(আপডেট) সমগ্ৰ দেশতে বাণিজ্যিক এল পি জি গেছ চিলিণ্ডাৰৰ দৰ ৪৪.৫০ টকা হ্ৰাস
নতুন দিল্লী, ০১ এপ্ৰিল (হি.স.)। নতুন বিত্তীয় বৰ্ষৰ প্ৰথম দিনটোতেই দেশৰ সৰ্বসাধাৰণ লোকসকলৰ বাবে যথেষ্ট সকাহ কঢ়িয়াই আনিছে। তেল বিপণন কোম্পানীসমূহে আজি হ্ৰাস কৰিলে গেছ চিলিণ্ডাৰৰ মূল্য। সমগ্ৰ দেশতে ১৯ কেজিৰ বাণিজ্যিক এল পি জি গেছ চিলিণ্ডাৰৰ মূল্য ৪৪
सांकेतिक


নতুন দিল্লী, ০১ এপ্ৰিল (হি.স.)। নতুন বিত্তীয় বৰ্ষৰ প্ৰথম দিনটোতেই দেশৰ সৰ্বসাধাৰণ লোকসকলৰ বাবে যথেষ্ট সকাহ কঢ়িয়াই আনিছে। তেল বিপণন কোম্পানীসমূহে আজি হ্ৰাস কৰিলে গেছ চিলিণ্ডাৰৰ মূল্য। সমগ্ৰ দেশতে ১৯ কেজিৰ বাণিজ্যিক এল পি জি গেছ চিলিণ্ডাৰৰ মূল্য ৪৪.৫০ টকা হ্ৰাস কৰা হৈছে। আজিৰে পৰা কাৰ্যকৰী হৈছে নতুন মূল্য।

নতুন মূল্য় অনুসৰি এতিয়া দিল্লীত প্ৰতিটো বাণিজ্যিক এল পি জি চিলিণ্ডাৰ ১৭৬২ টকা (খুচৰা মূল্য)ত উপলব্ধ হ’ব । অৱশ্য়ে ঘৰুৱা চিলিণ্ডাৰৰ হাৰত কোনো পৰিৱৰ্তন হোৱা নাই। এই হ্ৰাসৰ পূৰ্বে দিল্লীত ১৯ কিলোগ্ৰাম ওজনৰ এটা বাণিজ্যিক এল পি জি গেছ চিলিণ্ডাৰৰ মূল্য আছিল ১৮০৩ টকা।

তেল কোম্পানীসমূহৰ এই সিদ্ধান্তই ধাবা, ৰেষ্টুৰেণ্ট, হোটেল আদি ঠাইত ৰন্ধা-বঢ়াৰ বাবে এই বাণিজ্যিক এল পি জি গেছ চিলিণ্ডাৰ ব্যৱহাৰ কৰা কোটি কোটি লোকক সকাহ দিব। এই নতুন হ্ৰাসৰ পিছত বাণিজ্যিক এল পি জি গেছ চিলিণ্ডাৰৰ মূল্য কলকাতাত ১৮৭২ টকা, মুম্বাইত ১৭১৪.৫০ টকা আৰু চেন্নাইত ১৯২৪ টকা হৈছে। গুৱাহাটীত প্ৰতিটো বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য় ১৯৫৮.৫০ টকা হৈছে।

উল্লেখযোগ্য যে তেল কোম্পানীসমূহে প্ৰতি মাহৰ প্ৰথম দিনাই এল পি জি গেছ চিলিণ্ডাৰৰ মূল্য সংশোধন কৰে।

हिन्दुस्थान समाचार / Monoj Kumar Saikia


 rajesh pande