নতুন দিল্লী, ০১ এপ্ৰিল (হি.স.)। বিশ্বৰ মূলধনী বজাৰৰ পৰা আজি দুৰ্বল সংকেত আহি আছে। পূৰ্বৰ অধিবেশনত আমেৰিকাৰ বজাৰসমূহ মিশ্ৰিত ফলাফলৰ সৈতে বন্ধ হৈছিল। আজি ডাউ জ’নছৰ ফ্যুচাৰৰ ব্যৱসায় দুৰ্বলতাৰে হোৱা দেখা গৈছে। যোৱা অধিবেশনৰ সময়ছোৱাত ইউৰোপীয় বজাৰসমূহো যথেষ্ট হ্ৰাস পাইছে। ইফালে আজি এছিয়াৰ বজাৰত মিশ্ৰিত ব্যৱসায় চলি আছে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰা অনুসৰি ২ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’বলগীয়া পাৰস্পৰিক শুল্ক বাবে বিশ্ব বজাৰত শংকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। ইয়াৰ বাবেই যোৱা অধিবেশনৰ সময়ছোৱাত আমেৰিকাৰ বজাৰত হেঁচাত ব্যৱসায় অব্যাহত আছিল। কিন্তু শেষ মুহূৰ্তত নিম্ন স্তৰৰ পৰা সামান্য আৰোগ্য লাভ কৰাৰ পিছত ৱাল ষ্ট্ৰীটৰ সূচকাংক মিশ্ৰিত ধৰণে বন্ধ হৈ পৰে। এছ এণ্ড পি ৫০০ সূচকাংক ০.৫৫ শতাংশ বৃদ্ধিৰে ৫,৬১১.৮৫ পইণ্টত বন্ধ হয়। আনহাতে, নাছডাকে পূৰ্বৰ অধিবেশনৰ ব্যৱসায় ০.১৪ শতাংশ হ্ৰাস পাই ১৭,২৯৯.২৯ পইণ্টত অন্ত পেলায় । ডাউ জ’নছ ফিউচাৰ্ছেও আজি ৪১,৮৭৫.৬৫ পইণ্টৰ স্তৰত ব্যৱসায় কৰা দেখা গৈছে আৰু ইয়াৰ দুৰ্বলতা ১২৬.১১ পইণ্ট অৰ্থাৎ ০.৩০ শতাংশ।
যোৱা অধিবেশনত ইউৰোপীয় বজাৰত অবিৰত হেঁচা আছিল। এফ টি এছ ই সূচকাংক ০.৮৯ শতাংশ হ্ৰাস পাই ৮,৫৮২.৮১ পইণ্টত বন্ধ হয়। একেদৰে চিএচি সূচকাংকই পূৰ্বৰ অধিবেশনৰ ব্যৱসায়ৰ অন্ত পেলাইছে ৭,৭৯০.৭১ পইণ্টত আৰু ১২৫.৩৭ পইণ্ট অৰ্থাৎ ১.৬১ শতাংশৰ বৃহৎ হ্ৰাস পাইছে। ইয়াৰ উপৰিও ডেক্স সূচকাংক ২৯৮.০৩ পইণ্ট অৰ্থাৎ ১.৩৪ শতাংশ হ্ৰাস পাই ২২,১৬৩.৪৯ পইণ্টত বন্ধ হয়।
আজি এছিয়াৰ বজাৰত মিশ্ৰিত ব্যৱসায় দেখা গৈছে। এছিয়াৰ ৯খন বজাৰৰ ভিতৰত ৫খন সূচকাংকই লাভৰ সৈতে সেউজীয়া ৰঙৰ ব্যৱসায় কৰি আছে, আনহাতে ৩খন সূচকাংকই লোকচানৰ সৈতে ৰঙা ৰঙৰ ব্যৱসায় কৰি আছে। একে সময়তে ইণ্ডোনেছিয়া ষ্টক এক্সচেঞ্জত ছুটীৰ বাবে জাকাৰ্টা কম্পোজিট সূচকাংকত কোনো পৰিৱৰ্তন হোৱা নাই। গিফ্ট নিফটি ০.১৪ শতাংশ দুৰ্বলতাৰে ২৩,৬০৩.৫০ পইণ্টৰ স্তৰত ব্যৱসায় কৰি আছে। একেদৰে নিকেই সূচকাংক ০.২০ শতাংশ হ্ৰাস পাই ৩৫,৫৪৬.২১ পইণ্টৰ স্তৰত উপনীত হয়। ইয়াৰ উপৰিও ষ্ট্ৰেইটছ টাইমছ সূচকাংক ০.২১ শতাংশ হ্ৰাস পাই ৩,৯৬৪.১০ পইণ্টৰ স্তৰত উপনীত হৈছে।
আনহাতে, হেং চেং সূচকাংক ২৭৯.৮০ পইণ্ট অৰ্থাৎ ১.২০ শতাংশ বৃদ্ধিৰে ২৩,৩৯৯.৩৮ পইণ্টত ব্যৱসায় কৰি আছে। একেদৰে ছেট কম্পোজিট সূচকাংক ১.০২ শতাংশ জপিয়াই ১১৭০.০৭ পইণ্টৰ স্তৰত উপনীত হয়। আজি টাইৱান ওজনযুক্ত সূচকাংকত তীব্ৰ জঁপিয়াই পৰিছে। বৰ্তমান এই সূচকাংক ৪৯৩.৬৫ পইণ্ট অৰ্থাৎ ২.৩৩ শতাংশ বৃদ্ধিৰে ২১,১৮৯.৫৫ পইণ্টৰ স্তৰত ব্যৱসায় কৰি আছে। একেদৰে কস্পি সূচকাংকই ১.৫৬ শতাংশ বৃদ্ধিৰে ২৫২০.৩২ পইণ্টৰ স্তৰত ব্যৱসায় কৰি আছে আৰু চাংহাই কম্পোজিট সূচকাংকই ০.৫৮ শতাংশ বৃদ্ধিৰে ৩৩৫৫.৩১ পইণ্টৰ স্তৰত ব্যৱসায় কৰি আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া