ভূমিকম্পত আক্ৰান্ত ম্যানমাৰৰ বাবে ভাৰতে আৰম্ভ কৰিলে ‘অপাৰেচন ব্ৰহ্মা’, ইয়াংগনত উপস্থিত সাহায্য সামগ্ৰীৰ প্ৰথম খেপ
নতুন দিল্লী, ২৯ মাৰ্চ (হি.স.)। ভাৰতে শনিবাৰে ভূমিকম্পগ্ৰস্ত ম্যানমাৰক সহায়ৰ বাবে ‘অপাৰেচন ব্ৰহ্মা’ৰ অধীনত ইয়াংগুনত ১৫ টন সাহায্য সামগ্ৰী যোগান ধৰে। ভাৰতীয় বায়ুসেনাৰ চি-১৩০জে বিমানে এই সাহায্য সামগ্ৰী লৈ শনিবাৰে ইয়াংগুনত উপস্থিত হয়। ইয়াৰ ভিতৰত
ভূমিকম্পত আক্ৰান্ত ম্যানমাৰৰ বাবে ভাৰতে আৰম্ভ কৰিলে ‘অপাৰেচন ব্ৰহ্মা’, ইয়াংগনত উপস্থিত সাহায্য সামগ্ৰীৰ প্ৰথম খেপ


নতুন দিল্লী, ২৯ মাৰ্চ (হি.স.)। ভাৰতে শনিবাৰে ভূমিকম্পগ্ৰস্ত ম্যানমাৰক সহায়ৰ বাবে ‘অপাৰেচন ব্ৰহ্মা’ৰ অধীনত ইয়াংগুনত ১৫ টন সাহায্য সামগ্ৰী যোগান ধৰে। ভাৰতীয় বায়ুসেনাৰ চি-১৩০জে বিমানে এই সাহায্য সামগ্ৰী লৈ শনিবাৰে ইয়াংগুনত উপস্থিত হয়। ইয়াৰ ভিতৰত আছে টেণ্ট, কম্বল, শোৱা বেগ, খাদ্যৰ পেকেট, হাইজিন কিট, জেনেৰেটৰ আৰু অত্যাৱশ্যকীয় ঔষধ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে এই তথ্য ভাগ-বতৰা কৰি লিখিছে, অপাৰেচন ব্ৰহ্মা - ভাৰতে কালিৰ বিধ্বংসী ভূমিকম্পত ক্ষতিগ্ৰস্ত ম্যানমাৰৰ জনসাধাৰণক সহায় কৰিবলৈ প্ৰথম সঁহাৰিদাতা হিচাপে কাম কৰে। আমাৰ প্ৰথম চালান ১৫ টন সাহায্য সামগ্ৰীৰ ভিতৰত টেণ্ট, কম্বল, শোৱা বেগ, খাদ্যৰ পেকেট, হাইজিন কিট, অত্যাৱশ্যকীয় সামগ্ৰী ঔষধ য়াংগনত অৱতৰণ কৰিছে।

তেওঁ লিখিছে যে আজি ইয়াংগনত ৰাষ্ট্ৰদূত অভয় ঠাকুৰে আনুষ্ঠানিকভাৱে ইয়াংগনৰ মুখ্যমন্ত্ৰী উ ছ’ থেইনক সাহায্য সামগ্ৰীৰ প্ৰথম চালান অৰ্পণ কৰে।

ইয়াৰ পূৰ্বে বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰে এই তথ্য ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি লিখিছে যে ভাৰতৰ পৰা মানৱীয় সাহায্যৰ প্ৰথম চালান ম্যানমাৰৰ ইয়াংগন বিমানবন্দৰত উপস্থিত হৈছে। আই এ এফৰ বিমান চি-১৩০জেৰ দ্বাৰা প্ৰেৰণ কৰা ম্যানমাৰৰ জনসাধাৰণৰ বাবে জৰুৰী মানৱীয় সাহায্যৰ প্ৰথম চালানত কম্বল, টাৰ্পলিন, হাইজিন কিট, শোৱা বেগ, সৌৰ লেম্প, খাদ্যৰ পেকেট আৰু পাকঘৰৰ চেট থাকে। বিমানখনৰ লগত আছে অনুসন্ধান আৰু উদ্ধাৰকাৰী দল আৰু চিকিৎসাৰ দল। আমি উন্নয়নসমূহ নিৰীক্ষণ কৰি যাম আৰু অধিক সহায় প্ৰেৰণ কৰা হ’ব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে টুইটাৰযোগে লিখিছে যে তেওঁ ম্যানমাৰৰ জ্যেষ্ঠ জেনেৰেল মিন আং হ্লাইঙৰ সৈতে কথা পাতিছিল। ভয়াৱহ ভূমিকম্পৰ ফলত হোৱা মৃত্যুক লৈ গভীৰ শোক প্ৰকাশ কৰে। ঘনিষ্ঠ বন্ধু আৰু প্ৰতিবেশী হিচাপে ভাৰতে এই কঠিন সময়ত ম্যানমাৰৰ জনসাধাৰণৰ সৈতে সংহতিৰে থিয় দিছে। অপাৰেচন ব্ৰহ্মৰ অধীনত ক্ষতিগ্ৰস্ত অঞ্চললৈ দুৰ্যোগ সাহায্য সামগ্ৰী, মানৱীয় সাহায্য, অনুসন্ধান আৰু উদ্ধাৰকাৰী দল দ্ৰুতগতিত প্ৰেৰণ কৰা হৈছে।

উল্লেখযোগ্য যে শুকুৰবাৰে ম্যানমাৰত ৭.৭ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল। লগতে চুবুৰীয়া ৰাষ্ট্ৰ থাইলেণ্ড কঁপাই তুলিছিল। ম্যানমাৰৰ এই ভয়াৱহ ভূমিকম্পৰ ফলত এই পৰ্যন্ত ৬৯৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৬০০ৰো অধিক লোক আহত হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande