নতুন দিল্লী, ৩১ মাৰ্চ (হি.স.)। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অহা ৮ এপ্ৰিলৰ পৰা ১০ এপ্ৰিললৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে ব্ৰিটেইন ভ্ৰমণ কৰিব। সীতাৰমনৰ এই ভ্ৰমণৰ সময়ত ভাৰত আৰু ব্ৰিটেইনৰ মাজত প্ৰস্তাৱিত মুক্ত বাণিজ্য চুক্তি (এফটিএ) আৰু দ্বিপাক্ষিক বিনিয়োগ চুক্তিৰ সৈতে জড়িত কেইবাটাও বিষয় আলোচনা হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে লণ্ডনত ভাৰত-যুক্তৰাজ্যৰ অৰ্থনৈতিক আৰু বিত্তীয় আলোচনাকে ধৰি কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰিব বিত্তমন্ত্ৰীয়ে।
সোমবাৰে চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই তিনিদিনীয়া ভ্ৰমণৰ সময়ত বিত্তমন্ত্ৰীয়ে ব্ৰিটেইনৰ ৰাজকোষৰ চ্যান্সেলৰ ৰেচেল ৰিভছ আৰু অন্যান্য ব্ৰিটিছ মন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব পাৰে। ইয়াৰ উপৰিও সীতাৰমণৰ বাণিজ্য চুক্তি আৰু দ্বিপাক্ষিক বিনিয়োগ চুক্তি (বিআইটি)ৰ সৈতে জড়িত বিষয়সমূহো দুয়োৰে মাজত আলোচনা কৰিব পাৰে। ইয়াৰ পূৰ্বে ২৪ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিয়ুষ গোৱেল আৰু ব্ৰিটেইনৰ বাণিজ্য আৰু ব্যৱসায় সচিব জনাথন ৰেইনল্ডছে দুয়োখন দেশৰ মাজত প্ৰস্তাৱিত এফটিএৰ বাবে আলোচনা পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল।
মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰত আৰু ব্ৰিটেইনৰ মাজত প্ৰস্তাৱিত মুক্ত বাণিজ্য চুক্তি (এফটিএ) আলোচনা আঠ মাহতকৈ অধিক সময়ৰ ব্যৱধানৰ পিছত পুনৰ আৰম্ভ হৈছে। ২০২২ চনৰ ১৩ জানুৱাৰীত দুয়োখন দেশৰ মাজত এই আলোচনা আৰম্ভ হৈছিল, এতিয়ালৈকে ১৪টা ৰাউণ্ডৰ আলোচনা সম্পূৰ্ণ হৈছে। ভাৰত আৰু ব্ৰিটেইনৰ মাজত দ্বিপাক্ষিক বাণিজ্য ২০২২-২৩ বিত্তীয় বৰ্ষত ২০.৩৬ বিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ২০২৩-২৪ বিত্তীয় বৰ্ষত ২১.৩৪ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাইছে। ইয়াৰ লগে লগে ব্ৰিটেইন ভাৰতৰ ষষ্ঠ বৃহত্তম বিনিয়োগকাৰী হিচাপে পৰিগণিত হৈছে। ২০০০ চনৰ এপ্ৰিলৰ পৰা ২০২৪ চনৰ ছেপ্টেম্বৰৰ ভিতৰত ভাৰতে ৩৫.৩ বিলিয়ন মাৰ্কিন ডলাৰৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগ লাভ কৰিছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া