মাস্কে নিজৰ এআই ফাৰ্ম এক্সএআইক এক্সক ৩৩ বিলিয়ন ডলাৰত কৰিলে বিক্ৰী
নতুন দিল্লী, ২৯ মাৰ্চ (হি.স.)। আমেৰিকাৰ উদ্যোগপতি ইলন মাস্কে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সক নিজৰ কৃত্ৰিম বুদ্ধিমত্তা (এআই) কোম্পানী- এক্সএআইক ৩৩ বিলিয়ন ডলাৰ (প্ৰায় ২.৮২ লাখ কোটি টকা)ত বিক্ৰী কৰিছে। এই চুক্তিখন আছিল অল ষ্টক, অৰ্থাৎ নগদ ধনৰ পৰ
মাস্ক


নতুন দিল্লী, ২৯ মাৰ্চ (হি.স.)। আমেৰিকাৰ উদ্যোগপতি ইলন মাস্কে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সক নিজৰ কৃত্ৰিম বুদ্ধিমত্তা (এআই) কোম্পানী- এক্সএআইক ৩৩ বিলিয়ন ডলাৰ (প্ৰায় ২.৮২ লাখ কোটি টকা)ত বিক্ৰী কৰিছে। এই চুক্তিখন আছিল অল ষ্টক, অৰ্থাৎ নগদ ধনৰ পৰিৱৰ্তে শ্বেয়াৰ বিনিময় কৰা হৈছিল।

ইলন মাস্কে শনিবাৰে ‘এক্স’ত কয় যে এই পদক্ষেপে এক্সএআইৰ উন্নত এআই ক্ষমতা আৰু বিশেষজ্ঞতাক এক্সৰ বহল পৰিসৰৰ সৈতে সংযুক্ত কৰি অপৰিসীম সম্ভাৱনা মুকলি কৰিব। তেওঁ কয় যে এক্সএআই আৰু এক্সৰ ভৱিষ্যত আন্তঃসংলগ্ন। গতিকে আজি আমি আনুষ্ঠানিকভাৱে তথ্য, মডেল, কম্পিউটিং, বিতৰণ, আৰু প্ৰতিভাক একত্ৰিত কৰাৰ দিশত এটা পদক্ষেপ লৈছো ৷ এই চুক্তিত এক্সএআইৰ মূল্য ৮০ বিলিয়ন ডলাৰ আৰু এক্সৰ মূল্য ৩৩ বিলিয়ন ডলাৰ বুলিও তেওঁ কয়। অল ষ্টক আঁচনিৰ অধীনত এই চুক্তি কৰা হৈছে। আচলতে দুয়োটা কোম্পানী ব্যক্তিগত মালিকানাধীন, অৰ্থাৎ তেওঁলোকে নিজৰ বিত্তীয় বিৱৰণী ৰাজহুৱা কৰাটো বাধ্যতামূলক নহয়।

উল্লেখযোগ্য যে টেছলা আৰু স্পেচএক্সৰ চিইঅ’ৰ লগতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰা ইলন মাস্কে ২০২২ চনত ৪৪ বিলিয়ন ডলাৰত ছ’চিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰ ক্ৰয় কৰিছিল। তাৰ পিছত ইলন মাস্কে নিজৰ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰে আৰু একে সময়তে ঘৃণামূলক ভাষণ, ভুল তথ্য আৰু ব্যৱহাৰকাৰীৰ পৰীক্ষণৰ ওপৰত নিজৰ নীতি সলনি কৰি ইয়াৰ নাম এক্সলৈ (X) সলনি কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande