয় যে প্ৰতিযোগিতাখনত আমাৰ অভিজ্ঞতা বহুত ভাল আছিল। আমি শেষলৈকে যুঁজি ফাইনেলত জয়ী হৈছিলো।

ঝাৰখণ্ডৰ ৰাঞ্চিৰ মৰাং গোমকে জয়পাল সিং মুণ্ডা এষ্ট্ৰ’ টাৰ্ফত ঘনিষ্ঠ মেচত হকী এছ’চিয়েশ্যন অৱ ওড়িশাক ৩-২ গ’লত পৰাস্ত কৰি ৰাষ্ট্ৰীয় মহিলা হকী লীগ ২০২৪-২৫ (চূড়ান্ত পৰ্যায়)ৰ খিতাপ অৰ্জন কৰে হকী হাৰিয়ানাই। চাৰিটা জয়, দুটা পৰাজয় আৰু এটা শ্বুটআউট জয়ৰ সৈতে হকী হাৰিয়ানাই ৭খন খেলৰ পৰা ১৫ পইণ্ট লাভ কৰি পুল পৰ্যায়ত শীৰ্ষস্থান দখল কৰে। হকী এছ’চিয়েশ্যন অৱ ওড়িশাও একে সংখ্যক পইণ্ট লাভ কৰে। অৱশ্যে হকী হাৰিয়ানাত গ’লৰ পাৰ্থক্য ভাল আছিল। ফাইনেলত হকী এছ’চিয়েশ্যন অৱ ওড়িশাৰ হৈ অহল্য লাকৰা আৰু দীপিকা বৰুৱাই গ’ল দিয়াৰ বিপৰীতে কাজলে দুটা গ’ল আৰু হকী হাৰিয়ানাৰ হৈ সবিয়ে এটা গ’ল দি জয় নিশ্চিত কৰে ৷

প্ৰতিযোগিতাখনৰ বিষয়ে কোৱাৰ সময়ত হকী হাৰিয়ানাৰ অধিনায়ক পূজা মালিকে শনিবাৰে হকী ইণ্ডিয়াই প্ৰকাশ কৰা এক বিবৃতিত কয় যে, “প্ৰতিযোগিতাত আমাৰ অভিজ্ঞতা বহুত ভাল আছিল।” আমি কিছুমান মেচত পৰাস্ত হৈছিলো যদিও শেষলৈকে যুঁজি ফাইনেলত জয়ী হৈছিলো। আমি সদায় আক্ৰমণাত্মক হকী খেলিবলৈ চেষ্টা কৰোঁ। আমি আৰম্ভণিৰে পৰাই হেঁচা সৃষ্টি কৰিব বিচাৰিছিলো যাতে আমি সন্মুখৰ পৰা আক্ৰমণ কৰিব পাৰো। প্ৰতিযোগিতাখনত আমাৰ এই কৌশল আছিল। তেওঁ কয় যে ক্ৰেডিট খেলুৱৈ আৰু তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে যায় কাৰণ আমাৰ দলৰ সংমিশ্ৰণেই আছিল এই জয়ৰ চাবিকাঠি।

হকী হাৰিয়ানাৰ মুখ্য প্ৰশিক্ষক দিলবাগ সিঙে তেওঁৰ আৱেগক প্ৰতিধ্বনিত কৰি কয়, ‘আমাৰ দলটো সদায় আক্ৰমণাত্মক হকী খেলাৰ বাবে পৰিচিত আৰু ফাইনেলতো একেই পৰিকল্পনা আছিল।মই দলটোক কৈছিলো যে মুক্তভাৱে খেলক আৰু আক্ৰমণাত্মক হকীত মনোনিৱেশ কৰক।আমি আগতেও ওড়িশাৰ মুখামুখি হৈছিলোঁ আৰু আমি জানিছিলোঁ যে তেওঁলোকে পেনাল্টি কৰ্ণাৰ ৰূপান্তৰিত কৰাত কিমান শক্তিশালী।আমাৰ দলটোৱে ফাইনেলত তেওঁলোকক ৰখাবলৈ ৰক্ষণাত্মকভাৱে উজ্জ্বল খেল খেলিছিল আৰু সেইটোৱেই আছিল গেম চেঞ্জাৰ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande