ৰাম নৱমীত দেশৰ প্ৰথমখন উলম্ব লিফ্ট পাম্বন ৰে'ল দলং উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদী
নতুন দিল্লী, ২৯ মাৰ্চ (হি স)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৬ এপ্ৰিলত ৰাম নৱমী উপলক্ষে দেশৰ প্ৰথমখন উলম্ব লিফ্ট পাম্বন ৰেলৱে দলং উদ্বোধন কৰিব। এই উলম্ব ৰেলৱে সাগৰীয় দলংখন সাগৰৰ ওপৰেৰে পাৰ হৈ তামিলনাডুৰ ৰামেশ্বৰম দ্বীপক মণ্ডপমৰ সৈতে সংযোগ কৰে।
देश के पहले वर्टिकल लिफ्ट पंबन रेलवे ब्रिज


নতুন দিল্লী, ২৯ মাৰ্চ (হি স)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৬ এপ্ৰিলত ৰাম নৱমী উপলক্ষে দেশৰ প্ৰথমখন উলম্ব লিফ্ট পাম্বন ৰেলৱে দলং উদ্বোধন কৰিব। এই উলম্ব ৰেলৱে সাগৰীয় দলংখন সাগৰৰ ওপৰেৰে পাৰ হৈ তামিলনাডুৰ ৰামেশ্বৰম দ্বীপক মণ্ডপমৰ সৈতে সংযোগ কৰে। এই দলংখন কেৱল দুটা স্থান সংযোগৰ মাধ্যম নহয়, নতুন প্ৰযুক্তি, স্বাৱলম্বী ভাৰত আৰু দ্ৰুতবেগী পৰিবহণৰ প্ৰতীক।

শনিবাৰে ৰে’ল মন্ত্ৰালয়ে এক বিবৃতিত কয় যে তামিলনাডুৰ বিশাল নীলা সাগৰত নিৰ্মিত এই ২.০৮ কিলো যেমিটাৰ দৈৰ্ঘ্যৰ দলংখন পুৰণি পাম্বন দলঙতকৈ ৩ মিটাৰ ওখ, যাতে ইয়াৰ তলৰ পৰা সৰু সৰু জাহাজসমূহ সহজে পাৰ হ’ব পাৰে। ১৮.৩ মিটাৰ দৈৰ্ঘ্যৰ ৯৯টা স্পেন ব্যৱহাৰ কৰি এই সমগ্ৰ দলংখন নিৰ্মাণ কৰা হৈছে। এই দলংখনৰ কেন্দ্ৰত ৭২.৫ মিটাৰ উলম্ব লিফ্ট স্পেন আছে, যিটো প্ৰয়োজন সাপেক্ষে বৃহৎ জাহাজৰ বাবে ১৭ মিটাৰ পৰ্যন্ত ওপৰলৈ তুলিব পাৰি।

নতুন পাম্বন দলঙৰ অনন্য লিফ্ট ব্যৱস্থাৰ জৰিয়তে বৃহৎ জাহাজকো সহজে পাৰ কৰিব পাৰে। মান্নাৰ উপসাগৰত অৱস্থিত এই দলংখনে কেৱল যাতায়তৰ সুবিধাই নহয়, ইয়াৰ ঐতিহাসিক আৰু পৌৰাণিক গুৰুত্বও আছে। আধুনিক প্ৰযুক্তিৰে নিৰ্মিত এই দলংখন ভাৰতীয় ৰে’লৱেৰ বাবে এক বৃহৎ সাফল্য, যিয়ে ভৱিষ্যতে সাগৰীয় পথৰ ওপৰত নিৰ্ভৰশীল পৰ্যটন আৰু বাণিজ্যক এক বৃহৎ উত্থান দিব।

এই দলত ৩৩৩টা পাইল আৰু ১০১টা পাইল কেপ ব্যৱহাৰ কৰি শক্তিশালী ভিত্তিৰে ডাবল ৰে'ল লাইনৰ বাবে এই দলংখন ডিজাইন কৰা হৈছে। য’ত গধুৰ সামগ্ৰীৰ ৰে’লৰ লগতে বন্দে ভাৰতৰ দৰে অতি আধুনিক অৰ্ধ তীব্ৰবেগী ৰে’ল অতি সহজে পাৰ হ’ব পাৰে। লগতে ইয়াৰ পৃষ্ঠভাগ ৫৮ বছৰ ধৰি সুৰক্ষিত কৰি ৰাখিবলৈ এক উৎকৃষ্ট সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

এই দলং নিৰ্মাণৰ সময়ত সাগৰীয় ধুমুহা, প্ৰচণ্ড বতাহ, জোৱাৰ-ভাটাৰ দৰে পৰিস্থিতিৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হৈছিল। পলিচিল’ক্সেন ৰং, ষ্টেইনলেছ ষ্টীল আৰু ফাইবাৰ ৰিইনফৰ্চড প্লাষ্টিক (এফ আৰ পি)ৰ ব্যৱহাৰে ইয়াক নিমখীয়া সাগৰৰ পানীৰ সংস্পৰ্শলৈ আহিলেও দীৰ্ঘদিন ধৰি শক্তিশালী আৰু সুদৃঢ় কৰি ৰাখিব।

ভাৰতৰ প্ৰথমখন সাগৰীয় দলং পাম্বন দলং নিৰ্মাণৰ কাম ১৯১১ চনত আৰম্ভ হৈছিল আৰু ১৯১৪ চনত যাতায়তৰ বাবে মুকলি কৰা হৈছিল। তেতিয়া ভাৰতৰ একমাত্ৰ সাগৰীয় দলং আছিল, যিখন ২০১০ চনত বান্দ্ৰা-ৱৰ্লি সাগৰীয় সংযোগ মুকলি নোহোৱালৈকে ভাৰতৰ আটাইতকৈ দীঘলীয়া সাগৰীয় দলং হৈয়েই আছিল। সেৱাৰ সময়ছোৱাত এই দলঙে বহু কঠিন পৰিস্থিতিৰ সাক্ষী হৈছিল আৰু সাহসেৰে মুখামুখি হৈছিল। ১৯৬৪ চনৰ ঘূৰ্ণীবতাহৰ ফলত এই দলংখনে ব্যাপক ক্ষতিসাধন কৰিছিল, তথাপিও ই সাগৰৰ ঢৌৰ মাজত দৃঢ়তাৰে থিয় হৈ আছিল আৰু প্ৰায় ১০৬ বছৰ ধৰি ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গিত হৈ আছিল।

একবিংশ শতিকা আৰু ভাৰতৰ পৰিৱৰ্তিত পৰিবহণৰ প্ৰয়োজনীয়তাই পুৰণি পাম্বন দলঙৰ বাবে বহু নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। এই কথা বিবেচনা কৰি আধুনিক ৰে’ল আৰু বৃহৎ সাগৰীয় জাহাজৰ প্ৰয়োজনীয়তা অনুকূল নতুন গঠনৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হ’ল। এই প্ৰয়োজন পূৰণৰ বাবে ২০১৯ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত এই নতুন দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হৈছিল। উদ্ভাৱনৰ প্ৰতি থকা আকৰ্ষণ আৰু উন্নয়নৰ অভূতপূৰ্ব গতিৰ বাবে সাগৰৰ ওপৰত এই আচৰিত নিৰ্মাণ নিৰ্মাণৰ কাম মাত্ৰ ৪ বছৰতে সম্পূৰ্ণ হ’ল।

উল্লেখযোগ্য যে পাম্বন দলং ভগৱান ৰাম আৰু ভগৱান শিৱৰ সৈতে জড়িত। এই দলংখনে মূল ভূখণ্ডৰ সৈতে সংযোগ কৰা ৰামেশ্বৰম দ্বীপটোক হিন্দু ধৰ্মত অত্যন্ত পবিত্ৰ বুলি গণ্য কৰা হয়। ইয়াত অৱস্থিত ৰামেশ্বৰম মন্দিৰটো ভগৱান শিৱৰ ১২টা জ্যোতিৰ্লিংগৰ ভিতৰত অন্যতম। বিশ্বাস কৰা হয় যে ভগৱান শ্ৰীৰাম যেতিয়া লংকা আক্ৰমণ কৰিবলৈ ওলাইছিল তেতিয়া তেওঁ এই জ্যোতিৰ্লিংগ প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াতেই ভগৱান শিৱক পূজা কৰিছিল।

পাম্বন দলঙৰ মাজেৰে যোৱা পথটো ভগৱান ৰামৰ লংকা যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে বিবেচিত হৈছে, যাৰ ফলত ধৰ্মীয়ভাৱে ইয়াক আৰু অধিক বিশেষ কৰি তোলা হৈছে। ৰামায়ণৰ মতে, ভগৱান ৰাম আৰু তেওঁৰ বান্দৰ সৈন্যই বৰ্তমানৰ পাম্বন দলঙৰ সমীপত অৱস্থিত লংকালৈ যাত্ৰা কৰিবলৈ ৰাম সেতু নিৰ্মাণ কৰিছিল। এনে পৰিস্থিতিত নতুন পাম্বন দলঙে ভক্তসকলৰ বাবে ৰামেশ্বৰম যাত্ৰা সহজ আৰু নিৰাপদ কৰি তুলিব। এই দলংখন আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে যাতে ভক্তসকলে কোনো বাধা নোহোৱাকৈ ভগৱান শিৱ আৰু ভগৱান ৰামৰ সৈতে জড়িত স্থানসমূহ ভ্ৰমণ কৰিব পাৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande